ETV Bharat / state

সাৱধান ! অনাগত চাৰিটা দিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব বৰষুণ - WEATHER FORECAST

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 4:14 PM IST

Weather Forecast: বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী । আগন্তুক চাৰিদিনলৈ অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব বৰষুণ । অৰুণাচলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

Meteorological Centre predicts rains in North-East in next four days
উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব বৰষুণ (ETV Bharat Assam)

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: আগন্তুক কেইবাদিনলৈ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব বৰষুণ । কেইবাখনো জিলাত হ'ব পাৰে প্ৰবল বৃষ্টিপাত । বংগোপসাগৰৰ পৰা ৯ কিলোমিটাৰ বেগত পূৱ বাংলাদেশলৈ গতি কৰা সাগৰীয় ধুমুহাৰ বাবে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত অহা কেইদিনমানলৈ বৰষুণ অব্যাহত থকাৰ কথা সদৰী কৰে গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

বুধবাৰে গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, অহা ৮ ছেপ্টেম্বৰলৈ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ অব্যাহত থাকিব । বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, অহা ২৪ ঘন্টাত কোকৰাঝাৰ, হাইলাকান্দি, ধেমাজি আৰু ডিব্ৰুগড় জিলাত ৩৫.১ মিলিমিটাৰৰ পৰা ৬৪.৫ মিলিমিটাৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আকৌ দক্ষিণ শালমাৰা, চিৰাং, বৰপেটা, গোৱালপাৰা,‌ কামৰূপ, লখিমপুৰ, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাছাও আৰু কাছাৰ জিলাত ৭.৫ মিলিমিটাৰৰ পৰা ৩৫ মিলিমিটাৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ঘন্টাৰ বাবে অৰুণাচল প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । অহা ৮ ছেপ্টেম্বৰলৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ঠাইবিশেষে প্ৰৱল আৰু মধ্যমীয়া স্তৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা সদৰী কৰিছে । আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে অহা ৮ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ বতৰ ডাৱৰীয়া ‌হৈ‌ থাকিব ।

আকৌ ৯ আৰু ১০ ছেপ্টেম্বৰত গুৱাহাটীত মধ্যমস্তৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, অহা ১০ ছেপ্টেম্বৰলৈ‌‌ গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৫ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৭ ডিগ্ৰীৰ‌ ভিতৰত থকাৰ‌ সম্ভাৱনা আছে ।

লগতে পঢ়ক: বিজুলী-ঢেৰেকনি-ব্ৰজপাতৰ কাৰণ কি ? - Lightning strikes

সাৱধান গুৱাহাটীবাসী ! আকৌ আহিব পাৰে কৃত্ৰিম বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.