ETV Bharat / state

ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত, ১.০৫ লাখ লোক ক্ষতিগ্রস্ত - Assam Flood 2024 - ASSAM FLOOD 2024

Flood situation in Assam : ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বানে ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত পৰিছে ৷ লগতে ১.০৫ লাখ লোক ক্ষতিগ্রস্ত হৈছে ৷

Flood situation in Assam
ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 10:06 AM IST

গুৱাহাটী, ১৮ জুন : ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ-বৰাকৰ উপৰি বিভিন্ন উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । যাৰ বাবে ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত পৰিছে ।

বিভিন্ন ঠাইত খহনীয়া অব্যাহত আছে ৷ কেইবা ঠাইতো বাঢ়নি পানীয়ে মথাউৰি যিকোনো মুহূর্ততে ছিঙি নিয়াৰ উপক্ৰম হৈছে । কামপুৰত কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাত জিলা প্রশাসনে মাইকযোগে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ।

বতৰ বিজ্ঞান বিভাগে ৰাজ্যত পুনৰ বৰষুণৰ আগজাননী দিয়াত বান পৰিস্থিতি অনাগত সময়ত অধিক শোচনীয় হৈ পৰাৰ আশংকা কৰা হৈছে । ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি, কামপুৰত কপিলী নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়ক : বানৰ কবলত ৰাজ্যৰ দহখন জিলা, কালৰূপী বানত বৰ্তমানলৈ শিশুসহ ১৮ জনৰ মৃত্যু - ASSAM FLOOD 2024

  • ৩০৯খন গাঁৱৰ ১.০৫ লাখ লোক ক্ষতিগ্রস্ত হৈছে

ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য মতে, চলিত বানত ৩০৯ খন গাঁৱৰ ১.০৫ লাখ লোক ক্ষতিগ্রস্ত হৈছে । বন্যাক্রান্ত জিলাকেইখন হ’ল-

  • তামুলপুৰ,
  • বঙাইগাঁও,
  • কৰিমগঞ্জ,
  • লখিমপুৰ,
  • ওদালগুৰি,
  • দৰং,
  • ধেমাজি,
  • নগাঁও,
  • হোজাই,
  • চিৰাং,
  • বৰপেটা,
  • বাক্সা,
  • নলবাৰী আৰু
  • গোৱালপাৰা ।

সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা । কৰিমগঞ্জ জিলাত ১৯২ খন‌ গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বঙাইগাঁও জিলাত ৫৯ খন, নগাঁৱত ১১ খন, তামুলপুৰ জিলাত ১৩ খন, হোজাই জিলাত ৯ খন‌ সৰ্বাধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক : পুনৰ ভয়াৱহ বানৰ আশংকা : সম্ভাব্য পৰিস্থিতিৰ বাবে জিলা আয়ুক্তলৈ এশ কোটি টকা মঞ্জুৰ - Assam Flood 2024

  • বানত ৩৯৮০৬ পশুধন ক্ষতিগ্ৰস্ত

ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য মতে, বানত এতিয়ালৈকে বানত ৩৯৮০৬ টা পশুধন ক্ষতিগ্ৰস্ত হৈছে । কৰিমগঞ্জ জিলাত সৰ্বাধিক পশুধনৰ ক্ষতিগ্ৰস্ত হৈছে । আকৌ বানত ৪৫.৭ হেক্টৰ কৃষিভূমিৰ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে সৰ্বাধিক কৃষি ভূমি হ'ল বঙাইগাঁও জিলাৰ ।

আকৌ চৰকাৰে এতিয়লেকে ব্যৱস্থা কৰা ৩১৬৮ টা আশ্ৰয় শিবিৰত বানপীড়িতলৈকসকলে আশ্ৰয় গ্ৰহণ কৰি আছে । এই আটাইবোৰ আশ্ৰয় শিবিৰ কৰিমগঞ্জ জিলাত আছে ।

  • বিভিন্ন ঠাইত যাতায়ত ব্যৱস্থা ব্যাহত

বানত বিভিন্ন ঠাইত যাতাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । বঙাইগাঁও, নগাঁও, তামুলপুৰ, হোজাই, বৰপেটা আৰু নলবাৰী জিলাৰ কেবা ঠাইতো যাতায়ত বিচ্ছিন্ন হৈ পৰিছে । কামপুৰৰ পৰা পটিয়াপাম আৰু চাংজুৰাই হৈ যমুনামুখ সংযোগী পথ আৰু কামপুৰৰ পৰা চাচকী আৰু বকুলগুৰি হৈ পশ্চিম কাৰ্বি আংলং জিলা সংযোগী কপিলীৰ বানত জলমগ্ন হোৱাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ।

বানত হোজাই-হামৰেণ ঘাইপথ বন্ধ হৈ পৰিছে । কালি পুৱাৰে পৰা হোজাই পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ ঘাইপথ সংযোগী পথটো বন্ধ হৈ পৰিছে । উমৰাংচ’ জলবিদ্যুৎ প্রকল্পৰ কর্তৃপক্ষই সাতখনকৈ ছুইচ গেট খুলি দিয়াৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে কপিলীৰ পানী ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ, ৭ জিলাৰ ৯৩ খন গাঁও প্লাবিত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.