ETV Bharat / state

গো-মাংস নিষিদ্ধক লৈ চিন্তিত মাজুলীৰ গোপালক - BAN BEEF

প্ৰসংগ: গো-মাংস নিষিদ্ধ ৷ গো-মাংস বন্ধ কৰাত ক্ষতিগ্ৰস্ত হ’ব মাজুলীৰ লগতে ৰাজ্যৰ গোপালকসকলো । এই মন্তব্য মাজুলীৰ গোপালকসকলৰ ৷

Ban beef
মাজুলীৰ গোপালক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2024, 11:11 AM IST

মাজুলী : ৰাজ্যত হোটেল, ৰেস্তোৰাঁকে ধৰি সকলো ৰাজহুৱা স্থান আৰু অনুষ্ঠানত গো-মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল । ৰাজহুৱা স্থান আৰু অনুষ্ঠানত গো-মাংস নিষিদ্ধ হোৱাক লৈ এতিয়াও অব্যাহত আছে তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ।

গো-মাংস নিষিদ্ধ হোৱাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যৰ লগতে মাজুলীৰ গোপালকসকলো । গো-মাংস বন্ধ কৰাত এতিয়া নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হ’ব মাজুলীৰ লগতে ৰাজ্যৰ গোপালকসকল । এইসকল মাজুলীৰ গোপালকে সংবাদ মাধ্যমৰ আগত দুখেৰে কয়, ‘‘ডাঙৰ মানুহৰ ৰাজিনীতিত আমাৰ লেখীয়া দুখীয়া মানুহৰ ওপৰত ৰামটাঙোন পৰে ।’’

মাজুলীৰ গোপালক (ETV Bharat Assam)

এগৰাকী গোপালকে কয়, ‘‘পূৰ্বে গো-সুৰক্ষা আইন আনিলে গৰুৰ দাম কমি গ’ল । কিন্তু বজাৰখন চলি থাকিল কম দামত ৷ আমাৰ পৰা কিনি নি অধিক দামত বেপাৰীয়ে গৰু বিক্ৰী কৰি থাকিল । এতিয়া গো-মাংস নিষিদ্ধ কৰিলে গৰুৰ দাম আৰু নিদিব । আমাৰ পৰিয়াল কেনেদৰে চলিব ।’’ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অকল চেউৰী গৰু জন্ম দিলে গাখীৰ বিক্ৰী ক’ত হ’ব বুলি সংবাদ মধ্যমৰ আগত প্ৰশ্ন কৰে মাজুলীৰ দৰবাৰ চাপৰিৰ গোপালকে ।

লগতে পঢ়ক : গো-মাংস নিষিদ্ধৰ সিদ্ধান্ত বাতিলৰ দাবী বিধায়ক আশ্ৰাফুল হুছেইনৰ

লগতে পঢ়ক : গৰুৰ মাংস যদি নাখাই গৰুৱে মানুহ খাব ! আন এক যুক্তি

মাজুলীৰ দৰবাৰ চাপৰিৰ গোপালকসকলে চৰকাৰৰ এই সিদ্ধান্ত সহজভাৱে মানি ল’ব খোজা নাই । তেওঁলোকে কয়, ‘‘গো পালন কৰিয়েই আমি পৰিয়াল পোহপাল দি আহিছো ৷ এতিয়া গো-মাংস নিষিদ্ধ কৰাৰ পাছত আমি গো-পালন কৰি কি লাভ হ’ব ? কোনে কিনিব আমাৰ গৰুবিলাক ?’’

অন্যহাতে, জিলা বিজেপিৰ কৃষক মৰ্চাৰ প্ৰাক্তন সভাপতি ৰাজু কলিতাই ইয়াৰ প্ৰতিবাদ জনাই কয়, ‘‘এই সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত । গোপালকসকলে দুগ্ধ উৎপাদন হিচাপে নহয়, গৰু পুহিছে খেতি হিচাপেও । গো-মাংস বিক্ৰী হ’লেহে গৰু বিক্ৰী হ’ব । এনে কৰিলে গৰু ছিণ্ডিকেটহে বৃদ্ধি পাব, কৃষকে মাধামৰ খাব ।’’

লগতে পঢ়ক : ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ গো-মাংস প্ৰংসগ উত্থাপন; ঈদগাহ সমিতিৰ অভিযোগ

লগতে পঢ়ক : গো-মাংস নিষিদ্ধৰ বাবে ৰূপক শৰ্মায়ো জগৰীয়া কৰিলে সাংসদ ৰকিবুলকেই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.