ETV Bharat / state

নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ আশংকা : নিদ্ৰাহৰণ গুৱাহাটীৰ পাহাৰবাসীৰ - Guwahati Landslide

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 5:35 PM IST

Updated : Jun 20, 2024, 6:18 PM IST

Guwahati Artificial Flood : নেৰানেপেৰা বৰষুণে এক প্ৰকাৰে বিপদ মাতিছে মহানগৰবাসীলৈ ৷ নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত পাহাৰ সমূহৰ মাটি আৰু শিল বাগৰি অহাত মহানগৰবাসীলৈ বিপদ কঢ়িয়াই আনিছে ৷ গুৱাহাটী মহানগৰীৰ পাহাৰসমূহৰ ব্যাপক অবক্ষয়ৰ বাবেই কৃত্ৰিম বানকে ধৰি ভূমিস্খলন আদি সমস্যা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ৷

LANDSLIDE SCARE IN GUWAHATI
ভূমিস্খলনৰ আশংকা (ETV BHARAT ASSAM)

গুৱাহাটী, 20 জুন : বিগত কেবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত বিপদজনক হৈ পৰিছে ৷ যিকোনো সময়তে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ৷ নেৰানেপেৰা বৰষুণে এক প্ৰকাৰে বিপদ মাতিছে মহানগৰবাসীলৈ ৷ সমতল নাইবা পাহাৰ সকলোতে সমস্যা ৷ গুৱাহাটী মহানগৰীত এফালে কৃত্ৰিম বানৰ সমস্যা আৰু আনফালে ভূমিস্খলনৰ আতংক ৷ বিগত কেইদিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত পাহাৰ সমূহৰ মাটি আৰু শিল বাগৰি অহাত মহানগৰবাসীলৈ বিপদ কঢ়িয়াই আনিছে ৷ যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটাৰ আশংকা কৰা হৈছে ৷

ইফালে ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে সতর্কতা ৷ ভূমিস্খলন প্ৰৱণ এলেকাৰ লোকক আঁতৰি থকাৰ নিৰ্দেশ দিছে প্ৰশাসনে ৷ ইতিমধ্যে প্ৰশাসনে 15টা স্থানক অতি স্পৰ্শকাতৰ ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে ৷ এই এলেকাসমূহ হৈছে খাৰঘূলি, নৱগ্ৰহ, নুনমাটি, কামাখ্যা, চানমাৰি, কাহিলিপাৰা, খানাপাৰা, বোন্দা, চূণচালি, লিচুবাগান, হেঙেৰাবাৰী, নৰকাসুৰ, দুৰ্গা সৰোবৰ, ফটাশিল আদি ৷ জিলা প্ৰশাসনে ভূমিস্খলনপ্ৰৱণ অঞ্চলত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে ৷ অৱশ্যে এনে নিৰ্দেশ নাইবা নিৰ্দেশনা নতুন নহয় ৷ প্ৰত্যেক বছৰে প্ৰশাসনে এনে নিৰ্দেশনা জাৰি কৰে আৰু কিবা অঘটন ঘটিলে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক : ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

ব্যাপক অৱক্ষয়ৰ কৱলত গুৱাহাটীৰ পাহাৰসমূহ :

গুৱাহাটী মহানগৰীৰ পাহাৰসমূহৰ ব্যাপক অবক্ষয়ৰ বাবেই কৃত্ৰিম বানকে ধৰি ভূমিস্খলন আদি সমস্যা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ৷ সৰু-বৰ 18 খন পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰীৰ গৰিষ্ঠ সংখ্যক পাহাৰেই জনবসতিপূৰ্ণ ৷ মহানগৰীত প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত সংঘটিত হৈ আহিছে ভূমিস্খলনৰ ঘটনা ৷ বিগত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেবাটাও পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ মহানগৰীৰ পাহাৰ অঞ্চলত জধে-মধে কৰা খনন, অবাধ বসতি স্থাপন তথা সুপৰিকল্পনাৰ অভাৱ আৰু বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে ৷

মহানগৰীৰ চৌপাশ আগুৰি থকা পাহাৰসমূহত দিনক দিনে বৃদ্ধি পাইছে বাসিন্দাৰ সংখ্যা ৷ কেবাখনো পাহাৰত হকে-বিহকে খনন কৰি একাংশ লোকে ঘৰ বন্ধাৰ বাবেও ভূমিস্খলনৰ সমস্যাই ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ভূমিস্খলন ৰোধৰ বাবে কেতবোৰ ব্যৱস্থা ঘোষণা কৰে যদিও সময়ত এইসমূহ কাৰ্যকৰী নকৰাৰ বাবে ভূমিস্খলনে প্ৰতিবছৰে মহানগৰীত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ মানুহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰা হৈছে পাহাৰসমূহে ৷ বছৰৰ পাচত বছৰ ধৰি গুৱাহাটীৰ পাহাৰসমূহত চলা অবৈধ খনন কাৰ্য আৰু অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ ফলত পাহাৰসমূহৰ ব্যাপক অৱক্ষয় হৈছে ৷ যাৰ ফলত এজাক বৰষুণ দিলেই পাহাৰসমূহে পানী বহন কৰিব নোৱাৰে আৰু ফলত বৰষুণৰ পানীৰ সৈতে তললৈ নামি আহে পাহাৰৰ বোকা আৰু শিলাময় মাটি ৷ গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বানৰো অন্যতম এটা কাৰণ পাহাৰৰ ব্যাপক অবক্ষয় ৷ লক্ষণীয় বিষয় যে এজাক বৰষুণ দিলেই পাহাৰৰ মাটিৰে নলা-নৰ্দমা সমূহ নিমিষতে ভৰি পৰে ৷

লগতে পঢ়ক : ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ : জলবন্দী প্ৰায় 250 টা পৰিয়াল - ASSAM FLOOD 2024

গুৱাহাটী মহানগৰীত আছে 392 টা ভূমিস্খলন প্ৰৱণ অঞ্চল :

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ পাহাৰীয়া 392টা এলেকা ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে পূৰ্বতেই চিহ্নিত কৰিছে ৷ কিন্তু প্ৰশাসনে কেৱল মাথো চিহ্নিতহে কৰিছে ৷ এইক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ ভূমিস্খলন হ’ব পৰা বিপদজ্জনক পাহাৰীয়া এলেকাসমূহ হৈছে - ফটাশিল, ভঙাগড়, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলিপাৰা, কালাপাহাৰ, খাৰঘুলি, কইনাধৰা, মালিগাঁও, চূণচালি, নৱগ্ৰহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি আদি ৷ ইয়াৰ ভিতৰত চূণচালিৰ সৰ্বাধিক 77টাকৈ স্থান, খাৰঘূলিৰ 37 টা স্থান, শৰণীয়াৰ 5 টা স্থান, শান্তিপুৰৰ 20 টা স্থান বিপদজনক, নাৰেংগীৰ 31 টা স্থান, নুনমাটিৰ 40 টা স্থান, নৰকাসুৰৰ 14 টা স্থান, নৱগ্ৰহৰ 6 টা স্থান, মালিগাঁৱৰ 8 টা স্থান, কইনাধৰাৰ 5 টা স্থান, খানাপাৰাৰ 33 টা স্থান, কামাখ্যাৰ 5 টা স্থান, কালাপাহাৰৰ 7 টা স্থান, কাহিলীপাৰাৰ 25 টা স্থান, জালুকবাৰীৰ 2টা স্থান, হেঙেৰাবাৰীৰ 30 টা স্থান, গোটানগৰৰ 6 টা স্থান, গড়ভঙাৰ 9 টা স্থান, ফটাশিলৰ 5 টা স্থান স্পৰ্শকাতৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷

চৰকাৰী তথ্য মতে গুৱাহাটীৰ অতি বিপদসংকুল পাহাৰীয়া এলেকাসমূহত বসবাস কৰা লোকসকল দৰিদ্ৰ আৰু যাৰ বাবে তেওঁলোকে সেই ঠাই এৰি যাব নিবিচাৰে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে পাহাৰৰ স্পৰ্শকাতৰ অঞ্চলৰ বিষয়টো কোনটো বিভাগৰ অধীনত পৰে সেয়াও বিভাগীয়ভাৱে নিশ্চিত নহয় ৷ যাৰ বাবে এই বিষয়টো আজিৰ তাৰিখতো জটিল হৈ আছে ৷ এককথাত ক'বলৈ গ'লে বিপদজনক পৰিস্থিতিত বসবাস কৰা এই লোকসকলৰ ভৱিষ্যত কি হ'ব তাক লৈ কোনো এটা চৰকাৰী বিভাগেই সচেষ্ট নহয় ৷ যাৰ বাবে বছৰৰ পাচত বছৰ ধৰি এই সমস্যাৰ কোনো সমাধান হোৱা নাই ৷ আনহাতে জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ এলেকা চিনাক্ত কৰিয়ে নিজৰ দায়িত্ব সামৰিছে ৷ এই অঞ্চলসমূহক সুৰক্ষিত কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলন প্ৰৱণ অঞ্চলত তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে শংকাৰে জীৱন-যাপন কৰি আহিছে ৷

2012 চনতে দিয়া পৰামৰ্শ কাৰ্যকৰী কৰা নহ'ল : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগে 2012 চনতে গুৱাহাটীৰ ভূমিস্খলনৰ ভয়াৱহ সমস্যা সমাধান কৰাৰ বাবে মহানগৰীৰ পাহাৰসমূহ সংৰক্ষণ কৰা, গছ-গছনি ৰোপণ কৰা, পাহাৰ খনন বন্ধ কৰাকে ধৰি কেতবোৰ পৰামৰ্শ চৰকাৰলৈ আগবঢ়াইছিল ৷ কিন্তু এই পৰামৰ্শসমূহ বছৰ বছৰ ধৰি ফাইলতে আবদ্ধ হৈ থাকিল ৷ যাৰ বাবে বৰ্তমান সময়ত এই সমস্যা অধিক গভীৰ হৈ পৰিছে ৷ চৰকাৰী তথ্য মতে গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলৰ 26 শতাংশ এলেকাত কোনো গছ-গছনি নাই ৷ এই পৰিমাণ বৰ্তমান আৰু বৃদ্ধি পাইছে ৷ আনহাতে 38 শতাংশ পাহাৰ এলেকাত নাই ঘাঁহনি ৷ তেনেস্থলত পাহাৰ সমূহৰ ব্যাপক অৱক্ষয় হৈছে আৰু ফলত ভূমিস্খনৰ আশংকা বৃদ্ধি পাইছে ৷ যাৰ বাবে বৰষুণ আহিলেই পাহাৰীয়া অঞ্চলৰ আৰু ইয়াৰ নামনিৰ বাসিন্দা আতংকিত হৈ পৰে ৷

লগতে পঢ়ক : ফলপ্ৰসূ হ'ল নে গুৱাহাটীৰ পাহাৰ সংৰক্ষণৰ বাবে হাতত লোৱা ৪ কোটিৰ প্ৰকল্প ? - Guwahati Hill Conservation

Last Updated : Jun 20, 2024, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.