ETV Bharat / state

নিৰ্দোষী প্ৰাক্তন আলফা সদস্য হাৰাশাস্তিৰ সন্মুখীন হ’লে পুনৰ ৰাষ্ট্ৰবিৰোধী চিন্তা কৰিব : জীতেন দত্ত - Ex ULFA Coordination Committee

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 9:14 PM IST

Ex ULFA press conference in Jorhat : আলফা(স্বা)ৰ বোমা সংস্থাপনৰ বাবে নিৰ্দোষী প্ৰাক্তন আলফা সদস্যক হাৰাশাস্তি নকৰিবলৈ আহ্বান জীতেন দত্তৰ ৷ প্ৰাক্তন আলফা সমন্নয়ৰক্ষী সমিতিয়ে চৰকাৰৰ ওচৰত ভিক্ষা নোখোজে বুলি মন্তব্য প্ৰাক্তন আলফা নেতাগৰাকীৰ ৷

Ex ULFA press conference in Jorhat
প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল (ETV Bharat Assam)

যোৰহাট, ১৯ আগষ্ট : ‘‘ আমি আলফালৈ কাৰো আমন্ত্ৰণক্ৰমে যোৱা নাছিলো ৷ নিজেই গৈছিলো আৰু নিজেই মূল সুঁতিলৈ উভতি আহিছো ৷ ঘূৰি আহি নিজে কিদৰে সংস্থাপিত হ’ব পাৰো তাৰ চিন্তা কৰিছো ৷ আমি চৰকাৰৰ পৰা কিবা বিচৰা নাই ৷ কিয়নো আমাক চৰকাৰে আলফালৈ পঠিওৱা নাছিল ৷ আমি বৰ্তমান বিচাৰো কেৱল অৰ্থনৈতিক সংগ্ৰাম ৷ এই সংগ্ৰাম কৰিব বিচাৰো কৃষিৰ জৰিয়তে ৷ আমি বিচাৰো এক কৰ্মসংস্কৃতি গঢ় দিবলৈ ৷ আমি বিচাৰো কৃষিৰ জৰিয়তে সংগ্ৰাম কৰি আগবাঢ়ি যাবলৈ ৷’’ এই মন্তব্য সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সমিতিৰ জাতীয় অৰ্থনৈতিক পৰিকল্পনা ৰূপায়ন বিভাগৰ মুখ্য সম্পাদক জিতেন দত্তৰ ৷

সোমবাৰে যোৰহাট চেণ্ট্ৰেল ক্লাবত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এক সতীৰ্থ সন্মিলনৰ অন্তত অনুষ্ঠিত এক সংবাদমেলত এইদৰে উল্লেখ কৰাৰ লগতে জীতেন দত্তই লগতে কয়, ‘‘ আমি বহু সংগ্ৰাম কৰিলো ৷ এই সংগ্ৰাম কৰি আমি হেৰুৱাই পেলালো কৰ্মসংস্কৃতি ৷ আমি কৰ্মসংস্কৃতিবিহীন জাতিলৈ পৰিণত হ’লো ৷ যাৰ বাবে আমাৰ যুৱকসকল বহিঃৰাজ্যলৈ গৈছে সংস্থাপনৰ বাবে ৷ কিন্তু আমি বিচাৰো অসমতে অসমৰ যুৱকসকল থাকি নিজে নিজৰ ভৰিত থিয় দিয়ক ৷’’

জীতেন দত্তই কয়, ‘‘ আমি কোনোধৰণৰ সংঘাত নিবিচাৰো ৷ কিয়নো ভাতৃঘাতী সংঘৰ্ষৰ ফলত এটা জাতি শেষ হৈ যায় ৷ সেইবাবে আমি গুৰুত্ব দিছো অৰ্থনৈতিক সংগ্ৰামৰ ক্ষেত্ৰত ৷ সেই সংগ্ৰাম হ’ব কৃষিৰ জৰিয়তে ৷ ইতিমধ্যে আমি ধুবুৰীত ৩৫৪ বিঘা কৃষিভূমিত কৃষিকাৰ্য আৰম্ভ কৰিছো ৷ আমাৰ লক্ষ্য- ৰাজ্যৰ প্ৰতি জিলাতে এইদৰেই কৃষিকৰ্ম আগুৱাই লৈ যোৱা ৷ কিয়নো অৰ্থনৈতিক সংগ্ৰামৰ জৰিয়তেহে এটা জাতি আগুৱাই যাব পাৰিব ৷’’

আনহাতে আজিৰ সংবাদমেলত উপস্থিত থাকি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক মৃদুল বৰাই কয়, ‘‘যোৱা দুই-তিনিদিন ধৰি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ নামত কিছুমান আমাৰে প্ৰাক্তন আলফা সতীর্থই ভুৱ অভিযোগ আনি আমাক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে ৷ শেহতীয়াকৈ আলফাই অতীতৰ ভুলৰ পৰা একো নিশিকা যেন লাগিছে ৷’’

তেওঁ কয়, ‘‘ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা অসমত সি কাৰ্য সংঘটিত হ’ল, তাত আমাৰ দুৰ্ঘোৰ আপত্তি থাকিলেও আমাৰ আপত্তিৰ কোনো মূল্য নাই যেন উপলব্ধি হয় ৷ অসমৰ বিভিন্ন জিলাৰ ২৫ ঠাইত যিদৰে পৰেশ বৰুৱাই বোমা সংস্থাপন কৰা বুলি বাতৰিযোগে জনাইছে ৷ অনুপ চেতিয়াৰ ঘৰত দুটা বোমা পোতা বুলি পৰেশ বৰুৱাই অনুপ চেতিয়াক টেলিফোনযোগে জনাইছে ৷ আমি জানিব পৰা মতে অসম চৰকাৰে কিন্তু অনুপ চেতিয়াৰ পানীতোলাৰ গৃহ চৌহদত বোমা উদ্ধাৰ কৰা নাই ৷’’

মৃদুল বৰাই কয়, ‘‘বিভিন্ন বাতৰি কাকতৰ পৰা জানিব পৰা মতে অনুপ চেতিয়াৰ ঘৰত বোমাবোৰ সদৌ অসম প্ৰাক্তন আলফা সমন্বস্বৰক্ষী সমিতিৰ প্ৰৰোচনাত প্ৰৰোচিত হৈহে পৰেশ বৰুৱাই সংস্থাপিত কৰিছিল ৷ এই কথা বিভিন্ন বাতৰিযোগে পোৱামতে পৰেশ বৰুৱাই অনুপ চেতিয়াক ফোনযোগে জনাইছে ৷ এতিয়া পৰেশ বৰুৱাই আমাৰ সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কোনবোৰ সদস্যৰ দ্বাৰা প্ৰৰোচিত হৈ অনুপ চেতিয়াৰ বাসগৃহত বোমা সংস্থাপিত কৰিছিল সেই কথা মুকলিকৈ অসমৰ জনগণৰ আগত দেখুৱাই দিবলৈ আহ্বান জনাইছো ৷ ওপৰে ওপৰে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিক দোষাৰোপ কৰাটো সমীচিন হোৱা নাই ৷ ব্যক্তিগতভাৱে কাৰোবাৰ ওপৰত আক্ষেপ থাকিব পাৰে, কিন্তু তাক লৈ এনে কুটিল ৰাজনীতি কৰিব নালাগে ৷ আমি জ্ঞাত যে অনুপ চেতিয়াই দিনটোত ১০/১৫ বাৰ পৰেশ বৰুৱাৰ লগত যোগাযোগ কৰে ৷ কিন্তু আমাৰ কোনো সদস্যৰ পৰেশ বৰুৱাৰ লগত যোগাযোগ নাই ৷’’

পুনৰ জীতেন দত্তই কয়, ‘‘আমাৰ সদস্যক হাৰাশাস্তি কৰি থাকিলে আমাৰ সদস্য পুনৰ ৰাষ্ট্ৰবিৰোধীৰ কামৰ পিনে ধাৱমান হোৱাৰ স্থল থাকি যায় ৷ দোষী যদি মোকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক ৷’’ আজিৰ সংবাদমেলত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ হৈ কেন্দ্ৰীয় সভাপতি মিনাৰাম গগৈ, উপ-সভাপতি অমৰ সিং, অনন্ত বৰা, ৰমেন ডেকা, ধ্ৰুৱজ্যোতি কলিতা, মৃদুল বৰা, অনিৰ্বাণ গোহাঁই প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : অতীতৰ ভুলৰ পৰা আলফা(স্বাঃ)ই শিক্ষা গ্ৰহণ কৰা নাই : প্ৰাক্তন আলফা ঐক্য মঞ্চ

লিংকমেনৰ সন্দেহ : নলবাৰীত প্ৰাক্তন আলফা পদ্মলোচন দাস ওৰফে উদ্গৰীণ অসমক আটক

কলিয়াবৰত হঠাৎ কিয় আৰক্ষীয়ে মাতি নিলে 13 জনকৈ প্ৰাক্তন আলফা সদস্যক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.