ETV Bharat / state

শিশুৰ মৃত্যুৰ লগতে হাস্পতালৰ সম্পত্তি ধ্বংস ঘটনাৰো হ'ব দণ্ডাধীশ পৰ্যায়ৰ তদন্ত - CHILD DEATH AT JMCH

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:00 PM IST

Controversy at JMCH : শিশুৰ মৃত্যুৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সম্পত্তি ধ্বংস ঘটনাৰো দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা আয়ুক্তৰ । বুধবাৰে ভুল চিকিৎসাৰ বাবে এটি শিশুৰ মৃত্যু হোৱাৰ অভিযোগত একাংশই চিকিৎসা মহাবিদ্যালয়খনৰ আচবাব ভাঙি সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

JMCH property destruction case announces magisterial-level probe in Jorhat
JMCH ৰ সম্পত্তি ধ্বংস ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা (ETV Bharat Assam)

যোৰহাট,১১ জুলাই: বুধবাৰে এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত একাংশ লোকে খিৰিকীৰ আইনা পৰ্যন্ত ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ তাৰ পিচতেই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ মানৱজ্যোতি গোহাঁইয়ে ৷ শিশুৰ মৃত্যু আৰু দুস্কৃতিকাৰীৰ ধ্বংসলীলা, দুয়োটা ঘটনা গুৰত্ব সহকাৰে গ্ৰহণ কৰি তদন্ত ঘোষণা কৰে যোৰহাট জিলা প্ৰশাসনে ।

বৃহস্পতিবাৰে যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষকগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় । লগতে পৰিয়ালটোক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে । আনহাতে চিকিৎসা মহাবিদ্যালয়খনৰ আচবাব ভঙা ঘটনাৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হয় বুলি জানিবলৈ দিয়ে যোৰহাট জিলা আয়ুক্ত মহন্তই ।

উল্লেখ্য যে, জিলাখনৰ চেউনি গাঁৱৰ মঞ্জিত দাস আৰু শিৱানী দাস নামৰ দম্পতীটোৰ এঘাৰমহীয়া কন্যা সন্তানটি চাৰিদিন পূৰ্বে জ্বৰত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ চিকিৎসকৰ তত্বাৱধানত থকাৰ পিচত ক্ৰমাৎ সুস্থ হ’বলৈ ধৰা কন্যা শিশুটিক বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যোৱাৰ যো-জা চলোৱাৰ সময়তে শিশুটিক হাস্পতালখনৰ এগৰাকী নাৰ্চে পুৱাৰ ভাগত ককাকে কোলাত লৈ থকা অৱস্থাতে এটা বেজী দিবলগীয়া আছে বুলি কৈ বেজী দিয়ে ৷

পিচে বেজীটো শিশুটিৰ শৰীৰত প্ৰয়োগ কৰাৰ কিছু সময় পিচতে শিশুটিৰ শৰীৰটো ৰঙা পৰি যোৱাৰ লগতে মূৰ্ছা যায় ৷ এই মূৰ্ছা যোৱাৰ পিচত শিশুটিয়ে পুনৰ চকু দুটি মেলাৰ পৰিৱৰ্তে মৃত্যুক আঁকোৱালি লয় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ৷ ইয়াতে খৰ্গহস্ত হৈ একাংশ উত্তেজিত লোকে চিকিৎসালয়খনৰ আই চি ইউৰ গ্লাচ আৰু আচবাব ভাঙি ক্ষতিসাধন কৰিছিল । ইয়াৰ লগে লগে শিশুটিৰ মৃত্যুৰ সম্পৰ্কত যোৰহাট জিলা চিকিৎসা বিষয়াৰ নেতৃত্বত গঠন কৰা হয় তদন্ত সমিতি । আনহাতে এটি শিশু ভুল চিকিৎসাৰ বশবৰ্তী হৈ মৃত্যু হোৱাৰ অভিযোগ তুলি একাংশ লোকে চিকিৎসা মহাবিদ্যালয়খনৰ আচবাব ভঙা ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে জিলা আয়ুক্তই ।

লগতে পঢ়ক: 11 জুলাইত আছিল জন্মদিন : কাৰ ভুলৰ বাবে আকস্মিক মৃত্যুক সাৱটিলে যোৰহাটৰ কণমানিটিয়ে - CHILD DEATH AT JMCH

যোৰহাটৰ কণমানিটিৰ অন্তিম সৎকাৰ সম্পূৰ্ণ : কান্দি কান্দি কেক কাটিলে পিতৃ-মাতৃয়ে - CHILD DEATH IN JMCH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.