ETV Bharat / state

ৰঙিয়া স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ - Memorandum to CM

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 7:25 PM IST

Rangia health sector : ৰঙিয়া স্বাস্থ্যখণ্ডৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মহকুমাধিপতিৰ সৈতে বৈঠকত মিলিত ৰঙিয়া নাগৰিক মঞ্চৰ এটা সজাতি দল । সৰ্প দংশনৰ চিকিৎসাৰ ঔষধ সম্পৰ্কে আলোচনাত মিলিত হয় দলটো । সকলো সমস্যা উল্লেখ কৰি ৰঙিয়া নাগৰিক মঞ্চৰ সজাতি দলটোৱে মহকুমাধিপতিক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।

Memorandum to CM demanding resolution of Rangia health sector problem
ৰঙিয়া স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ (ETV Bharat Assam)

ৰঙিয়া,২৮ জুন: ৰঙিয়া স্বাস্থ্যখণ্ডৰ বহুদিনীয়া সমস্যাসমূহৰ সমাধান বিচাৰি ৰঙিয়া নাগৰিক মঞ্চৰ এটা সজাতি দলে মহকুমাধিপতিৰ সৈতে মিলিত হয় এক বিশেষ বৈঠকত । বৈঠকত বিশেষকৈ সৰ্প দংশনৰ চিকিৎসাৰ ঔষধ সম্পৰ্কে আলোচনাত মিলিত হয় দলটো । দলটোৱে জনাই যে সৰ্প দংশনৰ চিকিৎসাৰ ঔষধ ৰঙিয়াৰ চৰকাৰী চিকৎসালয়ত বৰ্তমানেও উপলব্ধ নহয় । যাৰ ফলত ৰঙিয়াৰ ৰাইজে বাৰিষাকালত দুৰ্ভোগ ভুগিবলগীয়া হয় । ৰঙিয়াৰ চৰকাৰী চিকিৎসা কেন্দ্ৰত অনতিপলমে এই ঔষধ উপলব্ধ কৰিবলৈ দলটোৱে অনুৰোধ জনায় ।

আনহাতে বিগত ২৬ মার্চত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত ৪৭ খন ICU বিচনাযুক্ত চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল । কিন্তু প্রায় ৪.৫২ কোটি টকা ব্যয় কৰি আটকধুনীয়াকৈ সজাই তোলা ICU টো আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠাৰ বাবে বহুমূলীয়া সা-সৰঞ্জামসমূহ ধূলিয়ে আৱৰি ধৰিছে । আনহাতে আদৰ্শ চিকিৎসালয়খনত থকা X-Ray মেছিনটো সাধাৰণ দুপদ সামগ্রী Lead door আৰু Lead Barriar নথকা ২০১৮ চনৰ পৰাই অব্যৱহৃত হৈ পৰি ৰৈছে ।

ইফালে চিকিৎসালয়খনৰ ভিতৰত থকা Dylasis চেণ্টাৰৰ বাবে অনা তিনিটাকৈ মেচিন যোৱা চাৰি মাহ ধৰি ভড়ালঘৰত সুমুৱাই থোৱা আছে, কাৰণ মেচিনকেইটা স্থাপন কৰিবলৈ স্থানৰ অভাৱ । ৰঙিয়া আদৰ্শ চিকিৎসালয়খনৰ এই অভাৱ অভিযোগৰ লগতে নাগৰিক মঞ্চই ২০০৭ চনতে CHC ৰ পৰা ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰা চিকিৎসালয়খন এতিয়াও ১০০ খন বিচনাৰ পৰিৱৰ্তে মাত্র ৩০ খন বিচনাৰে জোৰা টাপলি মাৰি চলাই থকাৰ বিষয়টোও মহকুমাধিপতিৰ আগত উত্থাপন কৰে ।

বৃহত্তৰ অঞ্চলৰ ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰা চিকিৎসালয়খনৰ যান্ত্ৰিক বিজুতিৰ লগতে চিকিৎসাকৰ্মীৰ অভাৱ পূৰণ কৰি অতি সোনকালে চিকিৎসালয়খন আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰে । লগতে মঞ্চই স্বাধীনোত্তৰ কালৰ ৰঙিয়াৰ "সিদ্ধিনাথ শর্মা" প্রাথমিক চিকিৎসালয়খনৰ অসম আৰ্হিৰ আওপুৰণি উৱলি যোৱা গৃহসমূহ লোকনির্মাণ বিভাগৰ উপদেশ মর্মে সম্পূর্ণ ভাঙি পেলোৱাৰ পিচত পাঁচ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনায় । সকলো দাবী উত্থাপন কৰি দলটোৱে মহকুমাধিপতিক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।

লগতে পঢ়ক: বহু চিকিৎসকে ভয় কৰে এন্টিভেনম বেজী দিবলৈ : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

চাহ শ্ৰমিকসকলৰ সমূহীয়া উন্নয়ন কেন্দ্ৰৰ নামত লুণ্ঠনৰ অভিযোগ - Skill Development Centre

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.