ETV Bharat / state

স্মাৰ্ট মিটাৰৰ বিষয়টো ওৰ পেলাবলৈ বিজেপি চৰকাৰে তিনিটা 'ম' সংযোগ কৰিছে: কৃষক মুক্তি - protest against smart meter

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 10:37 PM IST

Protest in Jorhat: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । স্মাৰ্ট মিটাৰৰ প্ৰসংগ ওৰ পেলাবলৈ বিজেপিয়ে মিঞা, মাছ আৰু মাৰোৱাৰী প্ৰসংগ অনাৰ অভিযোগ কৃষক মুক্তিৰ । লগতে বিজেপি চৰকাৰে ১০ বছৰত মাত্ৰ ২৬ জন মিঞাকহে খেদিছে বুলি দাবী কৰে সমিতিয়ে ৷

protest against smart meter
স্মাট মিটাৰৰ প্ৰত্যাহাৰৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ (ETV Bharat Assam)

যোৰহাট, ২ ছেপ্টেম্বৰ: সৰ্বসাধাৰণক মাধমাৰ দিয়া স্মাৰ্ট মিটাৰক লৈ উত্তাল হৈ আছে ৰাজ্য ৷ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে আজি অৰ্থাৎ সোমবাৰে যোৰহাট জিলাৰ মৰিয়নী নাগাজাংকাস্থিত বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অঞ্চলটোৰ স্থানীয় লোকৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি সমিতিয়ে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়, "বৰ্তমান মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা সময়তেই ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ সংযোগ কৰি ৰাইজক আৰু দুৰ্ভোগ ভোগাই আহিছে । স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক শোষণ কৰা বিষয়টো ওৰ পেলাবলৈ বিজেপি চৰকাৰে তিনিটা 'ম' সংযোগ কৰিছে ৷ তেওঁলোকে মিঞা, মাৰোৱাৰী আৰু মাছ আদি বিষয় সৃষ্টি কৰি ৰাইজৰ মাজৰ পৰা স্মাৰ্ট মিটাৰ বিষয়টো আঁতৰাই নিব বিচাৰিছে ।"

তেওঁ লগতে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰ পাছতো মিঞা খেদাত কিয় বিফল হৈছে বুলি প্ৰশ্ন কৰে । তেওঁ কয়, "বিজেপি চৰকাৰে ১০ বছৰত অসমৰ পৰা ২৬ জন মিঞাহে খেদিবলৈ সক্ষম হৈছে ৷ যদি চৰকাৰৰ মিঞা খেদিবলৈ ইমানেই সদিচ্ছা আছে, তেনেহ’লে সেই ক্ষেত্ৰত অসম চৰকাৰক সহযোগিতা আগবঢ়াব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।" সমিতিয়ে লগতে চৰকাৰক স্মাৰ্ট মিটাৰৰ ব্যৱস্থা অনতিপলমে বন্ধ কৰিবই লাগিব বুলি হুমকি দিয়ে ।

লগতে পঢ়ক: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ ব্যাপক প্ৰতিবাদ - AASU protest against smart meter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.