ETV Bharat / state

বৰপথাৰত চাৰি কোটি টকাৰ মৰফিন জব্দ : আটক মণিপুৰৰ সৰবৰাহকাৰী - Drugs seized in Barpathar - DRUGS SEIZED IN BARPATHAR

Morphine seized in Diphu: ৰাজ্যত পিটপিটাই ফুৰিছে ড্ৰাগছ বেপাৰী ৷ চুবুৰীয়া মণিপুৰ, ত্ৰিপুৰাৰ ড্ৰাগছ বেপাৰীয়ে ছানি ধৰি ৰাজ্য ৷ দেওবাৰে মণিপুৰৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷

Morphine seized in Golaghat
বৰপথাৰত চাৰি কোটি টকাৰ মৰফিন জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 10:42 PM IST

ডিফু, ১৬ জুন : ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে কাৰ্বি আংলঙতো আৰক্ষীয়ে অব্যাহত ৰাখিছে নিষিদ্ধ নিচাৰ বিৰুদ্ধে অভিযান ৷ দেওবাৰেও বৰপথাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান ৷ আৰক্ষীৰ অভিযানকালত কেইবাকোটি টকাৰ মৰফিন জব্দ কৰা হয় ৷ তদুপৰি এখন বাহন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হয় । মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ডব্লিউ বি ২৬ টি ২৮৪১ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনত চলোৱা তালাচীৰ সময়ত বাহনখনৰ পৰা আৰক্ষীয়ে ১৬ টা পেকেটত লুকুৱাই ৰখা ৮ কেজি ৩৩ গ্ৰাম মৰফিন আৰক্ষীয়ে জব্দ কৰে ।

লগতে পঢ়ক: কাছাৰত বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ তিনি মিজো সৰবৰাহকাৰী

বাহনখনৰ পিচফালৰ দুয়োটা চকাৰ মাডগাৰ্ডৰ ওপৰৰ বডী অংশত কৌশলেৰে লুকুৱাই মৰফিনখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল । জব্দ হোৱা মৰফিনখিনিৰ বজাৰ মূল্য কমেও প্ৰায় চাৰি কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ ভীমছিং লিম্বু নামৰ সৰবৰাহকাৰীটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বিলাসী বাহনেৰে তিনি কোটি টকাৰ ড্ৰাগছ সৰবৰাহ, আটক তিনি সৰবৰাহকাৰী

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত অধিক তীব্ৰতৰ হৈছে ড্ৰাগছবিৰোধী অভিযান ৷ কিছুদিন পূৰ্বে দেখা গৈছিল যে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্ত নিজেই ড্ৰাগছবিৰোধী অভিযানত নামি পৰিছিল । 12 জুনত আই জি পি গৰাকীৰ নেতৃত্বত চলা অভিযানত বদৰপুৰৰ পৰা জব্দ কৰা হৈছিল ৬৬ কোটি টকাৰ য়াবা টেবলেট ৷ তদুপৰি গ্ৰেপ্তাৰ কৰা হৈছিল তিনিটা সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰী তিনিটা আছিল ত্ৰিপুৰাৰ ৷

সেই অনুসৰি এটা কথা নিশ্চিত হৈছে যে, অসমৰ নিষিদ্ধ বজাৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে চুবুৰীয়া ৰাজ্যৰ লোক ৷

লগতে পঢ়ক: 66 কোটি টকাৰ য়াবা টেবলেটসহ কৰিমগঞ্জত আটক তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.