ETV Bharat / state

আকৌ এটা নিৰ্বোধ নাহৰফুটুকীৰ অকাল মৃত্যু - LEOPARD DEATH

বহু সময় ধৰি ফেন্সিঙত আৱদ্ধ হৈ পৰিছিল বাঘটো ৷

LEOPARD DEATH
আকৌ এটা নিৰ্বোধ নাহৰফুটুকীৰ অকাল মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 6:18 PM IST

যোৰহাট: অৰণ্যৰ পৰা ওলাই অহা বন্যপ্ৰাণী জনাঞ্চলত কিমান নিৰাপদ সেই বিষয়ক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উথাপিত হৈছে‌ । যোৰহাটৰ মৰিয়নীত কোনো অজ্ঞাত ব্যক্তিৰ জিঘাংসাৰ বলি হৈ এটি নাহৰফুটুকী বাঘে কৰুণ মৃত্যুক আকোৱালি লোৱাৰ পিছত এইবাৰ তিতাবৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল এটি নাহৰফুটুকী বাঘ ।

ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ সমজিলাৰ লেটেকুজান চাহ বাগিচাত সোমবাৰে স্থানীয় ৰাইজে এটা নাহৰফুটুকী বাঘ বাগিচাৰ ফেন্সিঙত আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে । ফেন্সিঙত আৱদ্ধ হৈ থকা বাঘটোক স্থানীয় ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰে ।

অভিযোগ অনুসৰি তিতাবৰ লেটেকুজান চাহ বাগিচা কৰ্তৃপক্ষই অপৰিকল্পিতভাৱে ফেন্সিঙেৰে বেৰি পেলাইছিল চাৰিও দিশ৷ ফলত দ্ৰুতবেগত অহা বাঘটো ফেন্সিঙৰ ফুটাত সোমাই পৰে আৰু নিজৰ প্ৰাণ বচাবলৈ আৰ্তনাদ কৰি কৰি অৱশেষত বাঘটোৱে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় ।

আন এক অভিযোগ মতে একাংশ লোকে বাঘটোক খেদাখেদি কৰা ফলত প্ৰাণৰ মমতাত নিয়ন্ত্ৰণ হেৰুৱাই বাঘটোৱে ফেন্সিঙৰ ফুটাত সোমাই পৰে আৰু ফেন্সিঙৰ ফুটাত লাগি ধৰি বাঘটোৱে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় । ইতিমধ্যে পলমকৈ হ'লেও ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হয় আৰু মৃত বাঘটোক মৰনোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মন কৰিবলগীয়া যে ঠায়ে ঠায়ে খাদ্যৰ সন্ধানত প্ৰায়ে বাঘ জনাঞ্চললৈ ওলাই অহাটো নতুন কথা নহয় ৷

আনহাতে স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে লেটেকুজান চাহ বাগিচাৰ বৃহত্তৰ অঞ্চলটোত আৰু কেইবাটাও বাঘে বিচৰণ কৰি আহিছে । অঞ্চলটোত এটাৰ পিছত আন এটা বন্যজন্তুৰ অকাল মৃত্যুৱে প্ৰকৃতিপ্ৰেমীসকলক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক: অৰণ্য এৰি ওলাই আহিয়েই ধৰাশায়ী হ'ল বনৰজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.