ETV Bharat / state

শ্ৰমিক দিৱসত শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম আগবঢ়াই নিয়াৰ সংকল্প - May Day 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 8:10 PM IST

Labour unions promise to fight against anti-labour policies on Labour Day
শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম আগবঢ়াই নিয়াৰ সংকল্প

May Day 2024: আজি মে’ দিৱস । সমগ্ৰ বিশ্বতে আজিৰ দিনটো শ্ৰমিক দিৱস অৰ্থাৎ মে’ হিচাপে পালন কৰা হৈছে ৷ গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যত শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নসমূহে পালন কৰে মে’ দিৱস ৷ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম আগবঢ়াই নিবলৈ সংকল্পবদ্ধ হয় কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ আৰু সকলো ইউনিয়ন ফেডাৰেচনসমূহ ।

শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম আগবঢ়াই নিয়াৰ সংকল্প

গুৱাহাটী, ১ মে': আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস । সমগ্ৰ বিশ্বতে আজিৰ দিনটোত শ্ৰমিক দিৱস পালন কৰা হয় । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । বুধবাৰে গুৱাহাটী মহানগৰীতো শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নসমূহেও আজি পালন কৰে মে' দিৱস । কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ আৰু সকলো ইউনিয়ন ফেডাৰেচনসমূহে সম্মিলিতভাৱে পালন কৰে মে' দিৱস ।

গুৱাহাটীৰ মেঘদূত ভৱনৰ সমীপত পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম আগবঢ়াই নিবলৈ সংকল্পবদ্ধ হয় । শ্ৰমিক নেতা ৰমেন দাসে মে' দিৱসৰ বিষয়ে উল্লেখ কৰি কয় যে, ১৮৮৬ চনৰ পৰা মে' দিৱস পালন কৰি অহা হৈছে । শ্ৰমিকৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰাৰ লগতে ৮ ঘণ্টা কামৰ দাবীত মে' দিৱস পালন কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

১৮৯০ ৰ পৰা আন্তৰ্জাতিক ভাৱে শ্ৰমিক দিৱস পালন কৰা হৈ আছে । ভাৰতত ১৯২০ ৰ পৰা মে' দিৱস পালন হৈছে । এইবাৰ মে' দিৱস অতি তাৎপৰ্যপূৰ্ণ । কিয়নো আগতে এনে পৰিৱেশৰ মাজত মে' দিৱস পালন কৰা হোৱা নাছিল । লোকসভা নিৰ্বাচন চলি থকা সময়তে মে' দিৱস পালন কৰি হৈছে । বিজেপি চৰকাৰৰ কৃষক শ্ৰমিক বিৰোধী নীতিৰ পৰিৱৰ্তন হ'ব লাগে আৰু এই নীতিৰ পৰিৱৰ্তন নহ'লে চৰকাৰ পৰিৱৰ্তন হ'ব লাগে বুলি মন্তব্য কৰে ।

সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই বিজেপি বিকল্প চৰকাৰ গঠন কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিকল্প চিন্তা নকৰিলে গণতন্ত্ৰ তথা সংবিধান ৰক্ষা নহ'ব । লগতে তেওঁ কয় যে বিকল্প চৰকাৰ নহ'লে পৰৱৰ্তী সময়ত শ্ৰমিকে তেওঁলোকৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিব ।

লগতে পঢ়ক: মে’ দিৱস : গুৱাহাটী মহানগৰীত শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নৰ উদ্যোগত মে’ দিৱস পালন - May Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.