ETV Bharat / state

কাৰ্গিল শ্বহীদ বীৰ জিণ্টু গগৈ: আজিও অৱহেলিত শ্বহীদ পৰিয়াল - 25th anniversary of Kargil War

Kargil Vijay Diwas 2024 : আজি 25 সংখ্যাক কাৰ্গিল বিজয় দিৱস । কেপ্টেইন জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উপলক্ষে আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক মৃণাল শইকীয়াই ৷

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 1:45 PM IST

Kargil Vijay Diwas 2024
আজি ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস (ETV Bharat)

গোলাঘাট, 26 জুলাই : চাওঁতে চাওঁতে পাৰ হ’ল 25 টাকৈ বছৰ ৷ পাকিস্তানী অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰি ভাৰতে ঐতিহাসিক কাৰ্গিল যুদ্ধত জয়লাভ কৰে ৷ এই জয়ৰ বাবদ দেশৰ বাবে শ্বহীদ হৈছিল বহুজন ৷ সেই শ্বহীদসকলৰ ভিতৰত অন্যতম আছিল অসমৰ বীৰ সন্তান কেপ্টেইন জিণ্টু গগৈ ৷

আজি দেশবাসীয়ে উদযাপন কৰিছে কাৰ্গিল বিজয় দিৱসৰ 25 বছৰীয়া জয়ন্তী ৷ কাৰ্গিল বীৰ শ্বহীদ জিণ্টু গগৈক সুঁৱৰি গোলাঘাট জিলাৰ খুমটাইত তেওঁৰ সমাধিস্থলীত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস । এই অনুষ্ঠানতে অংশ লৈ কাৰ্গিল বিজয় দিৱসৰ দিনটোত জিণ্টু গগৈৰ জ্যেষ্ঠ ভগ্নী আৰু খুড়ীয়েকে সংবাদ মাধ্যমৰ সন্মুখত ৰোমন্থন কৰে জিণ্টু গগৈৰ স্মৃতি ।

লগতে পঢ়ক : কাৰ্গিল অভিযানৰ বাবে কেনেধৰণৰ পৰিকল্পনা যুগুত কৰিছিল পাকিস্তানে ? - 25th anniversary of Kargil War

খুড়ীয়েকে সাংবাদিকৰ আগত কয় যে প্ৰতি বছৰে গোলাঘাট জিলা প্ৰশাসনক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হয় ৷ কিন্তু প্ৰশাসনৰ ফলৰ পৰা আজিলৈকে বীৰ শ্বহীদ জিণ্টু গগৈক সাৰোগত কৰি আয়োজন কৰা কোনো অনুষ্ঠানতে কোনোধৰণৰ সহযোগিতা কৰা নাই ৷ জিলা প্ৰশাসনে আজিলৈকে কাৰ্গিল শ্বহীদ বীৰ জিণ্টু গগৈৰ স্মৃতি চিৰযুগমীয়া কৰাৰ স্বাৰ্থত কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰা বুলি অভিযোগ কৰে শ্বহীদগৰাকীৰ পৰিয়ালে ।

আনহাতে, এই অনুষ্ঠানৰ লগত সংগ ৰাখি বীৰ শ্বহীদ জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত খুমটাই অঞ্চলৰ বিভিন্ন দল সংগঠন, NCC কেডাৰ, খুমটাইৰ ৰাজহ চক্ৰ বিষয়া পাপৰি দাসৰ লগতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণ কৰে ৷ তাৰ পাচতে খুমটাইৰ জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত কাৰ্গিল শ্বহীদৰ দেশপ্ৰেম আৰু জীৱনৰ আধাৰত ৰচনা লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক : কাৰ্গিল যুদ্ধ: ভাৰতৰ বিজয়ৰ আঁৰৰ কাহিনী ? - Kargil Vijay Diwas 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.