ETV Bharat / state

অগ্নিকাণ্ডক লৈ হাহাকাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত - Fire break out in JMCH

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 8:41 PM IST

Fire break out in JMCH: যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত অগ্নিকাণ্ড । পেলনীয়া জাৱৰ জমা কৰা এটা বৃহৎ গুদামত সংঘটিত হয় অগ্নিকাণ্ডৰ । মুহূৰ্ততে জুইৰ লেলিহান শিখাই আৱৰি ধৰে গুদামটো । অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ কৰা হয় জুই ।

Massive fire breaks out in Jorhat Medical College campus
যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত অগ্নিকাণ্ড (ETV Bharat Assam)

যোৰহাট,১২ ছেপ্টেম্বৰ: হঠাৎ হুৱাদুৱা লাগিল যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত । দৌৰাদৌৰি লাগিল চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী, ৰোগীৰ অভিভাৱক তথা উপস্থিত ৰাইজৰ মাজত । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত থকা পেলনীয়া জাৱৰ জমা কৰা এটা বৃহৎ গুদামত হঠাৎ জুইৰ সূত্ৰপাত ঘটি জুইৰ লেলিহান শিখাই আৱৰি ধৰে জাৱৰ জমা কৰা গুদামঘৰটো । ক্ষণিকৰ ভিতৰতে জুই বিভিন্ন স্থানলৈ বিয়পি পৰে । লগে লগে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত ।

অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় । কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত থকা বিশেষ প্ৰণালীবদ্ধ পানীৰ যন্ত্ৰৰ সহায়ত জুই নিয়ন্ত্ৰণৰ কৰিবলৈ সক্ষম হয় । আনহাতে মেডিকেল চৌহদত জুই সূত্ৰপাত হোৱা লগে লগে চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা ৰোগী আৰু আত্মীয় মাজত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশ সৃষ্টি হয় । একাশ লোকে প্ৰাণৰ ভয়ত চিকিৎসালয় চৌহদৰ পৰা বাহিৰলৈ ওলাই আহে ।

ঘটনাস্থলীত আৰম্ভণিৰে পৰা জিলা আয়ুক্ত, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক, অধ্যক্ষসহ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ তদাৰক কৰে । উক্ত অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক তথা চিকিৎসা মহাবিদ্যালয়খনৰ কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি জনাই কৰ্তপক্ষই । আনহাতে যোৰহাট অগ্নি নিবাৰ্পক বাহিনীয়ে NDRF ৰ সহায়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । কিন্তু বৰ্তমানো কিদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া পোহৰলৈ অহা নাই ।

লগতে পঢ়ক: বিধ্বংসী অগ্নিকাণ্ডত মুহূৰ্ততে নিঃশেষ এটা বাসগৃহ - Fire break out

কুলিং টাৱাৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড, ১১ ঘণ্টাৰ পিচত নুমাল জুই - FIRE INCIDENT IN GHAZIABAD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.