ETV Bharat / state

আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত তিনিশ মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - AASU Felicitation Programme

Nalbari AASU: নলবাৰী জিলা ছাত্ৰ সন্থাই আয়োজন কৰা বিশেষ সম্বৰ্ধনা সভাত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মৌন কিয় বুলি প্ৰশ্ন আছুৰ মুখ্য় উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ।

Nalbari AASU
মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 9:54 PM IST

নলবাৰী, ৬ জুলাই: "অসমৰ বানপানীৰ ভয়াবহ পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰী মৌন কিয় ? নিৰ্বাচনৰ সময়ত ডাবল ইঞ্জিনৰ শ্লোগান আৰু বানপানীৰ সময়ত ডাবল ইঞ্জিন কিয় হৈ পৰে চিঙ্গল ইঞ্জিন ?" এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল আছুৰ মুখ্য় উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । তেওঁ অসমৰ ভয়াবহ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগিব বুলি দাবী জনায় । শনিবাৰে নলবাৰীত জিলা ছাত্ৰ সন্থাই আয়োজন কৰা বিশেষ সম্বৰ্ধনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় আছুৰ মুখ্য় উপদেষ্টাগৰাকীয়ে ।

মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা (ETV BHARAT ASSAM)

আছুৰ মুখ্য় উপদেষ্টাগৰাকীয়ে লগতে অসমৰ শিক্ষা ব্যৱস্থাৰ সমস্যা সম্পৰ্কত মন্তব্য কৰি অতি শীঘ্ৰেই ৰাজ্য়ৰ মহাবিদ্যালয়সমূহত খালী হৈ থকা তিনিশ শিক্ষক পদ পূৰণ কৰাৰ দাবী উত্থাপন কৰে । একেদৰে বৰ্ধিত মাচুলৰ জৰিয়তে ছাত্ৰ -ছাত্ৰীৰ মুৰত এক বোজা জাপি দিয়া হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । আনহাতে, ব্ৰেইন ড্ৰেইন ৰোধ নকৰাৰ লগতে অসমৰ দুখীয়া ছাত্ৰ- ছাত্ৰীৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য কৰি অসমৰ মহাবিদ্যালয়সমূহত বিভাগ বৃদ্ধিৰ বাবেও দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:শিৱসাগৰত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান - AASU Felicitation Programme

তেওঁ সমৰ্থ এপ চলাবলৈ অসমৰ্থ হোৱা চৰকাৰে অসমৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰি নামভৰ্তি নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে । ইপিনে, এ আই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কত ভাৰত চৰকাৰে প্ৰতিস্থা কৰিব বিচৰা তিনিখন শিক্ষানুষ্ঠানৰ এখন অসমত স্থাপন কৰিব লাগে বুলিও দাবী উত্থাপন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।

উল্লেখ্য যে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন আজিৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অৱসৰী আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । এই অনুষ্ঠানতে সাহিত্য অকাডেমিৰ যুৱ সাহিত্য বঁটা প্ৰাপক ডাঃ নয়নজোতি শৰ্মাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানত জিলাখনৰ তিনিশ মেধাবী ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:গোলাঘাট জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি-সাধাৰণ সম্পাদকক সম্বৰ্ধনা - AASU Felicitation Programme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.