ETV Bharat / state

চিলাপথাৰত ১৩ হাজাৰ পৰিয়ালক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ - land patta distribution

Mission Basundhara 2.0: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ চিলাপথাৰত 13 হাজাৰ পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Mission Basundhara 2.0
চিলাপথাৰত ১৩ হাজাৰ পৰিয়ালক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:30 PM IST

চিলাপথাৰত ১৩ হাজাৰ পৰিয়ালক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

জোনাই, ২৬ ফেব্ৰুৱাৰী : সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাৰ চিলাপথাৰতো সোমবাৰে খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰা হয় ৷ মিছন বসুন্ধৰা ২.০ আঁচনিৰ অধীনত অসমৰ খিলঞ্জীয়া ভূমিপুত্রসকলক আজি চিলাপথাৰত অনুষ্ঠিত কৰা ভূমিৰ পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । "মোৰ মাটি, মোৰ অধিকাৰ" শীৰ্ষক শ্লোগানেৰে আৰম্ভ কৰা "মিছন বসুন্ধৰা ২.০" ৰ অধীনত ধেমাজি জিলাত অসমৰ ভিতৰত সর্বোচ্চ সংখ্যক মুঠ ৩৮, ১২৩ জন লোকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হৈছে ।

চিলাপথাৰ দঃঞি পঃলঃ কমপ্লেক্সত অনুষ্ঠিত কৰা বিশাল মঞ্চৰ পৰা নৱগঠিত ৭৯ নং চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ প্ৰায় ১৩ হেজাৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোকক বসুন্ধৰা আঁচনি ২.০ আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে চিচিবৰগাঁও ব্লক পি. এইছ. চি, চিলাপথাৰ আই.বিৰ আৰম্ভনিৰ ওপৰিও চিলাপথাৰ পৌৰসভাৰ ১,৩৬৪ গৰাকী হিতাধিকাৰীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহৰ শুভাৰম্ভ কৰে ৷

ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনলাইনযোগে ধেমাজিত কেইবাটাও আঁচনি আৰু শিলন্যাস দ্বাৰা উন্মোচন কৰে । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্ধোধন কৰে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অন্তৰ্গত ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ পুকীয়াস্থিত খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র (বি পি এইচ চি)ৰ মূল ভৱন (নতুন) ৷ এই ভৱনটো নিৰ্মাণ কৰিবলৈ ব্যয় কৰা হৈছে ১০০ লাখ টকা ৷ ইয়াৰ লগতে চোমনিগীতৰ পৰা আমগুৰি লোক নির্মাণ বিভাগৰ পথ (পর্যায়-১) লৈ গাইনদী মথাউৰিৰ সম্প্ৰসাৰণ প্ৰকল্প, কুমতীয়া সোঁপাৰৰ বালিচাপৰিৰ পৰা হাতীগড় এলেকালৈ মথাউৰি সম্প্রসাৰণ প্ৰকল্প, চোমনিগাঁৱৰ পৰা আমগুৰি লোক নির্মাণ বিভাগৰ পথ (পর্যায়-২)লৈ চাৰিখন শ্বাটাৰ শ্লুইচ গেটসহ গাইনদী মথাউৰি সম্প্রসাৰণ প্ৰকল্প , ধেমাজিত আবর্ত ভৱন নির্মাণ, জীয়াধল মথাউৰি ২ খন শ্বাটাৰ শ্লুইচগে'ট প্ৰকল্প, চিলাপথাৰ পৌৰসভাৰ অধীনত ১,৩৬৪ টা প্রধানমন্ত্রী আৱাস যোজনা-আৱাসগৃহ (নগৰ) গৃহ নির্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

লগতে পঢ়ক: ৰঙিয়াত ভূমি পট্টা বিতৰণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.