ETV Bharat / state

বহু প্ৰতিক্ষিত অম্বুবাচী মেলাৰ আনুষ্ঠানিক উদ্বোধন - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:10 PM IST

Ambubachi Mela inauguration : মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শনিবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে 2024 বৰ্ষৰ অম্বুবাচী মেলা ৷ পাণ্ডু ঘাটত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে অম্বুবাচী মেলা উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷

Ambubachi Mela inauguration
অম্বুবাচী মেলা-2024ৰ আনুষ্ঠানিক উদ্বোধন (X/@jayanta_malla)

গুৱাহাটী, ২২ জুন: শনিবাৰৰ পৰা নীলাচলৰ বুকুত আৰম্ভ হ’ল মহা অম্বুবাচী মেলা ৷ কামাখ্যা মন্দিৰত আৰম্ভ হোৱা মহা অম্বুবাচী মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

অম্বুবাচী মেলা-2024ৰ আনুষ্ঠানিক উদ্বোধন (ETV Bharat Assam)

গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত এক অনুষ্ঠানত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই মেলাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কয় যে ২০১৭ চনৰ পৰা এই মেলাখন অতি সুচাৰুৰূপে অনুষ্ঠিত কৰা হৈছে । ভক্তৰ সমাগম বৃদ্ধি পাইছে । মেলাখনৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্নধৰণৰে প্ৰচাৰ কৰাৰ ফলত ভক্তৰ সমাগম বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: আমাকো এধানি মৰম দিয়ক ! কামাখ্যা ধামৰ পৰা মৰম আকলুৱা মোহিনীৰ আহ্বান

মন্ত্ৰী মল্লবৰুৱাই কয় যে যোৱা দুটা বছৰত অম্বুবাচী মেলাৰ প্ৰচাৰ বিশেষ কৰা হোৱা নাই । কিয়নো ইমান বেছি ভক্তৰ সমাগম নিয়ন্ত্ৰণ কৰাটো সহজ নহয় ৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ এইবাৰ ৰাজ্য চৰকাৰে দিব্যলোক পৰিযোজনাৰ সহায়ত কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলৰ সুবিধাৰ‌‌ বাবে পদক্ষেপ গ্ৰহণ কৰিব ।

লগতে পঢ়ক: অম্বুবাচী মেলা উপভোগ কৰিবলৈ কোন পথেৰে যাব আপুনি ?

মন্ত্ৰীগৰাকীয়ে জনায় যে নীলাচল পাহাৰৰ ওপৰৰ ভাগ চৰকাৰে প্ৰাকৃতিকভাৱে ৰখাৰ ব্যৱস্থা কৰিব । কোনো নতুন আন্তঃগাথঁনি নিৰ্মাণ কৰা নহয় । কিন্তু পাহাৰৰ নামনিত ভক্তৰ সুবিধাৰ বাবে কিছু আন্তঃগাথঁনি নিৰ্মাণ ‌কৰা‌ হ’ব । অম্বুবাচী মেলা উদ্বোধনী অনুষ্ঠানটোত কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বৰদলৈ কোবিন্দ্ৰ চন্দ্ৰ শৰ্মা, সৰুদলৈ হিমাদ্ৰী শৰ্মা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আদি উপস্থিত থাকে ।

উল্লেখ্য যে ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা । শনিবাৰে পুৱা অম্বুবাচীৰ প্ৰবৃত্তিৰ লগেলগে কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ হৈ পৰে । ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পিচত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ ।

অম্বুবাচী মেলাৰ বাবে কামাখ্যা ধামত সমাগম ঘটিছে বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী তথা ভক্তগণৰ ।

লগতে পঢ়ক: মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.