ETV Bharat / state

কালঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 11:01 AM IST

Updated : May 28, 2024, 11:27 AM IST

Remal Hits in Assam : ৰেমলে জোকাৰি গৈছে ৰাজ্য ৷ ৰেমলৰ প্ৰভাৱত ৰাজ্যত হোৱা ধুমুহা-বৰষুণৰ বাবে বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠানসমূহো ৷ চিন্তিত এতিয়া ৰাজ্যবাসী ৷

Etv Bharat
Etv Bharat (Etv Bharat)

গুৱাহাটী/ নগাঁও, ২৮ মে' : ৰেমলৰ প্ৰভাৱত আতংকিত এতিয়া ৰাজ্যবাসী । ৰেমলৰ প্ৰভাৱৰ বাবেই বতাহ-বৰষুণে চানি ধৰিছে ৰাজ্য । সোমবাৰে নিশাৰে পৰা প্ৰৱল ধুমুহা আৰু ঠাই বিশেষে পাতলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে । ৰেমলৰ প্ৰভাৱত দেওবাৰে নিশাৰে পৰা ৰাজ্যৰ বতৰ সলনি হৈছে যদিও যোৱা নিশাৰ পৰা ইয়াৰ মাত্ৰা অত্যধিক হৈছে ।

বিগত কেইবাদিন ধৰি প্ৰৱল গ্ৰীষ্ম প্ৰবাহে জনজীৱন স্তব্ধ কৰাৰ পিচত দেওবাৰে নিশাৰ পৰা তাপমাত্ৰা সলনি হৈছিল । যাৰ ফলত গ্ৰীষ্ম প্ৰৱাহত পৰা ৰাইজে কিছু সকাহ পাইছে । কিন্তু যোৱা নিশাৰ পৰা ৰাজ্যৰ পৰিৱেশ সলনি হৈ পৰিছে ৷ ফলত প্ৰৱল ধুমুহা আৰু বৰষুণে এইবাৰ ব্যাহত কৰিছে স্বাভাৱিক জীৱনযাত্রা ।

Many damaged due to cyclone remal in Assam
ৰেমলৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ কবলত ৰাজ্য, বন্ধ শিক্ষানুষ্ঠান (ETV Bharat Assam)

গুৱাহাটী মহানগৰীতো এতিয়া ধুমুহাৰ তাণ্ডৱ । যোৱানিশা ধুমুহাৰ বাবে গুৱাহাটীৰ ভি আই পি পথত সংঘটিত হয় ভয়ংকৰ ঘটনা । চলন্ত বাইকৰ ওপৰত এডাল প্রকাণ্ড গছ পৰাৰ ফলত গুৰুতৰভাৱে আহত হয় চালকজন । কেৱল এয়াই নহয়, গুৱাহাটীৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে ।

বিশেষকৈ পাহাৰ অঞ্চলত থকা লোকসকল ধুমুহা-বৰষুণৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইফালে ৰেমলৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ বহু বিদ্যালয়ৰ পাঠদান বাতিল কৰা হৈছে । আগতীয়া সাৱধানতা অৱলম্বন কৰি গুৱাহাটীৰ একাংশ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে বাতিল কৰিছে পাঠদান । ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ঘোষণা কৰিছে একাংশ বিদ্যালয়ে ।

লগতে পঢ়ক : ৰেমল : নুৰে 14 খন বিমান, নুঘূৰে কেইবাখনো ৰে’লৰ চকা - Cyclone Remal

অৱশ্যে এইক্ষেত্রত চৰকাৰীভাৱে পুৱাৰ ভাগলৈকে কোনো ধৰণৰ জাননী জাৰি কৰা হোৱা নাই । তথাপিও বহু বিদ্যালয়ে নিজাকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি পুৱাই বিদ্যালয় বন্ধ ঘোষণা কৰিছে । ইফালে ধুমুহা-বৰষুণৰ বাবে নিশাৰে পৰা গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চলতে নাই বিদ্যুৎ সেৱা । ফলত সমস্যাৰ সন্মুখীন হৈছে মহানগৰীবাসী ।

লক্ষণীয় বিষয় যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰ আৰু মঙলবাৰৰ দিনটোত অসমত ৰেড এলাৰ্ট জাৰি কৰিছিল । এই সময়চোৱাত অসমত ঠায়ে ঠায়ে প্ৰবলৰ পৰা প্ৰচুৰ বৰষুণ হোৱাৰ‌ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছিল । সেই অনুসৰি ৰাজ্যত ঠায়ে ঠায়ে ধুমুহাৰ লগতে পাতলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হৈছে । বিশেষকৈ গুৱাহাটী মহানগৰীত নিশাৰ পৰাই ধুমুহাৰ লগতে পাতলীয়া বৰষুণ হৈছে । যাৰ ফলত বিগত কেইদিনত প্ৰৱল গ্ৰীষ্ম প্ৰবাহৰ কবলৰ পৰা গুৱাহাটী মহানগৰীৰ পৰিৱেশ এতিয়া সম্পূৰ্ণ পৃথক ।

লগতে পঢ়ক : ৰেমলক লৈ কিদৰে অৱলম্বন কৰিব সাৱধানতা ? - Cyclone Remal

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰয়ো 18 জিলালৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে জাননী জাৰি কৰিছে । ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, নলবাৰী, গোলাঘাট, হোজাই, মৰিগাঁও, নগাঁৱকে ধৰি ৰাজ্যৰ 18 খন জিলাত ৰেমলৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে । সোমবাৰে নিশাৰ পৰাই নগাঁৱকে ধৰি ৰেমলৰ প্ৰভাৱ পৰাৰ আশংকা থকা প্ৰায়কেইখন জিলাত আৰম্ভ হৈছে ধুমুহা, বৰষুণ । মঙলবাৰে পুৱাৰ পৰাও কিছু কিছু এলেকাত ধুমুহাৰ লগতে বহু এলেকাত বৰষুণৰ প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে ।

পথৰ ওপৰত কেইবাঠাইতো গছ বাগৰি পৰাৰো খবৰ পোৱা গৈছে । মঙলবাৰে পুৱাৰ পৰাই ৰেমলৰ প্ৰভাৱ পৰাৰ পৰিপ্ৰেক্ষিতত ৰেমলৰ আশংকা থকা নগাঁও, মৰিগাঁও, হোজাই আদি জিলাত চৰকাৰী অথবা ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হৈছে । নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা আৰু হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে এক নিৰ্দেশযোগে জিলাকেইখনৰ সকলো শিক্ষানুষ্ঠান মঙলবাৰে বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে ৰেমলৰ প্ৰভাৱ পৰাৰ আশংকা থকা আন কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান মঙলবাৰে বন্ধৰ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে । লগতে জিলাকেইখনত চুইমিং কৰা বা সাতোঁৰা, নাও চলালচল, ফেৰী চলাচল আদি বন্ধ ৰখাৰো নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰেমলৰ প্ৰভাৱত অসমত হ’ব ধাৰাসাৰ বৰষুণ: বলিব ধুমুহাও - Cyclone Remal

Last Updated : May 28, 2024, 11:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.