ETV Bharat / state

প্ৰেম এনেকুৱাই ! দৰিদ্ৰ লোকৰ মাজত প্ৰয়াত পত্নীৰ জন্মদিন উদযাপন - A true lover

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:51 PM IST

A lifelong lover: এগৰাকী প্ৰেমিক স্বামী । একাকিত্বই কোঙা কৰা এগৰাকী প্ৰেমিক । পত্নীৰ মৃত্যুৰ এমাহ উকলি গ'ল । ইয়াৰ পিছতে দৰিদ্ৰ লোকৰ মাজত নিশাৰ আহাৰ বিতৰণ কৰি উদযাপন কৰিলে প্ৰয়াত পত্নীৰ জন্মদিন ।

Man celebrates late wife's birthday by distributing dinner among poor people in Barpeta Road
দৰিদ্ৰ লোকৰ মাজত প্ৰয়াত পত্নীৰ জন্মদিন উদযাপন (ETV Bharat Assam)

বৰপেটাৰোড,২৯ আগষ্ট: আপুনি নিশ্চয় আজন্ম প্ৰেমিক নীলপৱন বৰুৱাৰ প্ৰেমৰ কথা জানে । কিদৰে দীপালী বাইদেউ গুচি যোৱাৰ পাছতো তেওঁৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰি আহিছিল নীলপৱন বৰুৱাই । তেনে প্ৰেমিক বহু আছে । বৰ্তমান সম্পৰ্কই স্থায়ী ঠিকনা লাভ নকৰাৰ সময়তো, প্ৰেমৰ নামত বিশ্বাসঘাতকতাই সম্পৰ্কবোৰত কালিমা সনাৰ সময়তো জীয়াই আছে সৰগীয় প্ৰেমৰ মাদকতা । তাকেই যেন প্ৰমাণ কৰিলে আন এজন আজন্ম প্ৰেমিকে ।

পত্নীপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ৰবেন দাস নামৰ এজন লোকে । সৰভোগৰ ৰবেন দাসৰ পত্নী উমা দাস অধিকাৰীয়ে বিগত জুলাই মাহৰ এঘাৰ তাৰিখে ইহ-সংসাৰৰ পৰা বিদায় মাগিছে । পত্নীক হেৰুৱাই একাকিত্বৰ যন্ত্ৰণাত দগ্ধ হৈ গৈছে ৰবেন দাস । বিয়াৰ পাছৰে পৰাই প্ৰতিবছৰেই সৰভোগৰ ৰবেন দাসে নিজৰ পত্নীৰ জন্মদিন ব্যাপক উলহ-মালহেৰে পালন কৰি আহিছিল যদিও নিষ্ঠুৰ নিয়তিয়ে তেওঁৰ পত্নীক ইহসংসাৰৰ পৰা চিৰদিনৰ বাবে লৈ যায় ।

পত্নীক হেৰুৱাই একাকিত্বৰ যন্ত্ৰণা বুকুত বান্ধি লৈয়ো তেও পত্নীপ্ৰেমত মগ্ন হৈ আছে । ৰবেন দাসৰ অতি মৰমৰ জীৱনসংগী উমা দাস অধিকাৰীৰ মৃত্যুৰ পাছত পত্নীৰ আজি আছিল প্ৰথমটো জন্মদিন । পত্নীৰ অনুপস্থিতিত স্বামী ৰবেন দাসে এক ব্যতিক্ৰম ৰূপত পালন কৰিলে প্ৰয়াত পত্নীৰ জন্মদিন ।

পত্নীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি সৰভোগ আৰু বৰপেটাৰোডৰ অলিয়ে গলিয়ে থকা নিঃকিন তথা দৰিদ্ৰ লোকক নিশাৰ আহাৰ বিতৰণ কৰি পালন কৰিলে প্ৰয়াত পত্নীৰ জন্মদিন । পত্নী বিয়োগৰ পাছত মৰমৰ পত্নীৰ জন্মদিন পালন কৰিবলৈ পাহৰা নাই স্বামী ৰবেন দাসে । প্ৰয়াত পত্নীৰ জন্মদিন উপলক্ষে হাটে-ঘাটে খুজিমাগি খোৱা লোকসকলক নিশাৰ আহাৰ বিতৰণ কৰি আত্মসন্তুষ্টি লভিছে স্বামী ৰবেন দাসে । পত্নীৰ মৃত্যুৰ পাছত পত্নী প্ৰেমৰ স্মৃতি জীয়াই ৰখাৰ বাবে পত্নীৰ জন্মদিন পালন কৰা সৰভোগৰ ৰবেন দাসৰ পত্নীপ্ৰেমৰ নিদৰ্শন অনন্য হৈ ৰ'ব ।

লগতে পঢ়ক: আৰ্তজনৰ বন্ধু: নিঃস্বাৰ্থ সেৱাৰে অনেকজনৰ সপোন সঁচা কৰা এজন ব্যক্তি - unsung hero

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.