ETV Bharat / state

ৰাজ্যত বানৰ সংহাৰ : মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি; ৬৭১ খন গাঁও এতিয়াও পানীৰ তলত - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 8:00 AM IST

DAILY ASSAM FLOOD REPORT : ৰাজ্যত ক্ৰমাৎ বানে লৈছে ভয়াৱহ ৰূপ ৷ বুৰ গৈছে ইখনৰ পাচত সিখন গাঁও ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ১২ খন জিলাৰ ৩৬ টা ৰাজহ চক্ৰৰ ৬৭১ খন গাঁও বানৰ কবলত পৰিছে ৷ চলিত বছৰত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে ৷

DAILY ASSAM FLOOD REPORT
ৰাজ্যত বানৰ সংহাৰ (ETV Bharat Assam)

গুৱাহাটী, ১ জুলাই : ৰাজ্যত চলিত বছৰৰ বাৰিষাৰ দ্বিতীয়টো বানে ক্রমে জটিল ৰূপ ধাৰণ কৰিছে । এতিয়ালৈকে ৰাজ্যৰ ১২ খন জিলাৰ ছয় শতাধিক গাঁও বানৰ কবলত পৰিছে । ধেমাজি আৰু গোগামুখত বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত এটি শিশুসহ মৃত্যু হৈছে দুজন লোকৰ ।

চলিত বছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪লৈ বৃদ্ধি পাইছে । আনহাতে ৰাজ্যৰ ছখন নৈ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ উপৰি দহখন নৈৰ পানীয়ে সতর্কতাৰ সীমা অতিক্ৰম কৰিছে ।

লগতে পঢ়ক : বানত এতিয়াও ককবকাই আছে সাতখন জিলাৰ লক্ষাধিক লোক; মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি - ASSAM FLOOD 2024

  • ৩৬ টা ৰাজহ চক্ৰৰ ৬৭১ খন গাঁও বানৰ কবলত :

অসম দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে জনোৱা মতে, সম্প্ৰতি ৰাজ্যৰ ১২ খন জিলা - কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ আৰু যোৰহাট জিলা বানৰ কবলত আছে । ইয়াৰে ৩৬ টা ৰাজহ চক্ৰৰ ৬৭১ খন গাঁও নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে ।

বানৰ ফলত এতিয়ালৈকে প্ৰভাৱিত হৈছে ২ লাখ ৬২ হেজাৰ ১৮৬ জন লোক । বানত বুৰ গৈছে ৬,৫৪৬ হেক্টৰ কৃষিভূমি ।

  • ধেমাজি আৰু কামৰূপ জিলা সর্বাধিক প্রভাৱিত হৈছে :

বানত ধেমাজি আৰু কামৰূপ জিলা সর্বাধিক প্রভাৱিত হৈছে । ধেমাজিৰ গোগামুখ, চিচিবৰগাঁও, ধেমাজি আৰু জোনাইৰ ১৬৩ খন গাঁও বানৰ কবলত পৰিছে । কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী, ৰঙিয়া, হাজো, কমলপুৰ অঞ্চলৰ ১৪৮ খন গাঁও বানত বুৰ গৈছে ।

ধেমাজিত ৭ টা আৰু কৰিমগঞ্জত ৩৮ টাকে ধৰি ডিব্ৰুগড়ত ৭টা, কাছাৰত এটা, তিনিচুকীয়াত ২টা বান আশ্ৰয় শিবিৰ সাহায্য কেন্দ্ৰ স্থাপন কৰা হৈছে । এই আশ্রয় শিবিৰ/সাহায্য কেন্দ্ৰত বৰ্তমান প্রায় ২২ হেজাৰ লোকে আশ্রয় গ্রহণ কৰি আছে । ধেমাজিত বানৰ কবলৰ পৰা ৩০০ জনক উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক : বানৰ কৱলত বাৰখন জিলাৰ আঢ়ৈ লক্ষাধিক লোক: মৃতকৰ সংখ্যা ৩৪লৈ বৃদ্ধি - ASSAM FLOOD 2024

  • কেন্দ্রীয় জল আয়োগৰ তথ্য :

ইপিনে, কেন্দ্রীয় জল আয়োগৰ শেহতীয়া তথ্য মতে, ৰাজ্যৰ ছখন নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

  1. লখিমপুৰৰ বদতিঘাটত সোৱণশিৰি বিপদসীমাৰ ০.২ মিটাৰ,
  2. বৰপেটাৰ বেঁকী ৰোড ব্ৰীজত বেঁকী নৈ বিপদসীমাৰ ০.২৭ মিটাৰ,
  3. ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ০.০৯ মিটাৰ,
  4. কৰিমগঞ্জত কুশিয়াৰা বিপদসীমাৰ ০.০১ মিটাৰ,
  5. শোণিতপুৰৰ এন টি ৰোড ক্ৰছিঙত জীয়াভলী বিপদসীমাৰ ০.১৩ মিটাৰ,
  6. যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ১.৮২ মিটাৰ আৰু
  7. শিৱসাগৰত দিখৌ নৈ বিপদসীমাৰ ০.৮৫ মিটাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়ক : বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বোকাখাত আৰক্ষী: বন্যপ্ৰাণীক অনিষ্ট নকৰাৰ আহ্বান - ASSAM FLOOD 2024

লক্ষণীয়ভাৱে, যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰই সর্বোচ্চ বান সীমা (৮৭.৩৭ মিটাৰ) অতিক্ৰম কৰিবলৈ মাত্র ০.০১ মিটাৰ বাকী । আনহাতে, কৰিমগঞ্জৰ বদৰপুৰ ঘাটত বৰাক, ডিব্ৰুগড়ৰ চেনিমাৰীত বুঢ়ীদিহিং, ধুবুৰীত ব্ৰহ্মপুত্ৰ, ধুবুৰীৰ গোলোকগঞ্জত সোণকোষ, কোকৰাঝাৰত গৌৰাং, শিৱসাগৰৰ নঙলামূৰাঘাটত দিচাং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি, নলবাৰীৰ এন টি ৰোড ক্ৰছিঙত পাগলাদিয়া, কামৰূপৰ এন এইচ ৰোড ক্ৰছিঙত পুঠিমাৰী, লখিমপুৰৰ এন টি ৰোড ক্ৰছিঙত ৰঙানদী আৰু শোণিতপুৰৰ তেজপুৰত ব্ৰহ্মপুত্ৰ নৈয়ে সতর্কতাৰ সীমা অতিক্ৰম কৰিছে ।

  • আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা :

ইপিনে, অহা চাৰি-পাঁচ দিনলৈ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মজলীয়া ধৰণৰ বৰষুণ অব্যাহত থকাৰ লগতে কোনো কোনো অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট আৰু অ'ৰেঞ্জ এলার্ট জাৰি কৰিছে ।

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৪ জুলাইলৈকে প্ৰকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি এই সময়ছোৱাত ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে । কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে মুষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : জোনাইত লালী-ব্ৰহ্মপুত্ৰৰ কালৰূপ, ২৮ শ গাঁও বানৰ কবলত - ASSAM FLOOD 2024

আজি নলবাৰী আৰু কাৰ্বি আংলং জিলাত ৰেড এলার্ট আৰু ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিমা হাচাও জিলাত অ'ৰেঞ্জ এলাৰ্ট ঘোষণা কৰা হৈছে । আনহাতে, ২৪ জুলাইলৈকে আন কেইবাখনো জিলাত অ'ৰেঞ্জ আৰু য়েল' এলাৰ্ট জাৰি কৰা হৈছে ।

যোৱা ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল -

  1. বৰপেটা ২৭.৫ মিঃমিঃ,
  2. ডিব্ৰুগড় ৬১ মিঃমি,
  3. গোলাঘাট ১০ মিঃমি,
  4. গুৱাহাটী ১৭ মিঃমিঃ,
  5. মাজবাট ৩৮ মিঃমিঃ,
  6. উত্তৰ লখিমপুৰ ৭৩ মিঃমিঃ,
  7. শিলচৰ ২৪ মিঃমিঃ আৰু
  8. তেজপুৰ ২২ মিঃমিঃ ৷

লগতে পঢ়ক : ১০ বছৰে মেৰামতি নকৰা বাঘজান শ্লুইছ গেট ভাঙিল বানত - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.