ETV Bharat / state

কিয় অপহৃত মুছলেক আলী: অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তাত দোষ স্বীকাৰ - CHARAIDEO KIDNAPPING CASE

নামতোলাত ব্যৱসায়ী অপহৰণক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতেই অপহৃতই ক'লে নিজৰ কুকৰ্মৰ কথা ।

NAGA MISCREANTS KIDNAPPED CASE
অপহৃত ব্যৱসায়ীৰ ভিডিঅ' বাৰ্তা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 1:55 PM IST

Updated : Nov 26, 2024, 2:45 PM IST

মৰাণ: অসম আৰক্ষীক প্ৰত্যাহ্বান জনাই গধূলিতে নামতোলা আৰক্ষী চকীৰ সমীপৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই সোমবাৰে অপহৰণ কৰিছিল অসমৰ ব্যৱসায়ীক । মুছলেক আলী নামৰ ব্যৱসায়ীজনক নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত বহি থকা সময়ত সোমবাৰে সন্ধিয়া কোন নগা দুৰ্বৃত্তই অপহৰণ কৰিলে সেই কথা নিশ্চিত হোৱা নাই যদিও অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিস্ফোৰক ভিডিঅ'বাৰ্তা ৰাজহুৱা হৈছে ।

অপহৰণকাৰীৰ গোপন স্থানত কৱলত থকাৰ পৰাই প্ৰেৰণ কৰা হৈছে ভিডিঅ'টো । ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকা বাবে নগাৰ ৰোষত পৰিছে মুছলেক আলী সেই কথা নিশ্চিত হৈছে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ।

অপহৃত ব্যৱসায়ীৰ ভিডিঅ' বাৰ্তা (ETV Bharat Assam)

ভিডিঅ' বাৰ্তাত কি কৈছে মুছলেক আলীয়ে ?

ভিডিঅ'বাৰ্তাটোত এখন হাবিৰ মাজত দেখা গৈছে মুছলেক আলীক । অপহৰণকাৰীৰ নিদেৰ্শত মুছলেক আলীয়ে কৈছে, "মই ড্ৰাগছ বিক্ৰী কৰা বাবে এওঁলোকে মোক ধৰিছে । মই অসম আৰু নাগালেণ্ডৰ মানুহৰ মাজত ড্ৰাগছ বিক্ৰী কৰি বেয়া কাম কৰা বাবে মোক ধৰিছে ।"

ড্ৰাগছ সৰবৰাহৰ কৰি পুৰ্বেও জেললৈ গৈছিল মুছলেক :

অসম-নাগালেণ্ড সীমান্তৰ নামতোলা একাংশ লোকে ড্ৰাগছৰ ঘাটিলৈ পৰ্যবসিত হোৱাৰ অভিযোগ আছে । নামতোলাত ড্ৰাগছ সৰবৰাহ কৰা সকলৰ ভিতৰত অন্যতম আছিল অপহৃত মুছলেক আলী । পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত কাৰাবাস খাটিছিল মুছলেক আলীয়ে । ৰাইজক দেখাই গেলামালৰ দোকান দিয়া অপহৃত মুছলেক আলী অবৈধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে বিভিন্ন জনে ।

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা কাৰণে নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে যদিও ভিডিঅ'বাৰ্তাৰ পাছত ড্ৰাগছৰ বাবে মুছলেক আলী অপহৃত হোৱা কথাটো নিশ্চিত হ'ল ।

লগতে পঢ়ক:চৰাইদেউৰ নামতোলাত চাঞ্চল্যকৰ অপহৰণকাণ্ড: অসমৰ ব্যৱসায়ীক অপহৰণ নগা দুৰ্বৃত্তৰ

চাঞ্চল্যকৰ অপহৰণ; অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

Last Updated : Nov 26, 2024, 2:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.