যোৰহাট,৩১ আগষ্ট : উৎকোচ লৈ ৰাজ্যত পুনৰ ধৰা পৰিল চৰকাৰী বিষয়া । এইবাৰ স্থান যোৰহাট । যোৰহাটৰ বঙালপুখুৰীত থকা জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত হ'ল এই ঘটনা । উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই হাতে-লোটে ধৰা পেলালে ঔষধ পৰিদৰ্শকক । ইতিমধ্যে ঔষধ পৰিদৰ্শক তেজেন্দ্ৰ শইকীয়াক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই আটক কৰা বুলি জানিব পৰা গৈছে ।
- উৎকোচ লৈ আটক ঔষধ পৰিদৰ্শক
জানিব পৰা মতে, অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত ঔষধ পৰিদৰ্শক তেজেন্দ্ৰ শইকীয়াই এজন ব্যক্তিৰ পৰা ৪,৫০০ টকা উৎকোচ লৈছিল । সেই সময়তে গুৱাহাটীৰ পৰা যোৱা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে আটক কৰে ঔষধ পৰিদৰ্শকগৰাকীক । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়তে সোধ-পোছ অব্যাহত ৰাখিছে । ইফালে ঘটনাটোৰ অধিক তদন্তৰ বাবে বিষয়াগৰাকীক পৰৱৰ্তী সময়ত গুৱাহাটীৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে ।
লক্ষণীয়ভাৱে দুৰ্নীতিগ্ৰস্ত ঔষধ পৰিদৰ্শকজনৰ কুকৰ্মৰ বিষয়ে পূৰ্বৰে পৰা অৱগত আছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা । নিৰ্দিষ্ট অভিযোগৰ ভিত্তিতে অভিযানকাৰী দলটোৱে অভিযান চলাই কাৰ্যালয়ত আটক কৰে ঔষধ পৰিদৰ্শকজনক ।
- পূৰ্বেও গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিগ্ৰস্ত বিষয়া
উল্লেখ্য যে কেইবামাহ পূৰ্বে টিম্বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল যোৰহাট জিলা বন বিভাগৰ এগৰাকী বিৰ্তকিত ৰেঞ্জাৰ । আনকি তেওঁৰ ভাড়াঘৰৰ পৰা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই কেইবা লাখ টকাও উদ্ধাৰ কৰিছিল । সেই ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইবাৰ ঔষধ পৰিদৰ্শক কাৰ্যালয়ত উৎকোচ লোৱাৰ ঘটনাই সমগ্ৰ যোৰহাটত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক :কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন নকলেৰে অখিল গগৈৰ প্ৰতিবাদী বেনাৰ - Akhil Gogoi Cartoon row