ETV Bharat / state

ঘূৰি ফুৰা কেঁকোৰাক গাঁত খান্দিবলৈ নিদিব: কালৈ এৰিলে এইপাট শেল মন্ত্ৰী পীযুষে ? - Pijush Hazarika at Khowang - PIJUSH HAZARIKA AT KHOWANG

BJP meeting at Khowang: ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই অহা বিধানসভা নিৰ্বাচন সন্দৰ্ভত কৰিছে এক ডাঙৰ মন্তব্য ৷ এগৰাকী নেতাক উদ্দেশ্যি ঘূৰি ফুৰা কেঁকোৰা বুলি তীৰ্যক মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ হাৰি হাৰি সমষ্টি সলাই ফুৰা বুলি উল্লেখ কৰি কালৈ আঙুলি টোঁৱালে মন্ত্ৰী পীযুষে ?

BJP meeting at Khowang
খোৱাঙত মন্ত্ৰী পীযুষ হজাৰীকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 5:11 PM IST

মৰাণ, 23 ছেপ্টেম্বৰ: 2024 ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে দলীয় সাংগঠিনক ভেটি শক্তিশালী কৰিবলৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি । সমাগত পঞ্চায়ত নিৰ্বাচন, বিধানসভাৰ উপ-নিৰ্বাচন আৰু 2026 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সদস্যৰ সংখ্যা বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে বিজেপি দলে । সেয়ে শাসক দল বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰিছে সদস্যতা ভৰ্তি অভিযান । তেনে সময়তে 2026 ৰ বিধানসভা নিৰ্বাচনৰ নতুন খবৰ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই ।

ডিব্ৰুগড়ৰ খোৱাঙত সোমবাৰে বানপীড়িতৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । খোৱাং আজাৰগুৰিত আজি অনুষ্ঠিত হোৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই নাম নোলোৱাকৈয়ে এগৰাকী নেতা সন্দৰ্ভত একপ্ৰকাৰৰ তাচ্ছিল্যসূচক মন্তব্য কৰে । মন্ত্ৰীজনে কয়, ‘‘হাৰি হাৰি সমষ্টি সলাই থকা মানুহ এইবাৰ খোৱাং সমষ্টিত সোমাব বিচাৰিছে । ঘূৰি ফুৰা কেঁকোৰাৰ তেল নাই, এনে কেঁকোৰাক ইয়াত গাঁত খান্দিবলৈ নিদিব ৷’’ লগতে ‘‘মিছা কথাৰে ৰাজনীতি কৰা মানুহ আমি নহয়’’ বুলি উল্লেখ কৰি বিজেপিয়ে সকলো সময়তে কথা দি কথা ৰাখে বুলি ভাষণত কয় মন্ত্ৰী পীযুষ হাজৰীকাই ।

খোৱাঙত মন্ত্ৰী পীযুষ হজাৰীকা (ETV Bharat)

উল্লেখ্য যে খোৱাঙত চৰ্চা চলিছিল অহা বিধানসভা নিৰ্বাচনত নৱগঠিত খোৱাং সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । এই পৰিপ্ৰেক্ষিতত বহুতেই সন্দেহ প্ৰকাশ কৰিছে যে মন্ত্ৰী পীযুষ হাজৰীকাই কোৱা এই নেতাগৰাকী অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈও হ’ব পাৰে ৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে কোনো দল বা ব্যক্তি বিশেষৰ নাম উল্লেখ কৰা নাই ৷

আনহাতে চৰাইদেউৰ সোণাৰিত বিজেপি নেতা তথা পঞ্চায়ত সভাপতিৰ আত্মহত্যাত ঘটনাত সাংবাদিক আৰু RTI কৰ্মীৰ বিৰুদ্ধে মানসিক অত্যাচাৰৰ অভিযোগ উঠাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । সোণাৰিৰ ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা মন্ত্ৰীগৰাকীৰ । তেওঁ কয়, ‘‘মানুহক এনেদৰে ব্লেকমেইলিং কৰিব নাপায় । তেখেতৰ চুইচাইড নোটত যিসকলৰ নাম উল্লেখ আছে সেইসকলৰ বিৰুদ্ধে আইনে উচিত ব্যৱস্থা ল'ব বুলি আশা কৰিছো ।’’

আনহাতে, মথাউৰিৰ মেৰামতি সন্দৰ্ভত তেওঁ লগতে কয়, ‘‘অলপ দিনৰ আগতে খোৱাঙত যি বাঢ়নী পানী হৈছিল, তাৰ ফলত কেইবাটাও মথাউৰি ভাঙিছিল ৷ সেইকেইটা মেৰামতিৰ ব্যৱস্থা কৰিছিলো । বিধায়ক চক্ৰধৰ গগৈক বানাক্ৰান্ত ৰাইজৰ সমস্যা বুজ ল'বলৈ আহ্বান জনাইছিলো । আজি আহি ৰাইজৰ মনৰ কথা বুজ লৈ পৰ্যায়ক্ৰমে প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছো । যোৱা দুবছৰত খোৱাং সমষ্টিক আমি ১০০ কোটি টকা প্ৰদান কৰিছো বান-গৰাখহনীয়া ৰোধ কৰাৰ লগতে মথাউৰি নিৰ্মাণ কৰিবলৈ ।’’

মন্ত্ৰীগৰাকীৰ সৈতে এই অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ, দিগন্ত কলিতা, জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদিৱজ্যোতি মৰাণ, বিভাগীয় অভিযন্তা-বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: বিজেপিৰ জৰিয়তে অসমৰ সৰ্বাংগীন উন্নয়ন হ’ব বুলি ৰাইজে বিশ্বাস কৰে: সোণোৱাল - BJP membership drive

কোনে ক’ত খেলিব উপ-নিৰ্বাচন; মুখ্যমন্ত্ৰীৰ ঘোষণা ! - CM on Bye Poll

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.