ETV Bharat / state

কাতি বিহুৰ বিভিন্ন লোকাচাৰ আৰু অসমৰ কৃষক সমাজত ইয়াৰ তাৎপৰ্য

Kati Bihu 2024: অসমৰ তিনিওটা বিহুৰ ভিতৰত কাতি বিহুৰো নিজা তাৎপৰ্য আছে ৷ কাতি বিহুৰ সৈতে জড়িত হৈ থকা পৰম্পৰা আৰু ৰীতি-নীতিসমুহ জানো আহক-

author img

By ETV Bharat Assamese Team

Published : 11 hours ago

Assamese Kati Bihu
কাতি বিহুৰ লোকাচাৰ (ETV Bharat)

বিশেষ প্ৰতিবেদন, ১৬ অক্টোবৰ: ‘‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে ।’’ কাতি বিহু বা কঙালী অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । আহিন আৰু কাতিৰ দোমাহীৰ দিনটো অসমীয়া লোক সমাজে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে কাতি বিহু হিচাপে । ইয়াৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা ।

অসমীয়া জনজীৱনক সুকীয়া মৰ্যাদা প্ৰদান কৰি আহিছে কাতি বিহুৰ প্ৰচলিত লোকাচাৰ সমূহে । কৃষিজীৱী অসমীয়াই ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে কাতি বিহুক । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে তাহানিৰে পৰা নিবিড়ভাৱে জড়িত হৈ আছে ।

কাতি বিহু পালনৰ তাৎপৰ্য-

সাধাৰণতে অসমত জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ । মূৰৰ ঘাম মাটিত পেলাই হাড়ভাঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰত ভূঁই ৰুই অন্ত কৰে । অন্তৰত অফুৰন্ত আশা, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, শেষ হ’ব আকালৰ দিন । খেতিডৰাতেই সকলো সপোন দেখা খেতিয়ক শৰতৰ বতৰত উৎফুল্লিত হয় । কিয়নো পথাৰত গাখীৰতী ধানৰ থোকবোৰে বতাহত হালিবলৈ আৰম্ভ কৰে ৷ কোনোডৰা ধান আকৌ কলপক ধৰে ৷

এই সময়তে শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হয় পথাৰত ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে লহপহকৈ বাঢ়ি অহা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হৈ থাকে । শস্যৰ ৰক্ষাৰ বাবে বিধি-বিধান পালন কৰে ।

অসমীয়া ৰাইজে কাতি বিহুটি ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰভাৱে পালন কৰি আহিছে । কিয়নো এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ-অনাটনে কৃষক ৰাইজক হেঁচি ধৰে । সেয়েহে ইয়াক কঙালী বিহু বুলিও কোৱা হয় ৷ কিন্তু এই অনাতনৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে ।

শস্যৰ ৰক্ষাৰ বাবে জুইৰ ব্যৱহাৰ আৰু পথাৰত চাকি জলোৱাৰ পৰম্পৰা-

ডাকৰ বচনত উল্লেখ আছে, ‘‘আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী ।’’ শস্যৰ সুৰক্ষা আৰু শ্ৰীবৃদ্ধিৰ বাবে মান্ধাতা যুগৰেই পৰাই জুইৰ ব্যৱহাৰ খেতিয়কৰ প্ৰধান সাৰথি হিচাপে প্ৰচলিত হৈ আহিছে । কালক্ৰমত জুইৰ ব্যৱহাৰৰ পৰিৱৰ্তন ঘটি মাটিৰ চাকিৰ ৰূপ লৈছে বুলি অনুমান কৰিব পাৰি । এই মাটিৰ চাকিগছিয়েই যেন তাহানিৰ বৃহৎ জুইকুৰাৰ প্ৰতীক, যিগছি চাকি কাতি বিহুৰ দিনা শইচৰ পথাৰত সভক্তিৰে জ্বলাই আই লক্ষ্মীক আৱাহন জনাই কৃষকে ।

কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ-দুৱাৰ, আলি-পদূলি পৰিষ্কাৰ-পৰিচ্ছন্ন কৰে । ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থয় । লোক বিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ-দুৱাৰ, চোতাল-পদূলি চাফা হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে ।

আহিনৰ শেষ দিনাটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয় । চোতালৰ আগত বা ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তুলসী-ভেটি সাজে । এটি সুন্দৰ তুলসী পুলি ৰুই ভেটিটো মচি-কাচি নিকা কৰি থয় । কোনো কোনোৱে তুলসী ভেটিৰ চাৰিওফালে চাৰিটা কলপুলিও ৰোৱে ।

সন্ধিয়া এই তুলসী তলৰ উপৰিও গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, হাঁহ-ছাগলীৰ গঁড়ালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয় । চাকি জ্বলোৱাৰ উদ্দেশ্যে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয় । আমাৰ গাঁও অঞ্চলৰ পথাৰবোৰত মাটিৰ চাকিৰ পৰিৱৰ্তে বহুতে অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰিও চাকি জ্বলায় ।

আবেলি পথাৰ খন চাই অহাৰ নিয়ম । নহ’লে লখিমীয়ে গিৰিহঁত নাই বুলি ভাবে আৰু তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নহয় । ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ-কষ্ট হয় । সেয়ে ঘৰৰ মূল মহিলাগৰাকীয়ে হাতত কাঁচি লৈ ধান চাবলৈ যায় । তিনি খন থুৰিয়া তামোল আগলি কলপাতত আগ বঢ়াই ধাননি পথাৰত সেৱা লয়, আই লখিমীক গৃহলৈ আমন্ত্ৰণ জনায় । অজ্ঞাতে কৰা দোষ-ক্ৰুটিৰ বাবে মাৰ্জনা বিচাৰে ।

সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হয় বন্তি প্ৰজ্বলন । পথাৰত ওখকৈ বাঁহৰ গোজ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে চহা অসমীয়াই । ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উছৰ্গা কৰে । লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে কৃষকে এই নিয়ম পালন কৰে ।

একেদৰে লখিমী অহাৰ পথ পোহৰাই তুলিবৰ বাবেই আগতে উল্লেখ কৰা মতে পদূলি মুখ, দুৱাৰ মুখ, ঢেকী শাল, গোঁসাই ঘৰ আদিত মাটিৰ চাকি জ্বলোৱা হয় । আই সৰস্বতীয়ে লগ দিয়ক বুলি পঢ়া কোঠাৰ ভিতৰতো মাটিৰ চাকি জ্বলোৱা হয় । সেই দিনা ৰান্ধনী ঘৰো পৰিষ্কাৰ কৰি লখিমী অহাৰ বাট সুগম কৰি ৰখা হয় ।

এই দিনটোত মানুহৰ ঘৰত চৰু-কেৰাহী, কলহ-ঘটি উদং হৈ থাকিলে লখিমী অসন্তষ্ট হয় আৰু তেনে লোকৰ কেতিয়াও দুখ নুগুচে বুলি বিশ্বাস কৰা হয় । এই কাতি বিহুৰ সন্ধিয়া খেতিয়কে পথাৰত আকাশ বন্তি জ্বলায় । আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে । সুখ আৰু শান্তিত আত্মাই দিন কটায় । আনহাতে, অসমৰ বহু স্থানত এই পবিত্ৰ সন্ধিয়া শ্মশানতো মাটিৰ চাকি জ্বলাই গৃহস্থই মৃতকৰ পৰা আশীৰ্বাদ বিচাৰে ।

তুলসীৰ তলে মৃগ পহু চৰে...

কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুষ্ঠানটো হ’ল তুলসী তলৰ গধূলি । আধ্যাত্মিক নীতি-নিয়মেৰে ভৰপূৰ এই অনুষ্ঠানত মাহ-প্ৰসাদৰ শৰাই নিবেদন কৰি তুলসী দেৱীৰ নাম লোৱা হয় । ধূপ-ধূনাৰ সুবাস বতাহত বিয়পি থাকে । চুবুৰীবোৰত হৰিনামৰ ধ্বনিয়ে আকশ-বতাহ কঁপায় । ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীহঁতে তুলসী তলত নাম গায় আৰু প্ৰসাদ গ্ৰহণ কৰে ৷

কাতি বিহুৰ মূল উপাদান স্বৰূপ তুলসী গছৰ বৈজ্ঞানিক প্ৰমাণযোগ্য ব্যৱহাৰ মানৱ জীৱনৰ বাবে বৰ উপকাৰী । সাম্প্ৰতিক বিজ্ঞানে তুলসী গছক উপকাৰী উদ্ভিদ বুলি স্বীকৃতি প্ৰদান কৰাৰ বহু আগতেই কৃষিজীৱি লোকে উপকাৰী বুলি গণ্য কৰি আধ্যাত্মিক ভক্তিৰ সমল ৰূপে গ্ৰহণ কৰিছিল । সেয়ে তুলসীৰ তলত চাকি জ্বলাই আন্তৰিকতাৰে কামনা কৰে : ‘‘অকাল মৃত্যু হৰণং, সৰ্বব্যাধি বিনাশনম ।’’

এই ঔষধি গুণসম্পন্ন তুলসী জোপাৰ বৈজ্ঞানিক নাম হ’ল Ocimum Sanctum. ই Labiataee বংশৰ অন্তৰ্ভুক্ত । বিশ্ব স্বাস্থ্য সংস্থাই তুলসী গছক কাহ আৰু চৰ্দিত উত্তম ঔষধি হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে । তুলসীৰ সৈতে অনেক পৌৰাণিক কাহিনী জড়িত হৈ আছে । আয়ুৰ্বেদত আছে য’ত তুলসী থাকে সেই ঠাইত মহ-মাখি আদি থাকিব নোৱাৰে । সেয়ে হয়তো তুলসী গছক এতিয়াও বন্তি জ্বলাই ভক্তি জনোৱা হয় । আনহাতে অসমীয়া ৰাইজে তুলসীক লখিমী হিচাপে গণ্য কৰে । লখিমী সন্তষ্ট হ’লেই সকলো দুখ-দুৰ্দশাৰ পৰা গৃহস্থই পৰিত্ৰাণ পায় বুলি গঞাই বিশ্বাস কৰে ।

কাতি মাহ হিন্দু দৰ্শন মতে পবিত্ৰ মাহ । আহাৰ, শাওণ, ভাদ আৰু আহিন মাহত নাৰায়ণ শয়ন অৱস্থাত থাকে । এই পৱিত্ৰ দিনটোতে ভগৱান নাৰায়ণে সাৰ পায় আৰু অন্য দেৱ-দেৱীও মানৱৰ পৰা নৈবেদ্য গ্ৰহণ কৰিবলৈ পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় । সেয়েহে এই কাতি বিহুৰ দিনাৰ পৰাই ধৰ্মীয় চিন্তা-চৰ্চা, ধৰ্ম শাস্ত্ৰ পাঠ আৰু ঈশ্বৰ চিন্তাত মগ্ন হয় অসমীয়া লোকসকল ।

এই কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহটোত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায় । গঞাৰ বিশ্বাস এনে কৰিলে মনৰ আশা পূৰ্ণ হয় । এই কাৰণতে নানা শাস্ত্ৰ অধ্যয়ন কৰি পুণ্য অৰ্জনত খেতিয়কসকল ব্ৰতী হয় আৰু পাপ নাশৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

মুঠতে কাতি বিহুক কেন্দ্ৰ কৰি আমাৰ সমাজত যিমানবোৰ পৰম্পৰা প্ৰচলিত হৈ আছে সকলোতে যুক্তি নিষ্ঠতা নিহিত হৈ আছে । কাতিৰ উদং ভঁৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় কৰি তোলে । ফলত মানসিক অৱস্থাও মানুহৰ ভালে নাথাকে । খঙ-ৰাগে আমনি কৰে, অনৈতিক কৰ্মৰ প্ৰতি ইচ্ছা হয় । সেয়ে হয়তো কোনোবা অতীততে মানুহৰ মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ সৈতে এনে ধৰ্মীয় নীতি-নিয়মবোৰ সমাজ ব্যৱস্থালৈ আনিছিল আমাৰ উপৰিপুৰুষে ।

শস্য সুৰক্ষাৰ ব্যৱস্থা কৃষকে সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ । কঙাল বা অভাৱ-অনাটনৰ দিনত এই বিহু উদযাপিত হ’লেও ইয়াৰ প্ৰাসংগিকতাক এৰাই চলিব নোৱাৰি ।

লগতে পঢ়ক: আধুনিকতাৰ ধামখুমীয়াত ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ নান্দনিক দৃশ্য

গৰুৰ বিহুত 101 এবিধ শাক কিয় খোৱা হয় জানেনে ? - RONGALI BIHU 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.