ETV Bharat / state

গুৱাহাটীত নিৰ্মাণ হ’ব জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প : কলাগুৰুৰ সমাধিক্ষেত্ৰলৈ ১ কোটি টকা ঘোষণা - Bishnu Rabha Divas

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:46 PM IST

Himanta Biswa Sarma in Tezpur: তেজপুৰত অনুষ্ঠিত হ’ল কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱস ৷ কলাগুৰুৰ স্মৃতিত প্ৰদান কৰা হ’ল বঁটা ৷ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কেবাটাও ভাল খবৰ ৷

Himanta Biswa Sarma in Tezpur
তেজপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

তেজপুৰ / বিশ্বনাথ, ২০ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অংশগ্ৰহণ কৰে দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে ।

আনহাতে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনলৈ আজান পীৰ বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বঁটাত এখনি অংগবস্ত্ৰ, প্ৰশস্তি-পত্ৰ, শৰাই আৰু নগদ ধন আগবঢ়ায় ৷ আনহাতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিয়লি কলিবাৰীস্থিত কলাগুৰুৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

এইবেলি তেজপুৰত অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা দিৱস ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে গুৱাহাটীত জ্যোতি-বিষ্ণু সংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হ’ব, য’ত ৫ হাজাৰ আসন থাকিব আৰু ১ হাজাৰ গাড়ী ৰখাব পৰা ব্যৱস্থা থাকিব ।

লগতে পঢ়ক: চিৰাঙত কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন

তেওঁ কয় যে কলাগুৰুৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বতে ৫০ লাখ টকা আগবঢ়াইছিল আৰু আজি সমাধি ক্ষেত্ৰখন সমন্বয় ক্ষেত্ৰলৈ পৰিগণিত হৈছে ৷ এই সমন্বয় ক্ষেত্ৰলৈ ১ কোটি টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ শোণিতপুৰ জিলা আয়ুক্তক সমাধিক্ষেত্ৰৰ পৰা কলীয়া ভোমোৰা দলংলৈকে এক সুন্দৰ নৈসৰ্গিক শোভাবৰ্ধন কৰা পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজি তেজপুৰত নিৰ্মীয়মাণ অৱস্থাত থকা উৰণ সেতুও পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে 2025 বৰ্ষত এই উৰণ সেতুখন মুকলি কৰা হ’ব ৷ উল্লেখযোগ্য যে অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগে কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়োৱা কেইগৰাকীমান স্বনামধন্য ব্যক্তিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰে ৷

লগতে পঢ়ক: চৰকাৰে পাহৰিলে পূৰ্ণানন্দ গগৈক : আজিও নাপালে কোনো চৰকাৰী সুবিধা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হিচাপে আগবঢ়োৱা হৈছে আজান পীৰ বঁটা-২০২৩ আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা হিচাপে আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ৷ আনহাতে অমলপ্ৰভা দাস বঁটা বিশিষ্ট শিক্ষয়িত্ৰী-শিল্পী বন্দনা দত্তক, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা বিশিষ্ট সমাজসেৱিকা ড৹ সুনীতা চাংকাকতিক, গণেশ গগৈ বঁটা বিশিষ্ট কবি আনিছ উজ জামানক, মামণি ৰয়ছম গোস্বামী বঁটা বিশিষ্ট সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকাক, চৈয়দ আব্দুল মালিক বঁটা বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাক, আহমদ আলি বাঁশকান্দি বঁটা বিশিষ্ট সাহিত্যিক তৰেণ চন্দ্ৰ বড়োক, গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা বিশিষ্ট সংগীত শিল্পী শ্বাস্বতি ভট্টাচাৰ্যক আৰু ২০২৪ বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা বিশিষ্ট সাহিত্যিক, সমাজসেৱী জীৱেশ্বৰ মৰাণক একেলগে প্ৰদান কৰা হয় ।

উল্লেখ্য যে তেজপুৰস্থিত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আদি ৷

লগতে পঢ়ক: ওদালগুৰিত জুবিন গাৰ্গে উন্মোচন কৰিলে বিষ্ণু প্ৰসাদ ৰাভাৰ বিশাল প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.