ETV Bharat / state

গৌৰৱ গগৈয়ে এইবাৰ জয়ী হৈ দেখুৱাওক; নলবাৰীৰ বিকাশ যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা - Assam govt Vikash Yatra

Vikash Yatra at Nalbari : নলবাৰীত অসম চৰকাৰৰ বিকাশ যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । চাৰিখন বিদ্যালয়ৰ আন্তঃগাঁথনিত ৭ কোটিকৈ প্ৰদান । অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লৰ ।

নলবাৰীৰ বিকাশ যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 1:42 PM IST

নলবাৰীৰ বিকাশ যাত্ৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

নলবাৰী, ১৪ মাৰ্চ: সমগ্ৰ অসমজুৰি অব্যাহত আছে মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা । মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰাৰ অংশস্বৰূপে নলবাৰীতো বুধবাৰে ৰূপায়ণ কৰা হয় বিকাশ যাত্ৰাৰ অধীনত কেইবাটাও কাৰ্যসূচী । নলবাৰীত বুধবাৰে বিকাশ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱাই । সৰ্বমুঠ ২৯ কোটি টকা ব্যয় সাপেক্ষত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

এই উপলক্ষে নলবাৰীৰ ঘগ্ৰাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বিকাশ যাত্ৰাৰ মুকলি সভা । নলবাৰীৰ ঘগ্ৰাপাৰ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঘগ্ৰাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৮ কোটি টকাৰ আৱণ্টন দিয়াৰ উপৰি নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন আঁচনিৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

আনহাতে, উক্ত অনুষ্ঠানৰ অন্তত সাংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে তেওঁ । সমাগত লোকসভা নিৰ্বাচনৰ বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পালে । মহাজোঁটৰ চৰ্তক জলাঞ্জলি দি কংগ্ৰেছে ১২ টা সমষ্টিত নিজাববীয়াকৈ দিয়ে প্ৰাৰ্থী । কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে ৰাজনৈতিক মহলত চলিছে তুমুল চৰ্চা ! বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

কংগ্ৰেছৰ এই চৰিত্ৰ সন্দৰ্ভত কংগ্ৰেছ সভাপতি ভূপেন বৰাক কটাক্ষ মন্ত্ৰীগৰাকীৰ । অসমৰ ৰাজনীতিত ভূপেন বৰা সদায় জ’কাৰ । বিৰোধী মিত্ৰজোঁটৰ নামত পইচা উঠাই ইমান দিনে কংগ্ৰেছে চাহ-ভাত খোৱাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ । কিন্তু এতিয়া নিৰ্বাচন আহিল আৰু সকলো শেষ বুলি মন্তব্য জয়ন্ত মল্লবৰুৱাৰ ।

আনহাতে, গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব লন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইমান দিনে পিতৃৰ নামত নিৰ্বাচন খেলিছিল গৌৰৱ গগৈয়ে । এই গৌৰৱ গগৈয়ে নিজৰ নামত নিৰ্বাচন খেলি জিকি দেখুৱাওক বুলিও প্ৰত্যাহ্বান মন্ত্ৰী জয়ন্ত মল্লৰ । লগতে কয় যে গৌৰৱ গগৈক সাংসদ বনোৱাটোৱে কংগ্ৰেছৰ লক্ষ্য । আনহাতে, বৰপেটা লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে তিনি লাখ ভোটত জয়ী হ'ব বুলি সদম্ভ ঘোষণা মন্ত্ৰী জয়ন্ত মল্লৰ ।

লগতে পঢ়ক :দলে মোক যথেষ্টখিনি দিছে, কিন্তু দলক মই দিব পৰা নাই : ফণীভূষণ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.