ETV Bharat / state

গোলাঘাটত উষ্ম আদৰণি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক - Kaziranga Lok Sabha constituency

Kamakhya Prasad Tasa: গোলাঘাটত কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক বিপুল আদৰণি জনাই বিজেপি আৰু অগপ দলে । বিজয় নিশ্চিত বুলি বক্তব্য কামাখ্যা প্ৰসাদ তাছাৰ ।

Kaziranga Lok Sabha constituency alliance candidate Kamakhya Prasad Tasa visits golaghat
কামাখ্যা প্ৰসাদ তাছা
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:09 PM IST

Updated : Mar 13, 2024, 7:41 PM IST

কামাখ্যা প্ৰসাদ তাছাৰ ভাষ্য

গোলাঘাট, 13 মাৰ্চ : ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি বুধবাৰে প্ৰথমবাৰলৈ গোলাঘাটত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ তথা কাজিৰঙা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা । অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি তেখেতে কয় যে বিজেপি দলে সদায় জনসাধাৰণ আৰু বিজেপি কৰ্মীসকলে যাক প্ৰাৰ্থিত্ব হিচাপে বিচাৰে তেনে ব্যক্তিক প্ৰাৰ্থিত্ব আগবঢ়াই আহিছে । কোন দলে প্ৰাৰ্থিত্ব দিছে বা নাই দিয়া সেই কথালৈ বিজেপি দলে চাই নাথাকে ।

আনহাতে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰে চাহ-বাগিচা অঞ্চলত কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি কৰা বক্তব্যৰ প্ৰত্যুত্তৰত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই কয় যে ৰ'জলীনা তিৰ্কীয়ে চাহ-বাগিচালৈ গৈ নোপোৱাকৈয়ে তেনেধৰণৰ মন্তব্য কৰিলে নহয় । চাহ-বাগিচাৰ মডেল স্কুল, জল জীৱন মিছনৰ জৰিয়তে পানী যোগান আঁচনি, বাগিচা অঞ্চলত বাট পথ, এম্বুলেন্স সেৱা প্ৰদান, দৰমহা বৃদ্ধি আদি একমাত্ৰ বিজেপি চৰকাৰেহে প্ৰদান কৰিছে বুলি মন্তব্য কৰে তাছাই ।

কংগ্ৰেছৰ শাসনকালত এই সুবিধাসমূহৰ পৰা চাহ-বাগিচাৰ লোকসকল বঞ্চিত হৈ আহিছিল । ইয়াৰ উপৰিও তেখেতে কয় যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সবল নেতৃত্বৰ বাবে পূৰ্বে ইন্দিৰা আৱাস যোজনাৰ আবাসগৃহ প্ৰদানৰ ক্ষেত্ৰত যি বেমেজালিৰ সৃষ্টি হৈ আহিছিল, বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ ক্ষেত্ৰত সেই বেমেজালি আঁতৰ হৈছে । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে চৰকাৰী চাকৰিৰ নামত যি দালাল ৰাজ আছিল তাক উৎখাত কৰি যোগ্যজনক চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছে আৰু এই প্ৰক্ৰিয়াত কোনো দালালৰ আশ্ৰয় ল’বলগীয়া হোৱা নাই ।

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজেপি চৰকাৰে আইন উলংঘা কৰি নিজৰ মইমতালিৰে শাসন ভাৰ চলাই আহিছে বুলি কৰা অভিযোগ খণ্ডণ কৰি তেওঁ কয় যে যদি আইন উলংঘা কৰি বিজেপি দলে শাসন ভাৰ চলাই গৈছে তেনেহ’লে তেখেত কিয় সংসদীয় ৰাজনীতিলৈ আহিছে ? যদি সংসদত আইন প্ৰণয়ন কৰে সেই সংসদৰ ওপৰত বিশ্বাস নাথাকিলে আইনৰ সহায় ল’ব লাগে ।

উল্লেখ্য যে আজি গোলাঘাটত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই পোনে পোনে বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশ লয় ৷ প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনায় নেতা-কৰ্মীয়ে ৷ এই আদৰণি অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, সম্পাদক সঞ্জীৱ দাস উপস্থিত হয় ৷ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটি প্ৰেক্ষাগৃহত অসম গণ পৰিষদ মিত্ৰদলে আয়োজন কৰা আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভূত হৈ পাৰে প্ৰাৰ্থীগৰাকী । উক্ত আদৰণি অনুষ্ঠানত অসম গণ পৰিষদৰ গোলাঘাট জিলাৰ সভাপতি ড৹ নৃপেন বৰুৱাই আদৰণি জনাই কামাখ্যা প্ৰসাদ তাছাক ।

আদৰণি অনুষ্ঠানৰ পাচতে অসম গণ পৰিষদ দলৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক আচিকুৰ ৰহমানে কয়, ‘কামাখ্যা প্ৰসাদ তাছাক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পাই আনন্দিত হৈছো আৰু বিপুল ভোটৰ ব্যৱধানত কামাখ্যা প্ৰসাদ তাছা জয় যুক্ত হ'ব ।’

লগতে পঢ়ক : বৰপেটা লোকসভা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী হ'ব মনোৰঞ্জন তালুকদাৰ

Last Updated : Mar 13, 2024, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.