ETV Bharat / state

লখিমপুৰ পৌৰসভাৰ কঠোৰ নিৰ্দেশ, সকলো নামফলক হ'ব লাগিব অসমীয়াত - Assamese Signboard in Lakhimpur - ASSAMESE SIGNBOARD IN LAKHIMPUR

North Lakhimpur Municipal Board : লখিমপুৰ পৌৰসভাৰ এলেকাৰ সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ নামফলক অসমীয়া ভাষাত হ'ব লাগিব । সাত দিনৰ সময়সীমাৰে লখিমপুৰ পৌৰসভাৰ নিৰ্দেশ ।

North Lakhimpur Municipal Board
লখিমপুৰত সকলো নামফলক অসমীয়াত লিখাৰ নিৰ্দেশ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 3:47 PM IST

লখিমপুৰ, ২৫ ছেপ্টেম্বৰ : লখিমপুৰ পৌৰসভাৰ এলেকাৰ অধীনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা কাৰ্যালয়ত থাকিব লাগিব অসমীয়া ভাষাৰ নামফলক । লখিমপুৰ পৌৰসভাই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ্য যে অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি বিভিন্ন সংগঠন তথা ৰাইজে অসমত ৰাজ্যভাষা অসমীয়া সৰ্বত্ৰে প্ৰচলন কৰাৰ সপক্ষে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে । আনহাতে, লখিমপুৰত এনে সংগঠনসমূহে এই দাবীৰে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰাৰ লগতে হাতে-কামে লাগি ইংৰাজী বা অন্য ভাষাত লিখা নামফলকত ক'লা ৰং সানি প্ৰতিবাদো কৰিছিল ।

লখিমপুৰত সকলো নামফলক অসমীয়াত লিখাৰ নিৰ্দেশ (ETV Bharat Assam)

পিচে এনে ব্যৱস্থাৰেও মূল দাবী এশ শতাংশ পূৰণ হোৱা নাছিল । এনে সময়তে লখিমপুৰ পৌৰসভাই এইক্ষেত্ৰত উদ্যোগ গ্রহণ কৰিছে । লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াই জাৰি কৰা এক নিৰ্দেশত পৌৰসভা এলেকাৰ অধীনস্থ সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ নামফলক অসমীয়াত লিখাটো বাধ্যতামূলক কৰিছে । আনহাতে, সাতদিনৰ ভিতৰত এনে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ নামফলক অসমীয়াত লিখিবলৈ নিৰ্দেশ দিয়া হৈছে । অৱশ্যে ইংৰাজী বা অন্য ভাষা নামফলকত থাকিলেও অসমীয়া ভাষাক মুখ্য হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । চৰকাৰী বা বেচৰকাৰী সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান পোহাৰ, কাৰ্যালয় আদিৰ ক্ষেত্ৰত এই নিৰ্দেশ প্ৰযোজ্য হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

ইফালে পৌৰসভাৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে । পলমকৈ হ'লেও এই নিৰ্দেশ দি লখিমপুৰ পৌৰসভাই অসমীয়া ভাষাৰ প্ৰতি লোৱা এই ব্যৱস্থাক বিভিন্ন সংগঠনে আদৰণি জনাইছে । আনহাতে, পৌৰসভাৰ এই নিৰ্দেশ পৌৰসভা এলেকাৰ সকলোবোৰ দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু কাৰ্যালয়সমূহে মানি চলিছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলিও একাংশ সংগঠনৰ নেতৃত্বই প্ৰকাশ কৰে ।

লগতে পঢ়ক :বিদ্যালয়ৰ পাঠ্যক্ৰমত পুনৰ অন্তৰ্ভুক্ত হ’ব চৰিত্ৰ-পাঠ - VALUE EDUCATION
লগতে পঢ়ক :নদীৰ পাৰত ওলাল আয়ুস্মান কাৰ্ড; নিজৰ নামৰ কাৰ্ড দেখি হতভম্ব হিতাধিকাৰী - AYUSHMAN CARD RECOVERED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.