ETV Bharat / state

ঐতিহাসিক তেজপুৰ ৰে'লৱে ষ্টেচন পুনৰ সক্ৰিয়কৰণৰ দাবীত ৰে'ল মন্ত্ৰীক সাক্ষাৎ - Indian Railway

Tezpur Rail Station : ই হৈছে এটা ইতিহাস প্ৰসিদ্ধ ৰে'লৱে ষ্টেচন ৷ চীন-ভাৰতৰ যুদ্ধৰ সাক্ষ্য বহন কৰা এই ৰে'লৱে ষ্টেচনটোৰ সৈতে সাঙোৰ খাই আছে দালাই লামাই তীব্বতৰ পৰা অসমলৈ অহা সময়ৰ ইতিহাস ৷ ব্ৰিটিছৰ আমোলত আৰম্ভ হোৱা এই ষ্টেচনটো বহুদিন ধৰি অৱহেলিত হৈ আছে ।

তেজপুৰ ৰে'লৱে ষ্টেচন পুনৰ সক্ৰিয়কৰণৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 5:19 PM IST

তেজপুৰ ৰে'লৱে ষ্টেচন পুনৰ সক্ৰিয়কৰণৰ দাবী

তেজপুৰ, ১২ ফেব্ৰুৱাৰী : ইতিহাস প্ৰসিদ্ধ তেজপুৰ ৰে'লৱে ষ্টেচন পুনৰ সক্ৰিয় কৰিবলৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ পত্ৰ 'কমিটী ফৰ ৰিভাইভেল অব তেজপুৰ ৰে'লৱে ষ্টেচন' নামৰ এক সামাজিক সংগঠনৰ । বিগত ৫ ফেব্ৰুৱাৰীত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যৰ নেতৃত্বত যোৱা দলটোৱে ৰে'ল ভৱনত সাক্ষাত কৰি এই বিষয়ে উল্লেখ কৰে ।

সংগঠনটোৰ সভাপতি নির্মলেন্দু ৰয় আৰু সম্পাদক সত্য নাৰায়ণ গোস্বামীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা জানিবলৈ দিয়ে । উল্লেখ্য যে তেজপুৰ জাহাজঘাটত থকা পুৰণি ৰে'ল ষ্টেচনটো বিগত ২০১১ চনৰ পৰা এলাগী হৈ পৰি আছে । বৰ্তমান তেজপুৰ ডেকাৰগাঁও ৰে'ল ষ্টেচনৰ ৮ কিলোমিটাৰ দূৰত্বত থকা তেজপুৰ চহৰৰ কাষতে থকা ৰে'ল ষ্টেচনটো নতুন ব্ৰডগজ লাইনৰ সম্প্ৰসাৰণৰ পিছৰে পৰা এলাগী হৈ পৰি থাকে ।

সংগঠনটোৱে উল্লেখ কৰে যে ব্ৰডগজ সংযোগ ডেকাৰগাঁৱৰ পৰা তেজপুৰলৈ বন্ধ কৰাৰ মূলতে একাংশ লোকৰ বিৰোধিতা আছিল । তেওঁলোকৰ মতে, তেজপুৰ চহৰলৈ পথ সংযোগ সম্প্ৰসাৰণ কৰা আৰু আন্তঃৰাজ্যিক বাছ টাৰ্মিনাছ (আইএছবিটি) স্থাপনৰ বাবে ৰে'লৱে ষ্টেচনটোৰ প্ৰয়োজন নাই । আনহাতে, তেজপুৰ মাষ্টাৰ প্লেন (২০১০-২০৩০) মতে, ধনোৱা নগৰ আইএছবিটি স্থাপনৰ বাবে এতিয়া আৰু এই ষ্টেচনটো প্ৰয়োজনীয় নহয় । তদুপৰি, কমিটীখনে কয় যে তেজপুৰ চহৰখনেই ১৮৯৫ চনত চাহৰ বাণিজ্যিক ব্যয় কমাবৰ বাবে এই ষ্টেচনটো স্থাপন কৰিছিল ।

কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে মাৰ্কেণ্টাইল মেৰিন, ৰে'ল সেৱা প্ৰত্যাহাৰে গুৰুতৰভাৱে প্ৰভাৱিত কৰে চহৰখনক । ৰে'ল সেৱাৰ সুবিধা হেৰুওৱাৰ ফলত কোনো বিকল্প নোহোৱাৰ বাবে দৰিদ্ৰ আৰু নিপীড়িত লোকক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে । আনহাতে, পথ পৰিবহণত অতিমাত্ৰা খৰচ বহন কৰিবলগীয়া হৈছে । এনে দুৰ্দশা অসমৰ যিকোনো প্ৰান্তত দেশৰ শেহতীয়া ৰে'লৱে ইতিহাসত কোনো সজীৱ ৰে'ল ষ্টেচনৰ প্ৰত্যাহাৰ কেতিয়াও হোৱা নাই বুলি কমিটীখনে উল্লেখ কৰে ।

স্মাৰক-পত্ৰত কমিটীখনে উল্লেখ কৰে যে তেজপুৰ চহৰৰ পৰা আন্তঃচহৰীয় ৰে'লৰ সুবিধাৰ প্ৰয়োজন, যিয়ে সমগ্ৰ চহৰখনক যান-জঁটৰ পৰা মুক্ত কৰি ৰাখিব । কাৰণ এই ৰে'ল সেৱা পুৱাৰ পৰা গধূলিলৈকে চলিব । আনহাতে, তেজপুৰ ৰে'লৱে ষ্টেচন পুনৰুজ্জীৱিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ লগতে সমৰ্থনৰ বাবে এই সমগ্ৰ বিষয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাক কমিটীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে এই জ্বলন্ত সমস্যাটো ৰে'ল মন্ত্ৰালয়ত স্থান দিয়াৰ বাবে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক কমিটীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক :বৰপেটাত ৰাজ্যপালে মুকলি কৰিলে তৃতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.