ETV Bharat / state

বোকাখাতৰ বান বিধস্ত বংকোৱালবাসীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা - Assam Flood 2024

Atul Bora visits flood affected areas: বোকাখাতৰ বান বিধস্ত বংকোৱালত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা । বান বিধস্ত উওৰ মহুৱা, দিচৈ গাঁও পঞ্চায়তৰ কেবাখনো গাঁও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 1:38 PM IST

Atul Bora visits several flood affected areas
বান বিধস্ত বংকোৱাল (Atul Bora's twitter)

গোলাঘাট, 8 জুলাই : অবৰ্ণনীয় ! কোনোবাই যদি গৰু-ম’হৰ সৈতে একেলগে সহাৱস্থান কৰিছে, আন কোনোৱে আকৌ ওখ টিলাত ৰৈ মাত্ৰ ক্ষণ গণিছে ৷ নিৰূপায় সকলো ৷ বছৰৰ দ্বিতীয়টো বানে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে সাধাৰণ জনতাক ৷ কাক ক’ব দুখৰ বেদনা, কোনে বুজিব বন্যাৰ্তৰ মনৰ কথা ৷ কিয়নো সকলোৰে একেই অৱস্থা ৷

বান বিধস্ত বংকোৱাল (ETV Bharat Assam)

ইতিমধ্যে সকলোৰে জ্ঞাত যে, বিগত এক জুলাইত ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে বোকাখাতৰ বংকোৱালৰ মথাউৰি ভাঙি পেলায় ৷ ফলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল বোকাখাতত ৷ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল হৈছিল বংকোৱালৰ জনসাধাৰণে ৷

বান্ধ ভাগি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তৰ কুৰিৰো অধিক গাঁৱৰ লোকৰ বিস্তৰ ক্ষতি কৰে ৷ অঞ্চলটোৰ আৱাসগৃহ আৰু ভঁ‌ৰাল গৃহৰ লগতে পশুধন, ৰাস্তা-ঘাট আৰু অন্যান্য বহু সা-সম্পত্তি বলীয়া বানে উটুৱাই লৈ যায় ৷

লগতে পঢ়ক : বিৰোধীয়ে দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে: পবিত্ৰ মাৰ্ঘেৰিটা - Assam Flood 2024

দেওবাৰে বানাক্ৰান্তৰ কাষত পুনৰবাৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত হৈ প্ৰতোটো পৰিয়ালৰ সুখ-দুখৰ সমভাগি হয় ৷ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক অতি সোনকালে জৰিপৰ জৰিয়তে সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে ।

দেওবাৰে প্ৰথমতে মন্ত্ৰী বৰাই বানত মৃত্যু হোৱা দিচৈ পঞ্চায়তৰ 1 নং গৰৈমাৰী গাঁৱৰ দুটা পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা 4 লাখ টকাৰ চেক প্ৰদান কৰে ৷ তাৰ পাচতে বংকোৱাল ঐজান পাৰৰ কৃষি বান্ধ সংযোগী মিৰিকা মিৰি পথৰ বানত ধ্বংস হোৱা পথটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ৷

লগতে তেওঁ বংকোৱাল নিকৰি সংযোগী লোকনিৰ্মাণ পথ, বালিচাপৰি আদি কেবাটাও অঞ্চল পৰিদৰ্শন কৰে ৷ ইয়াৰ উপৰিও দুৰ্গম লহৰে চাপৰি, শিয়াল চাপৰিলৈ মেচিন নাৱৰ জৰিয়তে টিউবৱেলকে ধৰি যাৱতীয় সামগ্ৰী প্ৰদান কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক : লাহৰীঘাটৰ চৰত আৱদ্ধ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ ল’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে - Assam flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.