ETV Bharat / state

বানত এতিয়াও ককবকাই আছে সাতখন জিলাৰ লক্ষাধিক লোক; মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 1:35 PM IST

ASSAM FLOOD SITUATION : সুস্থিৰ অৱস্থালৈ এতিয়াও ঘূৰি অহা নাই ৰাজ্যৰ বান পৰিস্থিতি ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ সাতখন জিলাৰ লক্ষাধিক লোক এতিয়াও পানীৰ তলত আছে ৷ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২ লৈ বৃদ্ধি হৈছে ৷

ASSAM FLOOD SITUATION
বানত এতিয়াও ককবকাই আছে সাতখন জিলাৰ লক্ষাধিক লোক; মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি (ETV Bharat Assam)

গুৱাহাটী, ৩০ জুন : ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ হৈছে যদিও এতিয়াও ৭ খন জিলাৰ ৪১১ খন গাঁৱৰ লক্ষাধিক লোক বানৰ কবলত আছে । চলিত বাৰিষাৰ দ্বিতীয়টো বানে ৰাজ্যৰ বিভিন্ন জিলাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বানত এতিয়ালৈকে ৩২ গৰাকী লোকৰ মৃত্যু হৈছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বৰ্তমান সময়ত ৰাজ্যৰ কামৰূপ, কৰিমগঞ্জ, ধেমাজি, ডিব্ৰুগড়,কাছাৰ, তিনিচুকীয়া আৰু লখিমপুৰ জিলা বানৰ কবলত আছে । আনহাতে বৰ্তমান সময়ত ব্ৰক্ষ্মপুত্র নদী ডিব্ৰুগড়ত বিপদসীমাৰ ওপৰৰে বৈ আছে ।

ASSAM FLOOD SITUATION
সুস্থিৰ অৱস্থালৈ এতিয়াও ঘূৰি অহা নাই ৰাজ্যৰ বান পৰিস্থিতি (ETV Bharat Assam)

বানত সাতখন জিলাৰ ১৭ টা ৰাজহ চক্ৰৰ ৪১১ খন গাঁৱৰ ১৩৩৯৪৫ গৰাকী লোক প্ৰভাৱিত হৈছে । ইফালে বান প্ৰভাৱিত এলেকাত স্থাপন কৰা ৭১ টা আশ্ৰয় শিবিৰত ৮৪৮৪ গৰাকী লোকে আশ্ৰয় লৈ আছে । ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সর্বাধিক ৬২ টা আশ্রয় শিবিৰত আঠ হাজাৰৰো অধিক লোক আশ্রয় লৈ আছে ।

লগতে পঢ়ক : ৰাজ্যৰ কোন কোন ৰাষ্ট্ৰীয় উদ্যানলৈ বানে কঢ়িয়াইছে ভাবুকি ? - ASSAM FLOOD 2024

বৰ্তমান বানত ৪৮৯২৭ টা পশুধনৰ ক্ষতিগ্ৰস্ত হৈছে । ইফালে বানত ক্ষতিগ্ৰস্ত হৈছে চাৰি হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি । বিগত কেইদিনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে কেইবাটাও অঞ্চল প্লাবিত কৰিছে ।

ইফালে ব্রহ্মপুত্র আৰু ন-দিহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়াৰ সমস্যাই দেখা দিছে । ইফালে ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীৰ মাজতে ওদালগুৰি জিলাত বনৰীয়া হাতীৰ উপদ্রৱে জনসাধাৰণক আহুকালত পেলাইছে । বানৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন ঠাইত খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে ।

গোলাঘাট জিলাৰ খুমটাইত গেলাবিল নৈৰ খহনীয়াই জনজীৱন বিপর্যস্ত কৰি তুলিছে । অঞ্চলটোৰ কেইবা শ বিঘা ভূমি গেলাবিল নৈৰ বুকুত জাহ গৈছে । একেদৰে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বামুণগাঁৱৰ বুঢ়ীদিহিং নৈৰ খহনীয়াই ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : পানীৰ তলত ৰেম্প : বন্ধ ফেৰী চলাচল, যাত্ৰীৰ হাহাকাৰ - Majuli ferry service

গাঁওখনৰ কৃষিভূমি আৰু অনুষ্ঠান-প্রতিষ্ঠান নৈত জাহ যোৱাৰ লগতে শেহতীয়াকৈ গাঁওখনৰ এটা পথৰ বৃহৎ অংশ নৈত জাহ গৈছে । নগাঁও জিলাৰ কামপুৰত হোৱা বানৰ ফলত কেইবাটাও পকীপথ খহি যোৱাত জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ।

চলিত বাৰিষাৰ দ্বিতীয়টো বানত ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তৰ ক্ষতিসাধন হৈছে । শেহতীয়াকৈ বান প্ৰভাৱিত অঞ্চলৰ ১২টাকৈ পথৰ ক্ষতি হৈছে । ইফালে নগৰীয়া বানৰ কবলত পৰিছে কামৰূপ আৰু ডিব্ৰুগড় । ডিব্ৰগড় আৰু কামৰূপত কৃত্রিম বানপানীৰ ফলত সহস্ৰাধিক লোক প্ৰভাৱিত হৈছে । নগৰীয়া বানে ডিব্ৰুগড়ত যথেষ্ট ক্ষতিসাধন কৰিছে ।

লগতে পঢ়ক : শান্ত হোৱা নাই কপিলী : গাখীৰ ঢালি কাকুতি ঘোষা কপিলীপৰীয়াৰ - Kapili River Erosion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.