গুৱাহাটী,১ জুন: নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰীৰ পাহাৰ ৷ ধ্বংসকাৰীৰ তাণ্ডৱত এই পাহাৰৰ সেউজীয়া বুকু উদং হ'বলৈ ধৰিছে । একাংশ অবিবেচক লোকৰ কাৰ্য তথা নীতি বৰ্হিঃভূতভাৱে চলা খননৰ বাবেই সম্প্ৰতি অস্তিত্বহীন হোৱাৰ উপক্ৰম ঘটিছে পাহাৰৰ ৷ অবৈধ খননৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো এই ধ্বংসযজ্ঞ অব্য়াহত আছে । খননৰ লগতে প্ৰাকৃতিক কাৰণৰ বাবে হোৱা ভূমিস্খলনৰ পৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ কামৰূপ মহানগৰ জিলা প্রশাসনে জাৰি কৰিছে কিছু নিৰ্দেশনা ।
গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰি থকা পৰিয়াললৈ বাসস্থান খালী কৰাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা প্রশাসনে । ভূমিস্খলনপ্রৱন এলেকাত বাস কৰি থকা লোকসকলক তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলৈ জিলা প্রশাসনে পৰামৰ্শ আগবঢ়াইছে । মহানগৰীৰ প্ৰতিটো চক্ৰ বিষয়াৰ কার্যালয়ে নিজা ৰাজহ চক্ৰৰ অন্তৰ্গত ভূমিস্খলনপ্ৰৱণ এলেকাৰ বাসিন্দালৈ শেহতীয়াভাৱে এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে ।
চক্র বিষয়া কার্যালয়ে প্ৰেৰণ কৰা ভূমিস্খলন সতর্কতা জাননীত স্পষ্টভাৱে এই বিষয়ে উল্লেখ কৰা হৈছে । গুৱাহাটীৰ বহু অঞ্চল প্ৰতিবছৰে ভূমিস্খলনত ক্ষতিগ্রস্ত হৈ আহিছে । পাহাৰত অপৰিকল্পিতভাৱে কৰা নিৰ্মাণ আৰু অবৈধভাৱে মাটি কটাৰ ফলত ভূমিস্খলন হৈ জীৱন আৰু সম্পত্তিৰ ক্ষতি হৈছে। জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি সতৰ্ক কৰা হৈছে । বিপজ্জনক স্থান খালী কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলৈ পৰামৰ্শ দিছে ।
সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনে পাহাৰত অবৈধভাৱে মাটি কাটি নির্মাণকার্য চলোৱাৰ পৰা বিৰত থাকিবলৈও কামৰূপ মহানগৰ জিলা প্রশাসনে সকীয়াই দিছে । দুর্যোগ প্রশমন আইন ২০০৫ অনুসৰি চক্ৰ বিষয়া কার্যালয়ে এই নির্দেশনা জাৰি কৰিছে । উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্রশাসনে ইতিমধ্যে মহানগৰীৰ মুঠ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে ।
ইয়াৰে চূণচালিত ভূমিস্খলনৰ সম্ভাৱনা থকা সৰ্বাধিক ৭৭ টা স্থান আছে । তদুপৰি নুনমাটিত ৪০ টা, খাৰঘুলিত ৩৭ টা, খানাপাৰাত ৩৩ টা, নাৰেংগীত ৩১ টা আৰু হেঙেৰাবাৰীত ৩০ টা ভূমিস্খলনপ্ৰৱণ স্থান আছে । তদুপৰি ফটাশিলত ৫টা ,গড়ভঙাত ৯ টা, গোটানগৰত ৬টা, জালুকবাৰীত২ টা, কাহিলীপাৰাত ২৫ টা, নীলাচলত ৫ টা,কালাপাহাৰত ৭টা, খানাপাৰা৩৩ টা, কইনাধৰা ৫ টা, মালিগাঁও ৮ টা, নৱগ্রহ ৬টা, নৰকাসুৰত ১৪ টা, শান্তিপুৰ ২০ টা, শৰণীয়াত ৫ টা, শুক্ৰেশ্বৰ ত১ টা আদি অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনা থকা কেইবাটাও স্থান চিহ্নিত কৰিছে জিলা প্রশাসনে ।