ETV Bharat / state

কোনেও নাজানিলে ক'ত হেৰাই গ'ল অৱনী চক্ৰৱৰ্তী-ৰমেন বৰুৱা ! - Ramen Baruah missing

Ramen Baruah goes missing : ক'লৈ গ'ল স্বনামধন্য সংগীত পৰিচালক ৰমেন বৰুৱা ৷ কবি অৱনী চক্ৰৱৰ্তীৰ বাটেৰেই বাট বুলিলে নেকি ৰমেন বৰুৱাই ? সোমবাৰৰ পৰা আজিলৈকে সন্ধান নাই সংগীত পৰিচালকগৰাকীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 9:27 AM IST

Ramen Baruah goes missing
কোনেও নাজানিলে ক'ত হেৰাই গ'ল অৱনী চক্ৰৱৰ্তী-ৰমেন বৰুৱা (ETV Bharat)

নিউজ ডেস্ক, ২৩ জুলাই : আজিৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বৰ উদ্বিগ্নতা আৰু উৎকণ্ঠাৰে ভৰা এটা সন্ধিয়ালৈ যেন মনত পৰি গ'ল অসমৰ সংগীত ভালপোৱা, কবিতা ভাল পোৱা মানুহখিনিৰ ৷ কেৱল কবিতা বা সংগীত বুলি ক'লে হয়তো ভুল হ'ব, সমগ্ৰ অসমীয়া জাতিটোৰ বুলিয়েই ক'ব লাগিব ৷ দিনটো আছিল ১৯৯৪ চনৰ ১২ নৱেম্বৰ ৷ শীতাৰ্ত এটা সেমেকা সন্ধিয়া ৷

গাভৰু গুৱাহাটী মহানগৰীৰ ৰাজপথৰ নিয়ন লাইটবোৰ জ্বলি উঠিছিল ৷ কুঁৱলীৰ আচ্ছাদন ভেদি নিয়ন লাইটৰ হালধীয়া পোহৰে আপ্ৰাণ চেষ্টা চলাইছিল ৰাজপথ পোহৰাবলৈ ৷ সেই শীতৰ সন্ধিয়াটোতেই এনেয়ে ঘৰৰ পৰা ওলাই আহিছিল কবি অৱনী চক্ৰৱৰ্তী ৷ সেই যি আহিল, কবি আৰু ঘৰলৈ উভতি নাহিল ৷ নাই বুলিয়েই যেন নোহোৱা হৈ গ'ল কবি অৱনী চক্ৰৱৰ্তী ৷

অনেক বিচাৰ-খোচাৰ চলিল কেউদিশে ৷ কিন্তু আজি ৩০ টা বছৰে নিৰুদ্দিষ্ট কবিৰ কোনো সন্ধান নোলাল ৷ কোনেও নাজানিলে মাত্ৰ ৫৩ বছৰ বয়সতে ক'ত হেৰাই গ'ল অসমীয়া কাব্য সাহিত্যলৈ বৰেণ্য অৱদান আগবঢ়োৱা কবি অৱনী চক্ৰৱৰ্তী ৷

সোমবাৰৰ পুৱাৰে পৰা হঠাতে নিৰুদিষ্ট হৈ পৰা স্বনামধন্য সংগীত পৰিচালক ৰমেন বৰুৱা ক'লৈ গ'ল ? এগৰাকী অমায়িক, নম্ৰ, মাৰ্জিত, অত্যন্ত পৰিপাটি ব্যক্তি বুলি ৰমেন বৰুৱাক সকলোৱে জানে ৷ এইগৰাকী বিশিষ্ট সংগীত শিল্পীয়ে অসমৰ সংগীতৰ জগতখনক কি দিয়া নাই !

ৰমেন বৰুৱাৰ অৱদান অসমীয়া সংগীত জগতৰ বাবে কিমান সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ তেন্তে এনে কি কাৰণ হ'ব পাৰে অকস্মাতে এইগৰাকী মহান ব্যক্তিত্ব নোহোৱা হৈ পৰাৰ ! সমগ্ৰ অসমবাসীৰ এতিয়া এটাই প্ৰাৰ্থনা- সুস্থ অৱস্থাৰে ঈশ্বৰে ঘূৰাই আনক ৰমেন বৰুৱাক ৷

লগতে পঢ়ক : হঠাৎ কোনো সন্ধান নোহোৱা হ’ল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ: চিন্তিত গুণমুগ্ধ - Ramen Baruah missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.