ETV Bharat / state

বিত্তমন্ত্ৰী হোৱাৰ যোগ্যতা নাই অজন্তা নেওগৰ: কৃষক মুক্তি - Assam assembly budget session

Assam budget reaction: সোমবাৰে সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে চতুৰ্থখন পূৰ্ণাংগ বাজেট । এই বাজেটক লৈ বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । ৰাজ্য চৰকাৰৰ বাজেটে কোনো স্তৰৰ লোককে উপকাৰ নকৰাৰ অভিযোগ নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বাজেটক কেৱল নিৰ্বাচনমুখী বাজেট আখ্যা সংগঠনটোৰ । মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতেই বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰাৰো অভিযোগ কৃষক মুক্তিৰ ।

Assam budget reaction
কৃষক মুক্তি সংগ্ৰাম সমিতি নগাঁও
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 4:46 PM IST

Updated : Feb 13, 2024, 5:02 PM IST

বাজেটক লৈ প্ৰতিক্ৰিয়া

নগাঁও, 13 ফেব্ৰুৱাৰী: সোমবাৰে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থখন পূৰ্ণাংগ বাজেট দাখিল কৰা হয় । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ৰাজ্য চৰকাৰৰ বাজেটক লৈ বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ ই টিভি ভাৰতৰ সন্মুখত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ।

বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটে কোনো স্তৰৰ লোককে কোনো উপকাৰ নকৰে বুলি উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জিতেন বৰাই । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰা বুলি সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেৱল নিৰ্বাচনীমুখী বাজেট দাখিল কৰা বুলিও কটাক্ষ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

সোমবাৰে দাখিল কৰা বাজেটত কেৱল হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্য চৰকাৰে কেৱল চমক দিয়াৰ চেষ্টা কৰা বুলিও সমালোচনা কৰে কৃষক সংগঠনটোৱে । আনকি নিবনুৱা সমস্যা সমাধানৰ বাবে বাজেটত বিশেষ একো উল্লেখ নকৰা বুলিও কটাক্ষ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ।

তেওঁ কয় যে আজিও কেৰালা, হায়দৰাবাদ আদি বহিঃৰাজ্যৰ বিভিন্ন কোম্পানীত অসমৰ নিবনুৱাই কাম কৰিবলগীয়া হৈছে । বহিঃৰাজ্যৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱক-যুৱতীক অসমলৈ ওভতাই আনি অসমত উদ্যোগ স্থাপন কৰি অসমৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ।

উল্লেখ্য যে উল্লেখ্য যে 2024-25 বৰ্ষৰ বাবে 774.47 কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ বিভিন্ন শিতানৰ উৎসৰ পৰা 2024-25 বিত্তীয় বৰ্ষত ৰাজ্যখনে লাভ কৰিব মুঠ 1,43,605.56 কোটি টকা ৷ বছৰটোত ধাৰ্য কৰা ব্যয়ৰ পৰিমাণ হৈছে 2,88,560.71 কোটি টকা ৷

লগতে পঢ়ক: ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Last Updated : Feb 13, 2024, 5:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.