যোৰহাট : উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত । কিয়নো ২০২৫-২০২৭ বৰ্ষৰ বাবে যোৰহাট জিলা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । যোৰহাট জিলা সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ সাংগঠনিক নিৰ্বাচনৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ বাবে মনোনয়ন পত্ৰৰ দাখিলৰ পাছতেই বেলট পেপাৰ দিয়া প্ৰক্ৰিয়া বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে । যাক লৈ অসম সাহিত্য সভাৰ সমাজৰত্ন ডাঃ নৱীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত ব্য়স্ততা দেখিবলৈ পোৱা গৈছে ।
নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ
সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা শাখাসমূহলৈ বেলট পেপাৰ লৈ যোৱা প্ৰক্ৰিয়াও আৰম্ভ হৈছে । বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ ভিতৰত বেলট পেপাৰসমূহ যোৰহাট সাহিত্য সভা কাৰ্যালয়ৰ পৰা লৈ যোৱাৰ বাবে দিন ধাৰ্য কৰা হৈছে । এইসমূহ বেলট পেপাৰ জিলা কাৰ্যালয়ৰ পৰা নিজা নিজা শাখালৈ লৈ যাব শাখাসমূহে । ২০২৫-২০২৭ বৰ্ষৰ বাবে সভাপতি পদৰ বাবে প্ৰতাপ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰ নাথ হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰিছে । একেদৰে উপ-সভাপতি পদৰ বাবে অনুপ অৰূপ গোস্বামী, মণিৰাম লাহন আৰু মাধৱ মহন্তই প্ৰতিদ্বন্দ্বিতাত নামিছে । সম্পাদক পদৰ প্ৰাৰ্থী হৈছে প্ৰফুল্ল ভুঞা, প্ৰশীল কুমাৰ বৰা, মিতালী শইকীয়া আৰু মৃদুল শইকীয়া ।
একেদিনাই ভোটগণনা আৰু ফলাফল ঘোষণা
আনহাতে যোৰহাট জিলাত ৪০ খন শাখা সাহিত্য সভা আছে যদিও ৩৯ খন শাখাই ভোটদান কৰিব পাৰিব । কাৰণ নতুন সংবিধানৰ মতে আদৰণি সমিতিয়ে উক্ত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে । শাখাসমূহে যোৰহাট জিলা কাৰ্যালয়ত বেলটসমূহ ১৪ ডিচেম্বৰত জমা দিব আৰু উক্ত দিনাই ফলাফল ঘোষণা কৰা হ'ব বুলিও নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে ।
লগতে পঢ়ক :স্বস্তি ! প্ৰথমবাৰৰ বাবে ৰেলৰ ইঞ্জিনত চালকৰ বাবে প্ৰস্ৰাৱগাৰ