ETV Bharat / state

হাতত Drive slow লিখা প্লে’কাৰ্ড লৈ ৰাজপথত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - awareness drive at Kaziranga

Jayanta Mallabaruah at Kaziranga: এইবাৰ কাজিৰঙাৰ ৰাজপথত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ হাতত প্লে’ কাৰ্ড লৈ যান-বাহনৰ চালকক গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান বৰুৱাৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 2:17 PM IST

Minister Jayanta Mallabaruah joined an awareness drive at Kaziranga
কাজিৰঙাৰ ৰাজপথত পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা (Jayanta Mallabaruah's twitter)

কাজিৰঙা, ৮ জুলাই: বানে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ বান বিভীষিকাৰ মাজতে এইবাৰ কাজিৰঙাৰ ৰাজপথত দেখা গ’ল পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ৷ হাতত ‘‘Drive slow’’ লিখা প্লে’ কাৰ্ড লৈ বাহনৰ চালকক যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে আহ্বান জনায় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

হাতত Drive slow লিখা প্লে’কাৰ্ড লৈ ৰাজপথত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

উল্লেখ্য যে, দেওবাৰে দুপৰীয়া বন, পৰ্যটন আৰু পৰিবহণ বিভাগৰ লগতে এন. এছ. এছ. (NSS)-ৰ দৰে অনুষ্ঠানসমূহৰ স্বেচ্ছাসেৱকসকলৰ উদ্যোগত আয়োজন কৰা হয় এক সজাগতামূলক অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশ লয় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

এই অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কাজিৰঙা অঞ্চলত বন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে বন, পৰ্যটন আৰু পৰিবহণ বিভাগৰ কৰ্মীক উৎসাহ যোগায় ৷ আনকি অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনক লগত লৈ কাজিৰঙাৰ পূব হালধিবাৰী বনশিবিৰত উপস্থিত হৈ বান পৰিস্থিতিৰো বুজ লয় মন্ত্ৰী বৰুৱাই ।

লগতে পঢ়ক : কাজিৰঙাত বানৰ সংহাৰ: বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ - Assam Flood 2024

উল্লেখ্য যে, শেহতীয়া বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা । এই বানৰ কবলত পৰি জীৱ-জন্তুসমূহৰ বিলাই-বিপত্তি নোহোৱা হৈছে । বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ-বাৰীৰো বহু ক্ষতিসাধন কৰিছে ৷

ইপিনে, বানৰ পৰা পৰিত্ৰাণ বিচাৰি উদ্যানখনৰ বিভিন্ন বন্যপ্ৰাণী নিৰাপদ আশ্ৰয়ৰ সন্ধানত উদ্যানৰ বাহিৰলৈ ওলাই অহা দেখা যায় ৷ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে পূৰ্বতে বহু জন্তু প্ৰায়ে যান-বাহনৰ খুন্দাত মৃত্যু হোৱা দেখা গৈছিল ৷

কিন্তু, এইবাৰ যেন কিছু ব্যতিক্ৰম ৷ চৰকাৰ আৰু স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবেই এইবাৰ বানত যান-বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে ৷ এই কথা ব্যক্ত কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

লগতে পঢ়ক : ছৰৰ দ্বিতীয়তো বানত কাজিৰঙাত ১১৪ টা জন্তুৰ মৃত্যু - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.