ETV Bharat / state

দৰিদ্ৰ ৰাইজক সকাহ দিবলৈ কৰমুক্ত পঞ্চায়ত ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে : ৰণজিৎ কুমাৰ দাস - MINISTER RANJEET KUMAR DASS

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 10:44 AM IST

Minister Ranjeet Kumar Dass: চৰাইদেউত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । ঐতিহাসিক চৰাইদেউত কণজহা চাউল উৎপাদন কৰি বজাৰ দখলৰ চিন্তাৰে কৃষি বিভাগে কাম আগবঢ়াইছে বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । চৰাইদেউ জিলাৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য দাসৰ ।

Minister Ranjeet Kumar Dass review meeting in Charaideo
চৰাইদেউত মন্ত্ৰী ৰণজিৎ কুমাৰ (ETV Bharat Assam)

মৰাণ, ৩০ জুন : লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাচতে ৰাজ্যৰ উন্নয়নৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । লোকসভা নিৰ্বাচনৰ পাচত কেইটামান দিনৰ পুৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত কেবিনেট অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি মন্ত্ৰীসকলক চৰকাৰ কাম-কাজৰ আগুৱাই নিয়াৰ বাবে নিৰ্দেশ দিছে ।

লোকসভা নিৰ্বাচনৰ অধিসূচনা আঁতৰাৰ পাচতে ৰাজ্য চৰকাৰৰ কামকাজ অধিক গতিশীল কৰিবলৈ তৎপৰ হৈছে মন্ত্ৰী বিধায়কসকল । শনিবাৰে চৰাইদেউ জিলা আয়ুক্ত, বিভাগীয় বিষয়াক লগত লৈ আয়ুক্ত কাৰ্যালয়ত পৰ্যালোচনা সভাত বহিল মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।

পৰ্য়ালোচনা সভাত উপস্থিত থাকে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । চৰাইদেউ জিলাৰ পঞ্চায়ত, খাদ্য সুৰক্ষা আদি বিভাগৰ কাম-কাজৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । চৰাইদেউ জিলাত নিৰ্মীয়মাণ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহসমূহ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম সম্পূৰ্ণ কৰা প্ৰথমখন জিলা হ'ব চৰাইদেউ জিলা । এক জিলা এক উৎপাদনৰ যি প্ৰচেষ্টা তাক সফল কৰাৰ বাবে ঐতিহাসিক চৰাইদেউত কণজহা চাউল উৎপাদন কৰি বজাৰ দখলৰ চিন্তা কাম আগবঢ়াইছে কৃষি বিভাগে ।

চৰাইদেউ জিলাত কণজহা চাউল উৎপাদনৰ যথেষ্ট সম্ভাৱনা থকালৈ চাই এই ক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ বাবে কৃষি বিভাগৰ লগতে ৰাইজক আহ্বান জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পঞ্চায়তসমূহ কৰমুক্ত কৰি ৰাইজক সকাহ দিবলৈ চৰকাৰ আগবাঢ়িছে বুলিও উল্লেখ কৰে ।

ৰাজ্যৰ পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ পৰা প্ৰতিবছৰে কৰ সংগ্ৰহ কৰি ৩০ কোটি টকা সংগ্ৰহ হয় । কিন্তু বৃহৎ পৰিমাণৰ ধন চৰকাৰে লাভ কৰে যদিও এইসমূহ দৰিদ্ৰ ৰাইজৰ পৰাই যায় । কিয়নো পঞ্চায়ত আৰু জিলা পৰিষদসমূহে গ্ৰাম্য অঞ্চলৰ বজাৰ সমূহৰ পৰা সংগ্ৰহ কৰে । সেয়ে মুখ্যমন্ত্ৰীয়ে এই বিষয়টো পৰ্যালোচনা কৰিবলৈ সমিতি গঠন কৰি দিছে ।

ইতিমধ্যে ৰাজ্যৰ সকলো পঞ্চায়ত আৰু জিলা পৰিষদৰ এলেকাৰ বজাৰ হাটৰ নিবিদা বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত দুমাহেই অচল গাঁও পঞ্চায়ত - Irregularities Alleged In Panchayat

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ - AASU Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.