ETV Bharat / state

সৎসংগী সত্ৰ পৰিচালনা সমিতিৰ অধিকাংশ সদস্যৰ পদত্যাগ - Bhupen Borah Controversy

Satsangi Satra Rangia : ভূপেন বৰাই সত্ৰখনত ৰাজনৈতিক মন্তব্য কৰাৰ পিচতে শুদ্ধি কৰা হ’ল সত্ৰখন ৷ এই সন্দৰ্ভত সত্ৰ পৰিচালনা সমিতিৰ সকলো সদস্য জ্ঞাত নহয় ৷ সেয়া অধিকাংশ সদস্যই দাখিল কৰিলে পদত্যাগ পত্ৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 9:23 PM IST

Satsangi Satra Rangia
সৎসংগী সত্ৰ পৰিচালনা সমিতিৰ অধিকাংশ সদস্যৰ পদত্যাগ (ETV Bharat Assam)

ৰঙিয়া, 30 জুন : সৎসংগী সত্ৰত ভূপেন বৰাই ৰাজনৈতিক মন্তব্য কৰি যি বিতৰ্কৰ সূত্ৰপাত ঘটালে, তাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অন্তই পৰা নাই ৷ এইবাৰ সত্ৰ পৰিচালনা সমিতিৰ পাঁচগৰাকী সদস্যৰ চাৰিগৰাকী সদস্যই সত্ৰাধিকাৰৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে ৷

দেওবাৰে দাখিল কৰা পদত্যাগ পত্ৰখনত সদস্যকেইগৰাকীৰ অগোচৰে সত্ৰত বিভিন্ন কাম-কাজ হোৱা বুলি কাৰণ দৰ্শোৱা হৈছে ৷ পদত্যাগী এগৰাকী সদস্য তৰুণ চন্দ্ৰ কলিতাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সত্ৰত ৰাজনৈতিক মন্তব্য প্ৰদান কৰাৰ পিচত সত্ৰত যি শুদ্ধিকৰণ হৈছিল সেই বিষয়ে তেওঁ জ্ঞাত নাছিল ৷ যাৰ ফলত তেওঁ যথেষ্ট ব্যথিত হয় আৰু পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আনহাতে আন এগৰাকী পদত্যাগী সদস্য কৈলাস কলিতাই এই বিষয়ে মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ আন দুগৰাকী সদস্য প্ৰসন্ন কুমাৰ কলিতা আৰু যোগেশ্বৰ কুমাৰৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল ৷ ইফালে বৰ্তমানেও সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদত থকা পিনকেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শুদ্ধিকৰণৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিৰ সকলো সদস্য জ্ঞাত নাছিল ৷

লগতে পঢ়ক: ভূপেন বৰাৰ পূৰ্বে বিজেপি নেতায়ো বালিসত্ৰৰ সৎসংগী সত্ৰত কৰিছিল ৰাজনৈতিক মন্তব্য : যুৱ কংগ্ৰেছ

তদুপৰি তেওঁ কয় যে সত্ৰখনত আৰম্ভণিৰে পৰা জাতি-ধৰ্ম-নিৰ্বিশেষে সকলো দল-সংগঠনৰ লোক জড়িত হৈ আছে ৷ গতিকে সত্ৰখনৰ স্বাৰ্থত সকলো পক্ষই হৈ যোৱা কথাবোৰ বাদ দিয়াটো উচিত ৷ তদুপৰি তেওঁ ভূপেন বৰাক পুনৰবাৰ সত্ৰলৈ নিমন্ত্ৰণ জনায় ।

উল্লেখ্য যে যোৱা ২৭ জুন বৃহস্পতিবাৰৰ দিনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সত্ৰখন দৰ্শন কৰি সত্ৰৰ চৌহদত সাংবাদিকৰ সৈতে মত-বিনিময় কৰিছিল ৷ সেই সময়তে কেতবোৰ ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ সত্ৰত ৰাজনৈতিক মন্তব্য কৰাৰ ফলত পিচদিনাই সত্ৰখন শুদ্ধি কৰা হৈছিল ৷ যাৰ ফলত বালিসত্ৰৰ লগতে ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

লগতে পঢ়ক: সত্ৰত ভূপেন বৰাৰ ৰাজনৈতিক প্ৰসংগ : ৰঙিয়াৰ বালিসত্ৰৰ সৎসঙ্গী সত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.