ETV Bharat / state

চৰকাৰে জনগণক ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ বাধ্য কৰিব : দেৱব্ৰত শইকীয়া - Medical charge hike

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 9:59 PM IST

Medical charge hike: এক আগষ্টৰ পৰা ২০ শতাংশ পৰ্যন্ত বৃদ্ধি পালে চিকিৎসা মাচুল । পঞ্জীয়নকে ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাচুল বৃদ্ধি হৈছে । এই মাচুল বৃদ্ধিৰ বিৰোধিতা কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

Leader of Opposition Debabrata Saikia remarked on medical charge hike
চৰকাৰে জনগনক ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ বাধ্য কৰিব: দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

গুৱাহাটী,২ আগষ্ট: নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দামবৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজক কেঁকোৰা চেপা দিয়াৰ পিচত এইবাৰ চৰকাৰী চিকিৎসালয়ত মাচুল আৰু বিচনাৰ নিৰিখকে ধৰি তেজ, প্রস্রাৱ আদি ১০৫ বিধ পৰীক্ষাৰ দাম বৃদ্ধিৰে মাধমাৰ শোধোৱা বুলি অভিযোগ উত্থাপন কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । তেওঁ চিকিৎসা সেৱা মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় ।

চৰকাৰে জনগণক ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ বাধ্য কৰিব: দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

চিকিৎসা সেৱা মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ কয়, "ইতিমধ্যে খোৱা-লোৱাৰ পৰা আদি কৰি ঔষধলৈকে লাগতিয়াল সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত মাধমাৰ সোধোৱা চৰকাৰখনে এতিয়া ৰোগীৰ চিকিৎসা সেৱা মাচুল বৃদ্ধি কৰি নতুন নিৰিখ ধাৰ্য্য কৰিছে । এয়া জনসাধাৰণৰ ওপৰত অন্যায় । মই মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছো ।"

উল্লেখ্য যে বেচৰকাৰী চিকিৎসালয়ৰ পৰীক্ষাৰ দামৰ সৈতে প্ৰায় তফাৎ নোহোৱা কৰি ১ আগষ্টৰ পৰা জি এম চি হাস্পতালকে ধৰি ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়, জিলা চৰকাৰী চিকিৎসালয়ত ১০ ৰপৰা ৪০ শতাংশ পর্যন্ত তেজৰ পৰীক্ষাৰ নিৰিখ বঢ়াইছে কর্তৃপক্ষই । ইপিনে শীঘ্ৰেই ৰেডিঅ'ল'জী আৰু পেথ'লজীৰ পৰীক্ষাৰ মাচুলো বঢ়াবলৈ সাজু হৈছে চৰকাৰী চিকিৎসালয়ে । বাঢ়িল পঞ্জীয়ন মাচুল আৰু বিচনাৰ নিৰিখো ।

সৰ্বসাধাৰণৰ ওজৰ-আপত্তি, অসন্তুষ্টিক নস্যাৎ কৰি কাৰ্যকৰী হোৱা মাচুল বৃদ্ধিৰে চৰকাৰী চিকিৎসালয়লৈ অহা সাধাৰণ ৰোগীক গভীৰ বিপদলৈ ঠেলি দিছে । তথ্য মতে, ইউৰিন প্ৰ'টিনৰ পৰীক্ষাৰ মাচুল ৭৫ টকাৰ পৰা ১৫০ টকা, এ এফ পিৰ ৫০০ৰপৰা ৭০০টকা, এ এন এ প্ৰ'ফাইলৰ ৩,০০০ টকাৰপৰা ৩,৫০০ টকা, চি ই এৰ ৬০০ টকাৰ পৰা ১,০০০ টকা, ক্রিয়েটিনাইন (চি কে এম বি)ৰ ৩১৫ টকাৰ পৰা ৬০০ টকা, এল ডি এইচৰ ১৫০ টকাৰপৰা ৩০০ টকা, চেৰাম ভিটামিন ডিৰ ১,২০০ টকাৰ পৰা ১,৫০০ টকা, টোটেন ক'লেষ্ট্ৰৰেল ৫০ টকাৰপৰা ১৫০ টকা, ইউনি এ চি আৰৰ ২৫০ টকাৰপৰা ৩৫০ টকা, ভিটামিন বি-১২ ৰ পৰীক্ষাৰ মাচুল ৭০০ টকাৰপৰা ১,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক: চৰকাৰে ৰাইজক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা দিব লাগে : ৰিপুণ বৰা - Ripun Bora on Medical Charge Hike

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.