ETV Bharat / state

যি ধৰ্মৰে নহওক, বাংলাদেশীৰ বোজা কোনো কাৰণতে অসমে গ্ৰহণ কৰিব নোৱাৰে : দৃঢ় মন্ত্রী অতুল বৰা - Minister Atul Bora

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 4:34 PM IST

Atul Bora on Bangladeshi : অসমে কোনো কাৰণতে বাংলাদেশীৰ বোজা গ্ৰহণ কৰিব নোৱাৰে বুলি স্পষ্ট মত অতুল বৰাৰ ৷ মুখ্যমন্ত্ৰীয়েও হিন্দু বাংলাদেশীক অসমত ৰখাৰ কথা কোৱা নাই বুলি মন্তব্য মন্ত্ৰী বৰাৰ ৷

Atul Bora on Bangladeshi
বাংলাদেশীৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰা (ETV Bharat Assam)

গুৱাহাটী, ১১ আগষ্ট : ‘‘কোনো কাৰণে অসমে গ্ৰহণ কৰিব নোৱাৰে ৷’’- এই মন্তব্য সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ৷ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিত দেশখনৰ হিন্দু লোকসকলে সীমান্তত অৱস্থান কৰি অসমত প্ৰৱেশৰ চেষ্টা চলোৱা সন্দৰ্ভত এনেদৰে কয় মন্ত্ৰী বৰাই ।

দেওবাৰে দিছপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই কয়, ‘‘এটা সময়ত অসমত প্ৰব্ৰজন হৈছিল আৰু যাৰ বাবে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ এক দীঘলীয়া আন্দোলন হ’ল । এতিয়া আকৌ যদি নতুনকৈ তাৰ পৰা অনুপ্ৰৱেশ হয়, সেইটো ল’বলৈ অসম সাজু নহয় । যি ধৰ্মৰে নহওঁক কিয় অবৈধ নাগৰিকৰ বোজা ল’বলৈ সাজু নহয় অসম । আমি ইয়াৰ বিৰোধিতা কৰিম । অৱশ্যে ইতিমধ্যে ভাৰত চৰকাৰে সীমান্তত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পাইছো । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে । যাতে কোনেও প্ৰৱেশ কৰিব নোৱাৰে ।’’

বাংলাদেশৰ হিন্দুসকলৰ প্ৰতি মুখ্যমন্ত্ৰী আৰু ভাৰত চৰকাৰে নৰম স্থিতি গ্ৰহণ কৰা সন্দৰ্ভত মন্ত্ৰী বৰাই কয়, ‘‘মানৱীয় দৃষ্টিভংগীত কিবা কথা ক'ব পাৰে । কিন্তু সেই বুলি তেখেতে মানুহখিনি অসমত ৰখাৰ কথা কোৱা নাই । বিপদৰ সময়ত মানুহক সহায় কৰিব পাৰে আৰু ভাৰত চৰকাৰে তেনে কৰিব পাৰে । কিন্তু অসমত মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । গতিকে অসমে আৰু বোজা সহিব নোৱাৰে ।’’

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী বৰাই কয়, ‘‘ আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত আছো । এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী । অৰাজনৈতিক সংগঠনত থাকোতেও এই দাবী সজোৰে উত্থাপন কৰি আহিছো আৰু এতিয়াও দলৰ সভাপতি হিচাপে দাবী জনাও । এই বিষয়টো আমাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সংসদত সজোৰে উত্থাপন কৰিছে ।’’

আনহাতে কৃষি বিশ্ববিদ্যালয়ৰ অতিথিশালাক হোটেল হিচাপে ভাৰালৈ দিয়াৰ বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী বৰাই কয়, ‘‘এই বিষয়টোত মোকো সাঙুৰি লোৱা হৈছে । কৃষি বিশ্ববিদ্যালয়খন এখন অট’নমাচ ব’ডী আৰু গোটেইবোৰ পৰিচালনা কৰাৰ বাবে তেওঁলোকৰ এখন কমিটি আছে । বিষয়টো গুৰুত্বপূৰ্ণ হোৱা বাবে আমি তেওঁলোকৰ পৰা বিষয়টো সন্দৰ্ভত এটা ৰিপ'ৰ্ট বিচাৰিছো । অনিয়ম হ’ব নোৱাৰিব । এইটো অসম চৰকাৰৰ পুঁজি নহয় । পূৰ্বতে ভাৰত চৰকাৰৰ পৰা অনা পুঁজি । বিষয়টো সন্দৰ্ভত উপাচাৰ্যৰ লগত কথা পাতিছিলো । উপাচাৰ্যই বিশ্ববিদ্যালয়ে চলোৱাত অসুবিধা হোৱা বাবে এটা প্ৰক্ৰিয়াৰ মাজেৰে কমিটিৰ সিদ্ধান্তমৰ্মে ব্যৱস্থাটো কৰা হৈছে বুলি জনাইছে । মই সমগ্ৰ বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দিয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কৈছো ।’’

ৰাজ্যসভাৰ দুখন আসন খালী হোৱা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই দুখন আসন আমি নিবিচাৰো । আমাৰ যেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আসন খালী হ’ব তেতিয়া আমি বিচাৰিম ।’’

লগতে পঢ়ক : প্ৰয়োজনত বাংলাদেশী হিন্দুক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ দাবী বিশ্ব হিন্দু পৰিষদৰ

ভাৰতীয় পাছপ’ৰ্ট থকা লোকসকলকহে অসমত প্ৰৱেশৰ অনুমতি দিয়া হ’ব : আৰক্ষী সঞ্চালকপ্ৰধান

নগাঁও আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক: গৰু কিনিবলৈ আহিছিল গোপনে সীমা পাৰ হৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.