ETV Bharat / state

প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুযোগ লৈ লুণ্ঠন, এজনক গ্ৰেপ্তাৰ - Lakhimpur Pragyan Bharati Scam - LAKHIMPUR PRAGYAN BHARATI SCAM

Pragyan Bharati Scheme Scam : ৰাজ্যত এতিয়া অনলাইন ট্ৰেডিংকাণ্ডই সকলোৰে চকু কপালত তুলিছে । এনে সময়তে পোহৰলৈ আহিছে আন এক কেলেংকাৰী । চৰকাৰী প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুযোগ লৈ এটা চক্ৰই লুটিলে লাখ লাখ টকা । এই চক্রটোৰ শিপা ওলাল লখিমপুৰত । আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চক্রটোৰ মাষ্টাৰমাইণ্ড ।

Pragyan Bharati Scheme Scam
লখিমপুৰত প্ৰৱঞ্চক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 7:56 PM IST

লখিমপুৰ, ২৩ ছেপ্টেম্বৰ : ৰাজ্যত অননলাইন ট্ৰেডিংকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ পোহৰলৈ আহিছে আন এক কেলেংকাৰী । চৰকাৰী প্ৰজ্ঞান ভাৰতী আঁচনিৰ সুযোগ লৈ ৰাজ্যজুৰি লুণ্ঠন এটা চক্ৰৰ । এই প্ৰৱঞ্চক চক্রটোৰ ঘাইশিপাডাল ওলাল লখিমপুৰত । প্ৰজ্ঞান ভাৰতী আঁচনিৰ নামত প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জালত পৰিল জিলাখনৰ চাউলধোৱাৰ বালিজান কলিতা গাঁৱৰ ৰাজেশ মাল্লাহ ।

উল্লেখ্য, 2022, ২০২৩ আৰু ২০২৪ বৰ্ষৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ছাত্ৰীক স্কুটী প্ৰদানৰ নামত সমগ্ৰ অসমতে বৃহৎ প্ৰৱঞ্চনাৰ জাল পাতিছিল প্ৰৱঞ্চক ৰাজেশ মাল্লাহে । স্কুটীৰ বীমা পলিচী আৰু পঞ্জীয়নৰ নামত অনলাইনযোগে ৫০০০ টকাকৈ সংগ্ৰহ কৰিছিল অভিযুক্তই ।

ডীলাৰৰ পৰা ফোন কৰা বুলি এই প্ৰৱঞ্চনা কৰিছিল অভুযুক্তই । এইপৰ্যন্ত ১০০০ ছাত্ৰীৰ পৰা প্ৰায় ৭ লাখ টকা সংগ্ৰহ কৰা বুলি প্ৰৱঞ্চকটোৰ বিৰুদ্ধে অভিযোগ উঠিছে । গুৱাহাটীৰ পৰা এই বিষয়ত অনুসন্ধান কৰাৰ পাছত অৱশেষত প্ৰৱঞ্চকটো বগীনদী আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাণ্টেজিৎ দেউৰী বাহিনীৰ জালত পৰে ।

জানিব পৰা মতে, প্ৰৱঞ্চকটোৰ লগত জড়িত আছে এক বৃহৎ চক্ৰ । ইফালে আৰক্ষীয়ে প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই সোমবাৰে পুনৰ দুদিনৰ বাবে জিম্মাত লয় । উল্লেখ্য যে স্কুটী লাভ কৰা প্ৰায় ১০ হাজাৰগৰাকী ছাত্রী তথা পৰিয়ালৰ ফোন নম্বৰ সংগ্ৰহ কৰি স্কুটী ডীলাৰৰ নামত ফোনযোগে যোগাযোগ কৰি, বীমা আৰু পঞ্জীয়নৰ নামত অনলাইনযোগে পাঁচ হাজাৰ টকাকৈ আদায় কৰিছিল চক্ৰটোৱে ।

এনেদৰে প্ৰৱঞ্চনাৰ জাল পতা প্ৰৱঞ্চক চক্ৰটোৱে তিনিটা বর্ষত প্ৰৱঞ্চনাৰে প্ৰায় এহেজাৰগৰাকী ছাত্ৰীৰ পৰা প্ৰায় ৭ লাখ টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছিল । এই সন্দর্ভত শেহতীয়াকৈ ৰাজ্যৰ গৃহ বিভাগৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত তথা লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ নির্দেশত বগীনদী অঞ্চলৰ পৰা নিয়ন্ত্ৰিত হোৱা প্ৰৱঞ্চনাৰ এই জাল উৎখাত কৰিবলৈ অনুসন্ধানত নামি পৰে বগীনদী আৰক্ষী ।

বগীনদী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাণ্টেজিৎ দেউৰীৰ নেতৃত্বত ১৫ দিন ধৰি প্ৰৱঞ্চক চক্ৰটোৰ বিৰুদ্ধে দিনে-নিশাই চলোৱা অভিযানত অৱশেষত আৰক্ষীৰ জালত পৰে এই প্ৰৱঞ্চকটো । চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ বালিজানৰ কলিতা গাঁৱৰ গণেশ মাল্লাহৰ পুত্ৰ ৰাজেশ মাল্লাহ (২৮) নামৰ এই প্ৰৱঞ্চকটোৱে অতি কৌশলেৰে চুৰি হোৱা অন্য এজন যুৱকৰ মোবাইলৰ ছীমকাৰ্ড ব্যৱহাৰ কৰি অতি নিৰাপদে জাল মেলিছিল প্ৰৱঞ্চনাৰ ।

উল্লেখ্য, ৰাজ্যত এতিয়া বিভিন্ন ক্ষেত্রত এনেদৰে অনলাইনযোগে প্ৰৱঞ্চনাৰ বেহা পতাৰ ক্ৰমবৰ্ধমান ঘটনা প্ৰবাহে সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে । সকলোৱে অনলাইনৰ সকলো কাম-কাজৰ ওপৰত চোকা দৃষ্টি ৰখাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক :জোকোৱা-জুকিয়েই হ’লগৈ হত্যাকাণ্ডৰ কাৰণ ! জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত মৃত্যু কনিষ্ঠ ছাত্ৰৰ - Students Murder in Sipajhar
লগতে পঢ়ক :উৎকট গৰম: বাগানত পাত তুলি থাকোতেই অচেতন ২৫ শ্ৰমিক - Heatwave in Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.