কোকৰাঝাৰ,২৭ মাৰ্চ: কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জনজাতিকৰণৰ বিষয়টোত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পিচত বি পি এফৰ জ্যেষ্ঠ নেতা, বিটিআৰৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বুধবাৰে কোকৰাঝাৰত খাম্পা বৰগয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, যি সময়ত চৰকাৰী বিষয়া, জিলা কৰ্তৃপক্ষ, ভিজিলেঞ্চ কমিটিয়ে কৈছিল নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ চাৰ্টিফিকেট আইনগত নহয় তেনে সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে ওলোটা ৰায়দান কৰাটো ৰহস্যজনক ।
- " class="align-text-top noRightClick twitterSection" data="">
গুৱাহাটী উচ্চ ন্যায়ালয়ে যি স্থগিতাদেশ জাৰি কৰিলে তাৰ একমাত্ৰ উদ্দেশ্য হ'ল নৱ কুমাৰ শৰণীয়াক আগন্তুক লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ প্ৰদান কৰা । ন্যায়ালয়ৰ যি ৰায়দান সেয়া চিধাকৈ বিটিচিৰ ৰাজনীতিত বড়ো-অবড়ো, জাতিক লৈ ৰাজনীতি কৰা, অকল অবড়োৰ বাবে কাম কৰাৰ মানসিকতা, এটা শ্ৰেণীৰ মানুহৰ বাবে কাম কৰা, বড়োসকলক ধ্বংস কৰিবৰ বাবে তেনেকুৱা ৰাজনৈতিক শক্তিক উৎসাহ যোগাবৰ বাবে এটা চক্ৰই উঠিপৰি লাগিছে ।
গতিকে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত আস্থা নাথাকিল বুলি উল্লেখ কৰে বৰগয়াৰীয়ে । মনোনয়ন দাখিলৰ সময়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নৱ কুমাৰ শৰণীয়াই দিয়া জনজাতিৰ চাৰ্টিফিকেট সন্দেহজনক, তেওঁ বড়ো কছাৰী নহয় বুলি অভিযোগ দাখিল কৰিব আৰু তৎসত্বেও যদি মনোনয়ন বাতিল নহয় তেনেহলে ৰাইজে বিচাৰ কৰিব বুলি উল্লেখ কৰে খাম্পা বৰগয়াৰীয়ে ।
বিগত ১০ বছৰে সাংসদ হৈ থাকি ৰাইজৰ একো কাম নকৰা নৱ কুমাৰ শৰণীয়াক ৰাইজে ভোট দিব বুলি নাভাৱো খাম্পা বৰগয়াৰীয়ে । মুক্ত আৰু নিকা নিৰ্বাচন বিচাৰিছো বুলি সংবাদমেলত মন্তব্য কৰি খাম্পা বৰগয়াৰীয়ে ইভিএমৰ ওপৰতো বিৰোধীৰ সন্দেহ থকা কথাটো তথা সংসদত উত্থাপন কৰাৰ কথা উল্লেখ কৰে ।
লগতে পঢ়ক: ডেৰ লাখতকৈ আধিক ভোটত জয়ী হোৱাৰ দাবী নৱ শৰণীয়াৰ - GSP Leader Naba Sarania