ETV Bharat / state

এপ্ৰিলৰ ভিতৰত ৰূপায়ণ হ'ব ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ : মুখ্যমন্ত্ৰী - JUSTICE B K SARMA COMMISSION REPORT

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 10:43 PM IST

Implementation of Assam Accord: ২০২৫ চনৰ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগৰ প্ৰতিবেদন ৷ অহা ৩-৪ মাহত আছুৰ সৈতে আলোচনাত মিলিত হৈ ব’হাগ বিহুৰ পূৰ্বে ৫২টা পৰামৰ্শৱলী ৰূপায়ণৰ পৰ্যায়লৈ লৈ যোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দিছপুৰত সদৰী কৰে এই কথা ।

Implementation of Assam Accord
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ: অৱশেষত অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ বাবে অসম চৰকাৰে নিৰ্দিষ্ট সময়সীমা নিৰ্দ্ধাৰণ কৰিছে । অহা ২০২৫ চনৰ এপ্ৰিলৰ ভিতৰত এই প্ৰতিবেদন কাৰ্যকৰী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে শনিবাৰে দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত সদৰী কৰে ।

উল্লেখ্য যে যোৱা প্ৰায় তিনি বছৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অসম চুক্তিৰ ৬ নং দফা সম্পর্কত গঠন হোৱা কমিটীৰ প্ৰতিবেদনক লৈ হোঁহোকা-পিছলা কৰি আহিছিল । মুখ্যমন্ত্ৰী শৰ্মাই কয়, "বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত লখিমপুৰত যোৱা চাৰি ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেটত গুৰুত্বসহকাৰে বিশ্লেষণ কৰা হৈছিল । প্ৰতিবেদনৰ ৬৭টা পৰামৰ্শৰ ভিতৰত ৫৭টা পৰামৰ্শই ৰাজ্যৰ কেবিনেটে অনুমোদন দিছিল ।"

লগতে পঢ়ক: বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন : মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান - Assam Accord Implementation

তেওঁ লগতে কয়, "৬৭ টা পৰামৰ্শৰ ভিতৰত ৫২ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ এক্তিয়াৰৰ ভিতৰত পৰে । তাৰ ভিতৰত যিসমূহ বিষয় বি টি আৰ, বৰাক আৰু ডিমা‌ হাচাও এলেকাত সামৰি আছে সেই বিষয়সমূহ পৰৱৰ্তী সময়ত আলোচনাৰ মাধ্যমেৰে কৰা হ'ব ।"

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, "২০২৫ চনৰ এপ্ৰিলৰ ভিতৰত ৫২টা পৰামৰ্শ বাস্তৱায়িত কৰাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে । আছুৰ লগত আলোচনা কৰি আগবঢ়া হ'ব । বাকী ১৫ টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ ভিত্তিত সমাধান কৰা হ'ব ।" তেওঁ কয়, "প্রতিবেদনৰ অধিকাংশ পৰামৰ্শই ৰাজনৈতিক সহমতৰ জৰিয়তে অসম চৰকাৰে নিজাববীয়াকৈ বাস্তৱায়িত কৰিব পাৰে । নির্দিষ্ট কেইটামান পৰামৰ্শ বাস্তৱায়িত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা উল্লেখনীয় হ'ব ।"

লগতে পঢ়ক: বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেবিনেটৰ কৰ্তৃত্বক লৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ - Assam Accord Clause 6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.