ETV Bharat / state

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১৩ গৰাকী শিক্ষাৰ্থী - Food poisoning - FOOD POISONING

Food Poisoning in Tinsukia : খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ছাত্ৰ-ছাত্ৰী । পুৱাৰ অহাৰত মাছ আৰু খৰিচা টেঙা খোৱাৰ পিচতেই অসুস্থ হৈ পৰে শিক্ষাৰ্থীসকল । বৰ্তমান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে অসুস্থ শিক্ষাৰ্থীসকল ।

Food Poisoning in Tinsukia
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 2:14 PM IST

তিনিচুকীয়া, ৩ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী । বিদ্য়ালয়খনৰ ছাত্ৰাবাসৰ ৪৫ গৰাকীৰ আৱাসীৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বুলি জনিব পৰা গৈছে ।

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV Bharat Assam)

বিদ্যালয়খনৰ প্ৰধান শিক্ষকে সদৰী কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ আৱাসত পুৱাৰ ভাগত আহাৰ গ্ৰহণ পাচতে তেওঁলোক বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে । কালিও একে ধৰণৰ খাদ্য় আৱাসীসকলক দিয়া হৈছিল । সোমবাৰে এই খাদ্য় খোৱাৰ পিচত কোনোধৰণৰ সমস্য়াৰ সৃষ্টি হোৱা নাছিল ।

  • অসুস্থক তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি :

ছাত্ৰ-ছাত্ৰীকেইগৰাকী অসুস্থ হোৱাৰ পাচত ততাতৈয়াকৈ তেওঁলোকক মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । আৱাসৰ সকলো ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱা নাই যদিও সকলোকে লৈ অনা হৈছে চিকিৎসালয়লৈ ৷ খাদ্য বিষক্ৰিয়া হোৱাৰ সবিশেষ কাৰণ জানিবলৈ পৰা হোৱা নাই ৷ কিন্তু নিশা আৰু পুৱাৰ অহাৰত মাছ আৰু খৰিচা টেঙা খোৱা বুলি প্ৰধান শিক্ষকগৰাকীয়ে কয় ৷ সেই আহাৰ গ্ৰহণৰ ফলতেই খাদ্য বিষক্ৰিয়া হোৱা সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয় খনৰ কৰ্তৃপক্ষই ।

একাংশ অভিভাৱকে এই বিষয়ে কয়, "আমাক মামৰণী জাতীয় বিদ্যালয় কৰ্তৃপক্ষই পুৱা এই বিষয়ে জনোৱাত পোনে পোনে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালতলৈ আহিছো । কি কাৰণত এয়া হৈছে সেই বিষয়ে একো জানিব পৰা নাই ।"

বৰ্তমান অসুস্থ ছাত্ৰ-ছাত্ৰীকেইগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছে মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ ইফালে চিকিৎসকেও খাদ্য বিষক্ৰিয়া হোৱা বুলিয়েই সন্দেহ প্ৰকাশ কৰিছে । বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, আটাইকে চিকিৎসা প্ৰদানৰ অন্তত সম্ভৱতঃ পিচবেলা ভাগত যাবলৈ দিয়া হ’ব ।

লগতে পঢ়ক:খাদ্যত বিষক্ৰিয়া: দৰঙৰ পাথৰিঘাটত প্ৰায় ২৬ গৰাকী লোক অসুস্থ - Food poisoning

খাদ্যত বিষক্ৰিয়া: হঠাৎ অসুস্থ হৈ পৰিল অতিকমেও 150 গৰাকী আৰক্ষী জোৱান - Bihar Special Armed Police incident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.