ETV Bharat / state

যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত সংখ্যা ৪৩ জন - Japanese encephalitis

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 8:16 PM IST

Japanese encephalitis: যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত সংখ্যা ৪৩ জন, ১ জনৰ মৃত্যু । এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা ৪৪ জন, মৃত্যু ৭ জনৰ । ডেংগুত আক্ৰান্ত সংখ্যা ৫৩ ।

Japanese encephalitis
জাপানীজ এনকেফেলাইটিছ (ETV Bharat Assam)

যোৰহাট,২৫ জুলাই: ৰাজ্যজুৰি বিয়পিছে জাপানীজ এনকেফেলাইটিছৰ আতংক । ব্যতিক্ৰম নহয় যোৰহাটো । যোৰহাটত এনকেফেলাইটিছ সদৃশ আৰু জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ছবিখন সন্দৰ্ভত এক আভাস দিয়ে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ডি কে দেৱশৰ্মাই । তেওঁ কয় যে যোৰহাট জিলাত বৰ্তমান এনকেফালাইটিছ সদৃশ ৰোগত ৪৪ জন লোক আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত ৭ জনে মৃত্যুক আকোঁৱালি লৈছে ।

জাপানীজ এনকেফেলাইটিছ (ETV Bharat Assam)

এনকেফেলাইটিছ সদৃশ ৰোগৰ সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছত ৪৩ জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত এজন লোক মৃত্যুমুখত পৰিছে । ইতিমধ্যে ৭১ হাজাৰ লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা বিপৰীতে ৫০ হাজাৰ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰা হৈছে । আনহাতে জাপানীজ এনকেফেলাইটিছৰ দৰে ডেংগুৰ প্ৰাদুৰ্ভাৱৰ পৰাও ৰক্ষা পোৱা নাই সৰ্বসাধাৰণ ৰাইজে । ডেংগুৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত যুটীয়া সঞ্চালকগৰাকীয়ে কয় যে আজি পৰ্যন্ত ৫৩ জন লোক ডেংগুত আক্ৰান্ত হৈছে ।

বহিঃৰাজ্যৰ বিশেষকৈ পশ্চিম বংগ আৰু বিহাৰৰ পৰা অহা লোকৰ দেহত প্ৰথমৱস্থাত ডেংগুৰ অৱস্থিতি ধৰা পৰিছিল আৰু তেওঁলোকৰ পৰা অন্য লোকৰ দেহলৈ বিয়পি পৰিছিল । বহিঃৰাজ্যৰ পৰা অহা ২৩ জন লোক ডেংগুত আক্ৰান্ত হৈছে আৰু এই সংখ্যা বৰ্তমান ৫৩ লৈ বৃদ্ধি পাইছে । আনহাতে এনকেফেলাইটিছৰ ভয়াৱহতাক লৈ যি ধৰণে সৰ্বত্ৰে প্ৰচাৰ চলিছিল তেনেধৰণে ভয়াৱহ ৰূপ ধাৰণ কৰা নাই বুলি উল্লেখ কৰে যুটীয়া সঞ্চালকগৰাকীয়ে । আনহাতে এনেধৰণৰ ৰোগ প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ বাবে স্বাস্থ্য বিভাগে অভিলেখ সংখ্যক সজাগতা শিবিৰ অনুষ্ঠিত কৰা বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: স্বাস্থ্য বিভাগে লুকুৱাইছে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য : অভিযোগ আদিবাসী মহিলা সন্থাৰ - Japanese Encephalitis in Assam

জাপানীজ এনকেফেলাইটিছৰ সংহাৰ : জি এম চি এইচত বৰ্তমানলৈ মৃত্যু ১৩ জনৰ - Japanese Encephalitis

মৰিগাঁৱত জাপানীজ এনকেফেলাইটিছত শিশুসহ তিনিজনৰ মৃত্য়ু - Japanese Encephalitis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.