ETV Bharat / state

অসভ্য সমাজৰ বিৰুদ্ধে একগোট হ'ব লাগিব সভ্য সমাজ: অশোক সিংহল - Minister Ashok Singhal - MINISTER ASHOK SINGHAL

Ashok Singhal on Dhing rape case: ধিং কাণ্ডক লৈ মন্তব্য মন্ত্ৰী অশোক সিংহলৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণৰ দৰে অপৰাধ । ধর্ষণৰ দৰে ঘটনাত জড়িত অসভ্য সমাজৰ বিৰুদ্ধে সভ্য সমাজক এলগোট হোৱাৰ আহ্বান মন্ত্ৰী অশোক সিংহলৰ ।

MINISTER ASHOK SINGHAL
নগাঁৱত মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 9:42 PM IST

নগাঁও, ২৫ আগষ্ট : নগাঁৱৰ ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডই সমগ্ৰ ৰাজ্যতেই সৃষ্টি কৰা প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই ধিংকাণ্ডক লৈ দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ ধৰ্ষণৰ দৰে অপৰাধ বৃদ্ধ পোৱা বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংহলে । আনকি মন্ত্ৰী অশোক সিংহলৰ গৃহ সমষ্টি ঢেকিয়াজুলিতো কেবাটাও ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

নগাঁৱত মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

এখন অসভ্য সমাজৰ দ্বাৰাই এনে ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী অশোক সিংহালৰ মন্তব্য, ‘‘ধিঙৰ ঘটনাটো কেৱল ধিঙৰে ঘটনা নহয় ৷ মধ্য অসম, নামনি অসম, উত্তৰ পাৰ আৰু মোৰ সমষ্টি ঢেকিয়াজুলিতো তিনিটা ধৰ্ষণৰ ঘটনা হ’ল আৰু দুটা ধৰ্ষণৰ চেষ্টাৰ ঘটনা হ’ল ৷ এই গোটেই ঘটনাবোৰ অসভ্য সমাজৰ সভ্য সমাজৰ ওপৰত আক্ৰমণ ৷ এই অসভ্য সমাজক উত্তৰ দিবলৈ সভ্য সমাজ একগোট হ’ব লাগিব ৷ তাৰ বাহিৰে বেলেগ বিকল্প আমাৰ হাতত নাই ৷ ধৰ্ষণৰ ঘটনা হোৱাৰ পিচত আৰক্ষীয়ে নিজৰ ব্যৱস্থা লয়, কিন্তু এই মানসিকতাৰ পৰা অসভ্য সমাজক মুক্তি দিবলৈ হ’লে সভ্য সমাজ সংগঠিত হ’ব লাগিব ৷ সেইটো সময়ৰ প্ৰত্যাহ্বান ৷’’

উল্লেখযোগ্য যে, নগাঁৱৰ ধিঙত এগৰাকী নাবালিকাক ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ বিভিন্ন দল-সংগঠন, তথা স্থানীয় ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ঘটনাত জড়িত এজন অভিযুক্ত ইতিমধ্যেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত পৰি মৃত্যু হৈছে ৷ কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত আন দুই অভিযুক্তক বিচাৰি ধিং তথা নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি আৰক্ষাৰ সূত্ৰে জানিব পৰা গৈছে । ইপিনে, ধিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ধিং শাখাই জনোৱা ধিং বন্ধ দেওবাৰে প্ৰত্যাহাৰ কৰা বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰাজ্যত ধিঙৰ দৰে সংঘটিত ঘটনাৰ আঁৰত কি ষড়যন্ত্ৰ আছে ?

অপৰাধৰ তদন্ত, অভিযোগনামা দাখিল আৰু দোষী সাব্যস্তকৰণত আৰক্ষীৰ সাফল্যৰ দাবী জিপি সিঙৰ

চলিত বৰ্ষৰ জুলাইলৈকে ৰাজ্যত ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.