ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীক বৃহৎ কেলেংকাৰী আখ্যা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - Minister Ranjeet Kumar Dass

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 7:08 AM IST

Ranjeet Kumar Dass in Sorbhog : ভাৰতীয় জনতা পাৰ্টীৰ চকচকা মণ্ডল সমিতিৰ উদ্যোগত সৰভোগত দেওবাৰে অনুষ্ঠিত হয় কৃতি শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মাৰ্কশ্বিট কেলেংকাৰীক বৃহৎ কেলেংকাৰী আখ্যা মন্ত্ৰীগৰাকীৰ ৷

Minister Ranjeet Kumar Dass attends felicitation events of meritorious students in Sorbhog
কৃতি শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান (ETV Bharat Assam)

বৰপেটাৰোড, 1 জুলাই : "সৰভোগৰ বৰনগৰ অঞ্চলৰ শৈক্ষিক পৰিবেশ পূৰ্বতকৈ বহু উন্নত হৈছে ৷ তাৰ বাবে শিক্ষাগুৰু আৰু অভিভাৱকসকললৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ৷ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছো ৷"- সৰভোগত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

ভাৰতীয় জনতা পাৰ্টীৰ চকচকা মণ্ডল সমিতিৰ উদ্যোগত সৰভোগ অঞ্চলৰ পৰা এই বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত প্ৰায় 50 জন ছাত্ৰ-ছাত্ৰীয়ে ডিষ্ট্ৰিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে 3 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নীট পৰীক্ষা আৰু এগৰাকীয়ে এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ কৃতি ছাত্ৰ-ছাত্ৰীকে সম্বৰ্ধনা জনাবলৈ দেওবাৰে আয়োজন কৰা হয় এখন সম্বৰ্ধনা সভাৰ ৷ এই সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক: যোগেন মহনৰ উপস্থিতিত কৃতী শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠান - Assam HS result 2024

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সমুখত ৰাজ্যত সংঘটিত হোৱা মাৰ্কশ্বিট কেলেংকাৰীক বৃহৎ কেলেংকাৰী বুলি উল্লেখ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, "মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন শূন্য সহনশীল চৰকাৰ । সেয়ে মাৰ্কশ্বিট কেলেংকাৰীৰ সৈতে জড়িত কোনো লোক সাৰি যাব নোৱাৰে ৷’’

‘‘মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটকা এটা নিদিয়াকৈ এপিএছচিৰ চাকৰি লাভ কৰিছে ৷ তাৰোপৰি এক লাখ নিৱনুৱাই চাকৰি লাভ কৰিছে ৷ তেনেক্ষেত্ৰত এইখন চৰকাৰৰ দিনত সংঘটিত হোৱা মাৰ্কশ্বিট কেলেংকাৰীৰ দৰে গুৰুতৰ তথা দণ্ডনীয় অপৰাধৰ পৰা কোনেও সাৰি যাব নোৱাৰে ৷" তেওঁ কয় ৷

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী APSC কেলেংকাৰীৰ সমপৰ্যায়ৰ : আছু - GU Cash for marks Scam

সমগ্ৰ কাণ্ডৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী জড়িত হৈ থকা সন্দৰ্ভত সুধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, "গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই পৰিয়ালটোক দোষী সাব্যস্ত কৰাটো উচিত নহ’ব ৷ ভালৰ ভিতৰত দুই-চাৰিজন বেয়া মানুহ থাকে । সেয়ে মাৰ্কশ্বিট কেলেংকাৰীৰ লগত জড়িত কালপ্ৰিটসকলক শাস্তি দিয়া হ’ব ।"

ইপিনে ৰাজ্যত নতুনকৈ আৰু দহ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ যিসকলে ৰেচন কাৰ্ড লাভ কৰা নাই, সকলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

এই প্ৰসংগত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, "ৰাজ্যৰ 42 লাখ লোকে ৰেচন কাৰ্ড পাব বুলি কোনেও কল্পনা কৰা নাছিল । কিন্তু ৰাজ্যত 35 লাখ ভুৱা হিতাধিকাৰী আছিল সেইবোৰক কৰ্তন কৰা হৈছে ৷"

লগতে পঢ়ক: দৰিদ্ৰ ৰাইজক সকাহ দিবলৈ কৰমুক্ত পঞ্চায়ত ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে : ৰণজিৎ কুমাৰ দাস - MINISTER RANJEET KUMAR DASS

কোকৰাঝাৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ২ লাখ ভোটত জয়ী হ'ব: ৰণজিৎ কুমাৰ দাস - LOK SABHA ELECTION 2024

বেলেগৰ নথি-পত্ৰৰে উজ্জ্বলা আঁচনিৰ গেছৰ সংযোগ লোৱাৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.