ETV Bharat / state

অহংকাৰ কৰিলে পতন অনিবাৰ্য : বিৰোধীক ঐক্যবদ্ধ হৈ থকাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ - AJP LEADER LURINJYOTI GOGOI

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:42 PM IST

Opposition Unity Forum Assam: বিৰোধী ঐক্য মঞ্চত দেখা দিছে মনোমালিন্য ৷ বিশেষকৈ কংগ্ৰেছে উপ নিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ পোষকতা কৰাৰ পাছতে বিৰোধী ঐক্য মঞ্চৰ দলসমূহৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ চিন্তিত বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ ৷

AJP LEADER LURINJYOTI GOGOI
বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২১ জুলাই: বিৰোধী ঐক্যবদ্ধ হোৱা বাবেহে লোকসভাত ভাল ফলাফল হৈছিল ৷ উপ নিৰ্বাচনতো বিৰোধীয়ে সুকীয়াকৈ খেলাৰ সলনি ঐক্যবদ্ধভাৱে খেলিব লাগে - এই আহ্বান অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি লুৰীণজ্যোতি গগৈয়ে এইদৰে কয় ৷

চিন্তাক্লিষ্ট লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

শেহতীয়াকৈ বিৰোধী ঐক্য মঞ্চত দেখা দিয়া মনোমালিন্যৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে এই বিশেষ আহ্বান জনাই অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ বিশেষকৈ কংগ্ৰেছ দলে উপ নিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ পোষকতা কৰাৰ পাছতে বিৰোধী ঐক্য মঞ্চৰ দলসমূহৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ তাৰেই ক্ষোভৰ উদগীৰণ হোৱা দেখা গৈছে বিৰোধী ঐক্য মঞ্চত ৷

লগতে পঢ়ক: দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য - Opposition unity Assam

বিৰোধী ঐক্য মঞ্চত দেখা দিয়া এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লুৰীণজ্যোতি গগৈয়ে কয় যে, আমি সকলোৱে সংযম, ধৈৰ্য পাহৰিলে নহ'ব ৷ তেওঁ বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি ঐক্যবদ্ধ হৈ থকাৰ বাবে আহ্বান জনাই কয় যে, বিৰোধীৰ উমৈহতীয়াভাৱে প্ৰাৰ্থী এগৰাকী হ'ব লাগে ৷ সুকীয়াকৈ নিৰ্বাচন খেলিলে বিজেপিহে লাভৱান হ'ব ৷ বিজেপিক পৰাভূত কৰিবলৈ সকলো এক হ'ব লাগে বুলি সদৰী কৰি গগৈয়ে কয় যে, অহংকাৰ কৰিলে পতন অনিবাৰ্য ৷ কোনেও ইমান অত্যুৎসাহী হ'ব নালাগে ৷ ২০২১ ৰ নিৰ্বাচনে আমাক শিকাইছে বুলি উল্লেখ কৰি এজেপিৰ সভাপতিগৰাকীয়ে বিৰোধীৰ বিভাজন হ'লে কেৱল বিজেপি লাভান্বিত হ'ব বুলি কয় ৷

বিৰোধী ঐক্যৰ সাধাৰণ সম্পাদক হিচাপে সকলোকে এক হোৱাৰ বাবে আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে কয় যে, এইবাৰৰ নিৰ্বাচনত বিৰোধীৰ শক্তি প্ৰতিফলিত হ'ল ৷ যোৰহাটৰ দৰে সমষ্টিত মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ জোৰ লগোৱাৰ পাছতো বিৰোধী ঐক্যবদ্ধ হোৱা বাবে এক সুকীয়া ফলাফল ওলাল ৷ উপ নিৰ্বাচনতো এই ধাৰা অব্যাহত থকা দৰকাৰ ৷ বৰ্তমান সময়ত বিজেপিৰ ভেটি খহাৰ পৰিৱেশ আৰম্ভ হৈছে ৷ এইখিনি সময়ত বিৰোধীয়ে বিজেপিক প্ৰতিহত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰাটো প্ৰয়োজনীয় ৷ এৰা-ধৰা আৰু বুজাপৰাৰ মাজেৰে বিৰোধী আগবঢ়াৰ পোষকতা কৰে গগৈয়ে ৷ সমান্তৰালকৈ বিজেপিক পৰাভূত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায় ৷

তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ কন্দলৰ কথা উনুকিয়াই যিসকল বিজেপি নেতাই দলত্যাগ কৰিব বিচাৰে, তেওঁলোকক অসম জাতীয় পৰিষদত যোগদান কৰাৰ বাবে লুৰীণজ্যোতি গগৈয়ে আহ্বান জনায় ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনত কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী দিয়াৰ ইংগিত : বিৰোধী ঐক্য মঞ্চৰ অংকত আউল - AJP LEADER LURINJYOTI GOGOI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.