কলিয়াবৰ, 18 মে’ : অসম চিকিৎসা মহাবিদ্যালয়ত তেজৰ দালাল সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে তিনি দালালক গ্ৰেপ্তাৰ কৰাৰ কথা কলিয়াবৰত সদৰী কৰে ৷ মন্ত্ৰী গৰাকীয়ে কয় যে, যিসকল লোকে এনে ধৰণৰ অবৈধ কাৰ্যত লিপ্ত হৈছে, ডিব্ৰুগড় জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধীক্ষককে ধৰি উচ্চ পদস্থ বিষয়াৰ সহযোগত সেই চক্ৰটোক তাৰ পৰা ইতিমধ্যে উচ্ছেদ কৰা হৈছে ৷ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁ লগতে কয় যে, বৰ্তমান সকলোবোৰ নিয়ন্ত্ৰণাধীন আৰু তাৎক্ষণিকভাৱে বিকল্প ব্যৱস্থা কৰা হৈছে, যাতে চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগী তথা আত্মীয়ই এনে লোকৰ কাষ চাপিব লগা নহয় ৷
শেহতীয়াকৈ, ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত দালালৰ দপদপনিৰ এক বিষয় দৃষ্টিগোচৰ হৈছিল ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰিছিল 6 টাকৈ তেজৰ দালালক ৷ দালাল চক্ৰক উৎখাত কৰাৰ ৰাইজৰ দাবীৰ পিচতে ৰাজ্যৰ স্বাস্থ্য বিভাগ সষ্টম হৈ পৰিছে ৷ 6 টাকৈ তেজৰ দালালক অসম চিকিৎসা মহাবিদ্যালয়ত নিৰাপত্তাৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰিছিল ৷ কৰায়ত্ত কৰা তেজৰ দালালকেইটাক ডিব্ৰুগড় আৰক্ষীক গতাই দিছিল অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ অনুমান কৰা হৈছে যে, এই তেজৰ দালাল চক্ৰটোৰ লগত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীও জড়িত হৈ আছে ৷ আৰক্ষীৰ তদন্ততহে এই সকলো কথা পোহৰলৈ আহিব ৷
কিন্তু পূৰ্বেও অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিভিন্ন দালালক আটক কৰি এটা দিনৰ পাচতেই পুনৰ এৰি দিয়াৰো অভিযোগ আছে ৷ আনহাতে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনত চলি থকা দালাল চক্ৰক উৎখাত কৰিবলৈ জিলা আৰক্ষী অধীক্ষকক আনুষ্ঠানিকভাৱে জনাইছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : তেজৰ নামত চলিছে দালালি; অসম চিকিৎসা মহাবিদ্যালয়ত 6 দালাল আটক - Blood Broker Arrested