ETV Bharat / state

কৃত্ৰিম বান ৰোধৰ বাবে GMDA ৰ নিবিদা লাভ কৰিছে নেডাৰলেণ্ডৰ ৰয়েল হেক্সকন কোম্পানীয়ে: অশোক সিংহল - Artificial flood in Guwahati - ARTIFICIAL FLOOD IN GUWAHATI

Artificial flood in Guwahati: মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ অসম চৰকাৰে কৰিছে নতুন চিন্তা । নেডাৰলেণ্ডৰ কোম্পানীয়ে গ্ল'ৱেল টেণ্ডাৰৰ জৰিয়তে কৃত্ৰিম বান ৰোধ কৰিবলৈ নামি পৰিব । গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে সদৰী কৰে এই তথ্য ।

Dutch company has bid to prevent artificial floods in Guwahati
কৃত্ৰিম বান ৰোধ কৰিবলৈ অসম চৰকাৰে কৰিছে নতুন চিন্তা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 11:02 PM IST

গুৱাহাটী,২১ আগষ্ট: গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিবলৈ অসম চৰকাৰৰ নতুন চিন্তা । গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে নামিব এইবাৰ নেডাৰলেণ্ডৰ কোম্পানী । গ্ল'ৱেল টেণ্ডাৰৰ জৰিয়তে বিদেশী কোম্পানীক দিয়া হৈছে এই দায়িত্ব । মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠিত এক বঁটা বিতৰণী অনুষ্ঠান উপস্থিত থাকি এনেদৰে জানিবলৈ দিয়ে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ ।

কৃত্ৰিম বান ৰোধ কৰিবলৈ অসম চৰকাৰে কৰিছে নতুন চিন্তা (ETV Bharat Assam)

মন্ত্ৰীগৰাকীয়ে কয়,"কৃত্ৰিম বান ৰোধৰ বাবে GMDA ৰ নিবিদা লাভ কৰিছে নেডাৰলেণ্ডৰ ৰয়েল হেক্সকন নামৰ কোম্পানীটোৱে । চাৰ্ভেৰ কাম আৰম্ভ কৰিছে, প্ৰতিবেদন আহিলেই আমি ৰাইজক জনাম । লগতে কয় যে কিছুদিন পূৰ্বে কৃত্ৰিম বান সম্পৰ্কত জনতা ভৱনত হোৱা বৈঠকৰ পিছত বিষয়াসকলে দাখিল কৰি আছে প্ৰতিবেদনসমূহ । সম্পূৰ্ণ প্ৰতিবেদন আহিলেই সকলোকে জনোৱা হ'ব ।"

লগতে তেওঁ কয়,"গুৱাহাটীত পানীৰ বহন ক্ষমতা পূৰ্বে যিমান আছিল আজিও সিমানেই আছে, বহনক্ষমতা বৃদ্ধি হোৱা নাই । এই বহন ক্ষমতা বৃদ্ধি কৰি পানীৰ দিশ আনফালে সলনি কৰিবলৈ বিদেশী প্ৰতিষ্ঠানটোৱে ব্যৱস্থা ল'ব । এতিয়া যি হাৰত মেঘালয়ৰ পৰা পানী আহে, সেই হাৰত পূৰ্বে পানী অহা নাছিল । ইয়াৰ কাৰণ বিশেষজ্ঞ সকলে ক'ব । মই কিবা ক'লে মই বৈজ্ঞানিক নেকি বুলি সমালোচনা কৰিব ।"

ইফালে আমচাঙ, সোনাপুৰ, যোৰাবাট পাহাৰ খননৰ প্ৰসংগত গা-এৰা মন্তব্য প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয়,"গোটেই ব্যৱস্থা চোৱাৰ বাবে গঠন কৰি দিয়া কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব । সংবাদ মাধ্যমৰ কিবা পৰামৰ্শ থাকিলে আমাক জনাব পাৰে । আনহাতে এতিয়ালৈ কোনো আলোচনা হোৱা নাই যদিও মেঘালয় চৰকাৰৰ সৈতে সোনকালেই আলোচনাত বহিব বুলি জানিবলৈ দিয়ে ।"

লগতে পঢ়ক: গুৱাহাটীৰ বান ৰোধৰ বাবে মেঘালয়-অসমৰ যৌথ বিশেষজ্ঞ সমিতি : ৰুৰকী আই টি টি আৰু নেডাৰলেণ্ডৰ কোম্পানীক দায়িত্ব - Guwahati Artificial Flood

গুৱাহাটীৰ বানৰ বাবে বিশেষজ্ঞৰ দল : তিনি বছৰ লাগিব সমস্যা সমাধানৰ বাবে - Artificial flood in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.