ETV Bharat / state

খোৱাঙত ভয়ংকৰ ধুমুহা-বৰষুণত পথৰ মাজতে উভালি পৰিল প্ৰকাণ্ড গছ - Rain and thunderstorm in Khowang - RAIN AND THUNDERSTORM IN KHOWANG

Storm Hits Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙত নিশা ভয়ংকৰ ধুমুহা-বৰষুণ ৷ প্ৰকাণ্ড গছ উভালি পৰাত যোগাযোগ বিচ্ছিন্ন ৷ ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা ৷

Khowang hits by rain and thunderstorm : Damages reported in several parts
ডিব্ৰুগড়ৰ খোৱাঙত নিশা ভয়ংকৰ ধুমুহা বৰষুণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 12:02 PM IST

মৰাণ, 29 জুন: ডিব্ৰুগড়ত প্ৰকৃতিৰ কালৰূপ । বিগত কেইবাটাও দিন ধৰি ডিব্ৰুগড় জিলাত হোৱা মুষলধাৰ বৰষুণৰ ফলত ডিব্ৰুগড় চহৰখন কৃত্ৰিম বানৰ কবলত পৰাত জনজীৱন ব্যাহত হোৱাৰ লগতে চহৰৰ মাজমজিয়াত থকা সকলো কাৰ্যালয়, বিদ্যালয় বন্ধ কৰি দিবলগীয়া হৈছিল ।

ডিব্ৰুগড়ৰ খোৱাঙত নিশা ভয়ংকৰ ধুমুহা বৰষুণ (ETV Bharat Assam)

এই পৰিস্থিতিৰ কিছু শাম কটাৰ পাচতে পুনৰ জিলাখনৰ খোৱাঙত প্ৰকৃতিৰ তাণ্ডৱ লীলা ৷ শুকুৰবাৰৰ নিশা অহা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে স্থানীয় লোকসকলৰ স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাইছে । ধুমুহা-বৰষুণৰ ফলত ৰাজপথত উভালি পৰিল এডাল প্ৰকাণ্ড গছ ।

লগতে পঢ়ক: কৃত্ৰিম বানৰ কবলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ - Dibrugarh Artificial flood

জানিব পৰা মতে, খোৱাঙৰ আজাৰগুৰিৰ এটি পথত সংঘটিত হৈছে এই ঘটনা । গছডাল উভালি পৰাৰ ফলত বৈদ্যুতিক খুঁটা-তাঁ‌ৰৰ লগতে পথৰ কাষত থোৱা এটা নিৰ্মাণ কাৰ্যত ব্যৱহৃত মেচিন ক্ষতিগ্ৰস্ত হয় ৷ ইয়াৰ লগতে প্ৰকাণ্ড গছডাল স্থানীয় এটা হনুমান মন্দিৰত পৰাৰ ফলত মন্দিৰটোও ক্ষতিগ্রস্ত হয় বুলি জানিব পৰা গৈছে ।

গছডাল উভালি পৰাৰ পাচতেই খোৱাঙৰ লোকসকলে যোগাযোগৰ সমস্যাত ভুগিছে ৷ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা । বন বিভাগৰ লোক আহি ইতিমধ্যে উভালি পৰা গছজোপা আঁতৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । স্থানীয় লোকসকলৰ ঘৰ-দুৱাৰ আদিও ক্ষতিগ্ৰস্ত হয় ৷

লগতে পঢ়ক: চৌকিডিঙীৰ ৰাজপথত গছ বাগৰি পথচাৰী আহত

কিছুদিন পূৰ্বে চহৰখনৰ বৈৰাগীমঠ, চৌকিডিঙি, শ্মশানপাৰা, আমোলাপট্টি, পল্টনবজাৰ আদিকে ধৰি কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছিল । সম্প্ৰতি ডিব্ৰুগড়ত দুখনকৈ উৰণসেঁতুৰ নিৰ্মাণৰ কাম চলি আছে । যাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বহুতে দাবী কৰিছিল যদিও আন একাংশই ডিব্ৰুগড় চহৰৰ মূল নলা-নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবে এজাক বৰষুণতে ডিব্ৰুগড় চহৰখন বানত বুৰ গৈছে বুলি অভিযোগ তুলিছিল । সাধাৰণ ৰাইজেও ডিব্ৰুগড় পৌৰ নিগমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল ।

লগতে পঢ়ক: চলন্ত বাহনৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ - Heavy rain in Assam

প্ৰচণ্ড ধুমুহা-বৰষুণত অসমত তিনিজনৰ মৃত্যু, আহত বহুজন - Cyclone Remal

১০ জুনত হ’ব মাত্ৰাধিক বতাহ-বৰষুণ : বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা - Heavy Rain and Thunderstorm

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.